/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/84c3bc68-5884-40f0-9ba3-fb726350a487/AP_FOR_WEB_bangla.jpg)
বাংলাদেশত ৰে'ল, যানবাহন, শিক্ষানুষ্ঠানত অগ্নি সংযোগঃ ৪ জনৰ মৃত্যু...
ডিজিটেল সংবাদ ঢাকাঃ উত্তপ্ত হৈ উঠিছে বাংলাদেশ। ৭ জানুৱাৰী, ২০২৪ ত অনুষ্ঠিত হ'ব বাংলাদেশৰ সংসদৰ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ। এই ভোটগ্ৰহণলৈ মাজত মাত্ৰ কেইটামান সময় বাকি থকাৰ সময়তে ৬ জানুৱাৰী, শনিবাৰে উত্তপ্ত হৈ পৰিছে বাংলাদেশ।
জ্বলাই দিয়া হৈছে ৰে'লৰ সৈতে আন যাবাহন, ভোট গ্ৰহণ কেন্দ্ৰ আদি। এই ঘটনা সংঘটিত কৰিছে বিৰোধী মিত্ৰজোঁটৰ সমৰ্থকে। এই হিংসাত্মক পৰিস্থিতিত ৪ জনকৈ লোকৰ মৃত্যু হৈছে। প্ৰতিমুহূৰ্ততে খবৰ আহিছে এটাৰ পাছত এটাকৈ ভোট কেন্দ্ৰ জ্বলাই দিয়াৰ খবৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/b2854ad3-6b2e-41a3-a827-c62872f625de/a062bab9_9ded_4030_ada0_c5f421d3e3ad.jpg)
শুকুৰবাৰে নিশাৰ পৰা শনিবাৰে পুৱা ১০ বজালৈকে প্ৰায় ১৬ ঘণ্টা সময়ত ১৪ টাকৈ স্থানত অগ্নি সংযোগৰ খবৰ লাভ কৰিছে অগ্নি নিৰ্বাপক বাহিনীয়ে। বিৰোধী বি এন পিৰ নেতৃত্বাধীন ১২ দলীয় মিত্ৰজোঁটে এই নিৰ্বাচন বৰ্জন কৰি আজিৰ পৰা ২৪ ঘণ্টাৰ হৰতালৰ আহ্বান কৰিছে।
তেওঁলোকে এই নিৰ্বাচন প্ৰত্যাহাৰ কৰাৰ দাবী উত্থাপন কৰিছে। তেওঁলোকৰ দাবী বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ পদত্যাগ আৰু লাখ লাখ বিৰোধী সমৰ্থকক কাৰাগাৰৰ পৰা মুক্তি দিয়া। ইয়াৰোপৰি তেওঁলোকে বিচাৰিছে নিৰপেক্ষ নিৰ্বাচন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/dbe2f694-7518-4172-8dce-24cd71d04d40/cea49745_048c_4b24_b1db_753433f2ba15.jpg)
এনে পৰিস্থিতি১৬ ঘণ্টাত ৬ খন বাহন, এটা বৌদ্ধ মন্দিৰ, ৮ খনকৈ শৈক্ষিক প্ৰতিষ্ঠানত অগ্নি সংযোগ কৰা হৈছে। বেনাপোল এক্সপ্ৰেছ ৰে'লখনত অগ্নি সংযোগ কৰাৰ ফলত ৪ জন লোকৰ মৃত্যু হৈছে।
অগ্নি নিৰ্বাপক সেৱাৰ মুখ্য কাৰ্যালয়ৰ মতে, জুইত এখন ৰে'ল (চাৰিটা ডবা), দুখন পিকআপ, এখন ট্ৰাক, দুখন অন্য বাহন, এটা বৌদ্ধ মন্দিৰ আৰু আঠখন শিক্ষানুষ্ঠান জ্বলিছে। অগ্নি নিৰ্বাপক সেৱা আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ মুঠ ৩২ টা গোট আৰু ১৫১ জন জোৱানে এই জুই নিৰ্বাপিত কৰা কামত জড়িত হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/f347e53f-6b24-4024-bb81-5ef172bfb16a/9d49ef5c_b33d_439c_8cf6_7c6754a56d06.jpg)
শুকুৰবাৰে নিশা প্ৰথমে নাৰায়ণগঞ্জৰ ফতুল্লাৰ পঞ্চবাটি চাৰিআলিত এখন পিক-আপ ভানজ্বলাই দিয়া হয়। ইয়াৰ উপৰিও, সন্ধিয়া ৭:০৫ বজাত ঢাকাৰ গোপীবাগত বেনাপোল এক্সপ্ৰেছ ৰে'লত অগ্নিকাণ্ড সংঘটিত হয়।
শনিবাৰে হাবিগঞ্জৰ চুনাৰুঘাটত এখন প্ৰাথমিক বিদ্যালয়ত জুই লগোৱা হয়। পুৱা প্ৰায় ১:২৪ বজাত গাজীপুৰৰ পুৰবা চন্দনা প্ৰাথমিক বিদ্যালয়ত জুই লাগে। পুৱা ২:৪৪ বজাত গাজীপুৰ টি এন টি আদৰ্শ উচ্চ বিদ্যালয়ত অগ্নিকাণ্ড সংঘটিত হয়। একে সময়তে, চিলেট দক্ষিণৰ ৭মাইল এলেকাত এখন ট্ৰাকত জুই লাগে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/ff179bfd-5c36-47a6-bbec-edf408e39395/379259ca_150f_4b20_98fb_6b35ceefa199.jpg)
ইয়াৰ উপৰিও, পুৱা প্ৰায় ৩:৪৫ বজাত ফেনি সদৰ লালপুৰৰ লাটুমিয়া দলঙত দুখন আৱৰি থকা ভানত জুই লাগে। পুৱা ২:৫০ বজাত বৌদ্ধ মন্দিৰ ৰামুত অগ্নিকাণ্ড সংঘটিত হয়। পুৱা ৪:৩৩ বজাত প্ৰাথমিক বিদ্যালয়ৰ গাফাৰগাঁৱত সংঘটিত হয় আন এক অগ্নিকাণ্ড।
পুৱা ৫ বজাত চিটাগং মহানগৰ প্ৰাথমিক বিদ্যালয়ৰ নিচিন্তপাৰাৰ পৰা আহে অগ্নিকাণ্ডৰ খবৰ। পুৱা প্ৰায় ৫:৫০ বজাত ফকিৰহাট, সীতাকুণ্ডাৰ মোস্তফা ফিলিং ষ্টেচনৰ সন্মুখত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/1e1f8df6-3036-4518-a75a-193b01db8103/ec337697_fefe_4828_bbc2_27cef8f72608.jpg)
পুৱা ৬:৩৪ বজাত শ্বেৰপুৰ বাজিতখিলা প্ৰাথমিক বিদ্যালয়ত অগ্নিকাণ্ড সংঘটিত হয়। পুৱা প্ৰায় ৮:০৫ বজাত গাজীপুৰৰ কালিয়াকোইৰ প্ৰাথমিক বিদ্যালয়ত অগ্নিকাণ্ড সংঘটিত হয়। পুৱা প্ৰায় ৯:১৫ বজাত মইমনসিঙৰ নন্দাইল উপজিলাৰ হৰিপুৰ প্ৰাথমিক বিদ্যালয়ত অগ্নিকাণ্ড সংঘটিত হয়। এই আটাইবোৰ শিক্ষানুষ্ঠানেই আছিল ভোটগ্ৰহণ কেন্দ্ৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/b2e0a573-5eed-45dc-8615-120b6aaeeaa6/e6f5ca90_868b_4ce5_aa01_d2a1fd22206d.jpg)