/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/1oukhp7_ukraine-crisis-afp-650_625x300_25_February_22.jpg)
ডিজিটেল ডেস্ক: আত্মসমৰ্পন নকৰাৰ বাবে ১৩ গৰাকীকৈ ইউক্ৰেইনৰ সেনাক হত্যা কৰিলে ৰাছিয়ান সৈন্যই।ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা সংঘৰ্ষৰ পাছতেই পোহৰলৈ আহিছে বহু ভয়ংকৰ খবৰ।
ৰাছিয়াৰ আক্ৰমণৰ সময়ত এটা অডিঅ' ক্লিপ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে।অডিঅ' ক্লিপৰ শুনিবলৈ পোৱা অনুসৰি স্নেক দ্বীপৰ প্ৰতিৰক্ষা কৰা ইউক্ৰেইনৰ সৈনিক সকলক ৰাছিয়াৰ যুদ্ধজাহাজৰ পৰা সতৰ্কবাণী প্ৰেৰণ কৰা হৈছিল । কিন্তু ইউক্ৰেইৰ সেনাবাহিনীয়ে আত্মসমৰ্পন কৰিবলৈ অস্বীকাৰ কৰাত ৰাছিয়ান সৈন্যই গুলীবৰ্ষণ কৰে য'ত ১৩ জনকৈ ইউক্ৰেইনৰ সৈন্য নিহত হয়।
The 13 heroes of #UKRAINE 🇺🇦 army soldiers who were stationed on snake island in the audio, one says 'This is it ' they are heard telling #Russian warship to go 'fuck yourself' all died defending just 25 miles away from #NATO Territory #Ukrainian #UkraineInvasion #RussianArmy pic.twitter.com/fDdCVuc0Cz
— BAHAKA (@Petebahaka) February 25, 2022
অডিঅ' ৰ পৰা গম পোৱা অনুসৰি, ৰাছিয়াৰ এখন জাহাজে ওচৰলৈ আহি আউটপ'ষ্টৰ সৈতে যোগাযোগ কৰিছিল।তাৰপাছতে তেওঁলোকে কৈছিল যে "এয়া ৰাছিয়াৰ যুদ্ধজাহাজ। মই আপোনালোকক অস্ত্ৰ সমৰ্পণ কৰিবলৈ আৰু আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনাইছো অন্যথা মই গুলী চালনা কৰিম"।
ইয়াৰ প্ৰত্যুত্তৰত ইউক্ৰেইনৰ এজন ৰক্ষীক কোৱা শুনা যায় যে তেওঁলোকে এয়া নকৰে। তাৰপাছতেই অশ্লীল শব্দ হৈ ৰাছিয়ান সৈন্যক উভতিব কৈছিল।কিন্তু ৰাছিয়াই তেওঁলোকৰ ওপৰত গুলীবৰ্ষণ কৰে য'ত ১৩ জন সৈনিকৰ মৃত্যু হয়।
এই ঘটনাৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে।তেওঁ কয় যে নিহত হোৱা ১৩ গৰাকী সৈনিক 'ইউক্ৰেইনৰ হিৰো'। উল্লেখ্য় যে, ৰাছিয়াক বাধা দিবলৈ বহু দেশে চেষ্টা কৰিছে যদিও এতিয়ালৈকে কাৰো কথাত কেৰেপ কৰা নাই ৰাছিয়াই।