চীন নহয়, তিস্তা প্ৰকল্পত অৰ্থ ব্যয় কৰিব ভাৰতেঃ বাংলাদেশৰ সৈতে আলোচনা সম্পন্ন...

জুলাইৰ বেইজিং ভ্ৰমণৰ পূৰ্বেই দিল্লী ভ্ৰমণ কৰিব শ্বেখ হাছিনাই
চীন নহয়, তিস্তা প্ৰকল্পত অৰ্থ ব্যয় কৰিব ভাৰতেঃ বাংলাদেশৰ সৈতে আলোচনা সম্পন্ন...
চীন নহয়, তিস্তা প্ৰকল্পত অৰ্থ ব্যয় কৰিব ভাৰতেঃ বাংলাদেশৰ সৈতে আলোচনা সম্পন্ন...

মাছুম বিল্লাহ, ঢাকাঃ বাংলাদেশৰ তিস্তা জল সংৰক্ষণ প্ৰকল্পলৈ বিপুল পৰিমাণৰ অৰ্থ যোগান আগবঢ়োৱাৰ প্ৰস্তাৱ দিছিল চীনে। কিন্তু এই প্ৰকল্পত চীনৰ অৰ্থ যোগান ধৰা বা যিকোনো প্ৰকাৰে জড়িত হৈ পৰাতো ভাৰতৰ নিৰাপত্তাৰ দিশটোৰ বাবে বিপদজনক। এনে প্ৰেক্ষাপটত চীন যাতে এই প্ৰকল্পত কোনো কাৰণতে জড়িত হ'ব নোৱাৰে তাৰ বাবে ভাৰতে এই প্ৰকল্পৰ বাবে ঢাকাক অৰ্থ যোগান ধৰাৰ প্ৰস্তাৱ আগবঢ়াইছে।

বৃহস্পতিবাৰে ঢাকাত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু বিদেশমন্ত্ৰী ড০ হাছান মাহমুদৰ সৈতে এক বৈঠকত মিলিত হৈ এই প্ৰস্তাৱ আগবঢ়াইছে ভাৰতৰ বৈদেশিক সচিব বিনয় কোৱাট্ৰাই। এই বৈঠকৰ পিছতেই বিদেশমন্ত্ৰী হাছান মাহমুদে কয় তিস্তা প্ৰকল্পত ভাৰত অৰ্থ যোগান ধৰিবলৈ আগ্ৰহী।

তেওঁ কয়, ''তিস্তাক লৈ আলোচনা হৈছে। তিস্তাত আমি এক বৃহৎ প্ৰকল্প হাতত লৈছোঁ। ভাৰতে ইয়াত অৰ্থ যোগান ধৰিব বিচাৰিছে। আমি কৈছোঁ, তিস্তাত যি প্ৰকল্প হ'ব সেয়া আমাৰ প্ৰয়োজন অনুসৰি হ'ব। আমাৰ যাতে প্ৰয়োজন পূৰণ হয়।''

তিস্তাৰ এই প্ৰকল্পত ভাৰতৰ দৰেই চীনেও অৰ্থ যোগান ধৰিব বিচাৰিছে। এই সন্দৰ্ভত বাংলাদেশ চৰকাৰ স্থিতি সন্দৰ্ভত বিদেশমন্ত্ৰীগৰাকীয়ে কয়- ভাৰতে এই ক্ষেত্ৰত সহায় কৰিবলৈ আগবাঢ়ি অহা বিষয়টোক লৈয়ে আজি আলোচনা হৈছে।

ভাৰতৰ বিদেশ সচিবৰ সৈতে আলোচনা কৰাৰ বিষয় সন্দৰ্ভত ড০ হাছানে কয়- ''ভাৰতৰ সৈতে আমাৰ বহু মাত্ৰিক আৰু সুন্দৰ সম্পৰ্ক। যি সম্পৰ্ক প্ৰধানমন্ত্ৰী শেখ হাছিনা আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত নতুন উচ্চতাত উপনীত হৈছে। আমি যোগাযোগ ব্যৱস্থাৰ সন্দৰ্ভত বিস্তাৰিতভাৱে আলোচনা কৰিছোঁ।''

বাংলাদাশীৰ বাবে ভাৰতীয় ভিছা সহজ কৰাৰ বিষয়ে আলোচনা কৰাৰ সন্দৰ্ভত তেওঁ কয়, ''প্ৰতিবছৰে বাংলাদেশৰ ১৬-১৭ লাখ মানুহৰ বাবে ভাৰতে ভিছা ইছ্যু কৰে। বিশ্বৰ সৰ্বোচ্ছ ভিছা ইছ্যু কৰে বাংলাদেশে। অনেক সময়ত ভিছা পাবলৈ বহু অপেক্ষা কৰিবলগীয়া হয়। সেয়ে এই বিষয়টি আলোচনা কৰা হয়।''

ইফালে বৈঠকৰ অন্তত ভাৰতৰ বিদেশ সচিবগৰাকীয়ে কয়, ''বাংলাদেশৰ ভাৰতীয় ভিছা কেন্দ্ৰৰ সক্ষমতা বৃদ্ধি কৰাৰ বাবে অধিক কৰ্মচাৰী নিয়োগ কৰা হৈছে আৰু অতিৰিক্ত কিবা উদ্ভাৱণী ব্যৱস্থা কৰিব পৰা যায় নেকি সেই বিষয়ে চিন্তা চৰ্চা অব্যাহত আছে। বাংলাদেশ চৰকাৰে ভিছাৰ গোটেই প্ৰক্ৰিয়াটো অনলাইন মাধ্যমত কৰাৰ বাবে অনুৰোধ জনাইছে। অনলাইনত আবেদন কৰিসলে সহজেই গোটেই প্ৰক্ৰিয়াটো সম্পন্ন হ'ব। আমি এই বিষয়ে চিন্তা, চৰ্চা অব্যাহত ৰাখিছোঁ।''

আনহাতে ভাৰতৰ পৰা নেপাল হৈ বাংলাদেশলৈ বিদ্যুৎ আমদানিৰ বিষয়ত বিদেশমন্ত্ৰীগৰাকীয়ে কয়, ''আমি ফিজিকেল কানেক্টিভিটি লৈ আলোচনা কৰিছোঁ। এয়া বহুদূৰ আগবাঢ়িছে। বিশেষকৈ নেপাল আৰু ভূটানক ট্ৰানজিট দিয়া আৰু এই দুই দেশৰ পৰা জলবিদ্যুৎ আমদানি কৰাৰ ক্ষেত্ৰত সহযোগিতা কৰা। ইতিমধ্যে নেপালৰ পৰা জলবিদ্যুৎ আমদানি কৰাৰ ক্ষেত্ৰত সকলো চূড়ান্ত হৈছে।''

প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই প্ৰথমে দিল্লী নে বেইজিং ভ্ৰমণ কৰিব এনে এক প্ৰশ্নৰ অতি কৌশলেৰে উত্তৰ দিছে বৈদেশিক মন্ত্ৰী ড০ হাছান মাহমুদে। তেওঁ এই প্ৰশ্নৰ উত্তৰত কয় "দিল্লী আমাৰ ওচৰত আছে। বেইজিং বহু দূৰত আছে। লগতে তেওঁ কয়, "অৱশ্যে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ হ'ব। ভাৰতত নিৰ্বাচন চলি আছে। নিৰ্বাচনৰ পিছত চৰকাৰ গঠন কৰা হ'ব। তেতিয়া এইটো সিদ্ধান্ত লোৱা হ'ব যে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ কেতিয়া হ'ব।প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই জুলাইৰ প্ৰথম সপ্তাহত বেইজিং ভ্ৰমণ কৰিব। ইয়াৰ পূৰ্বেই তেওঁ দিল্লী ভ্ৰমণ কৰিব।

উল্লেখ্য যে, ঢাকাৰ এক সূত্ৰই প্ৰকাশ কৰা মতে শ্বেখ হাছিনাই ভাৰতৰ লোকসভা নিৰ্বাচনৰ পিছতেই দিল্লী ভ্ৰমণ কৰাৰ কথা আছে। আশা কৰা গৈছে, জুনৰ কোনো এক সময়ত তেওঁ দিল্লী যাব। এই ভ্ৰমণ জুনৰ শেষ ভাগত হোৱাৰেই সম্ভাৱনা অধিক।

চীন নহয়, তিস্তা প্ৰকল্পত অৰ্থ ব্যয় কৰিব ভাৰতেঃ বাংলাদেশৰ সৈতে আলোচনা সম্পন্ন...
প্ৰচণ্ড ধুমুহাত বঢ়মপুৰ নৱম অসম আৰক্ষী বাহিনীৰ কাৰ্যালয়ৰ বিস্তৰ ক্ষতি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in