দেশবিহীন খেলুৱৈৰ দল : টীম ৰিফিউজী

অলিম্পিকত নিজ দেশক নেতৃত্ব দি দেশৰ পতাকা সমগ্ৰ বিশ্বৰ সন্মুখত দাঙি ধৰাৰ গৌৰৱ অনুধাৱন কৰিব পাৰে কেৱল খেলুৱৈ কেইজনেহে ।

author-image
Asomiya Pratidin
New Update
দেশবিহীন খেলুৱৈৰ দল : টীম ৰিফিউজী

ডিজিটেল ডেস্ক : প্ৰাচীন গ্ৰীচৰ অলিম্পিয়াত অনুষ্ঠিত হোৱা ক্ৰীড়া সমাৰোহেই বিভিন্ন উত্থান পতনৰ মাজেৰে আহি হৈছিল অলিম্পিক । এই অলিম্পিকত নিজ দেশক নেতৃত্ব দি দেশৰ পতাকা সমগ্ৰ বিশ্বৰ সন্মুখত দাঙি ধৰাৰ গৌৰৱ অনুধাৱন কৰিব পাৰে কেৱল খেলুৱৈ কেইজনেহে । গৌৰাৱান্ৱিত হয় সমগ্ৰ দেশবাসী কিন্তু সংগ্ৰামত অৱতীৰ্ণ হয় খেলুৱৈ কেইজন । কিন্তু অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিও নিজ দেশৰ পতাকা দাঙি ধৰিব নোৱাৰাৰ দৰে দুৰ্ভগীয়াও আছে এই বিশ্বতেই । প্ৰতিযোগিতাত স্থান লাভ কৰিও নিজা দেশবাসীৰ পৰা লাভ নকৰে কোনো প্ৰশংসামূলক অথবা শুভেচ্ছা বাণী । কিয়নো এই দলটিয়ে ত্যাগ কৰিছে নিজৰ দেশ । এই দল শৰণাৰ্থী সকলৰ দল । এওলোকৰ নাই নাগৰিকত্ব, নাই উৰুৱাবলৈ পতাকা, নাই স্থায়ী ঠিকনা ।

Advertisment

যুদ্ধ, সংকট, সামাজিক অস্থাৱৰতাই দেশ ত্যাগ কৰিবলৈ বাধ্য কৰে হেজাৰ হেজাৰ লোকক । প্ৰাণৰ মায়াত আশ্ৰয় লয় নিকটৱৰ্তী দেশ সমূহত । কিন্তু এই অবৈধ শৰণাৰ্থী সকলক নাগৰিকত্ব প্ৰদান কৰাটোও এক সমস্যা চৰকাৰৰ বাবে । তেনেস্থলত সমগ্ৰ জীৱনৰ বাবেই কেৱল শৰণাৰ্থীৰ ৰূপতেই ৰৈ যায় এই সকল লোক । কিন্তু এওঁলোকৰো আছে সপোন । অথচ নাগৰিক নহ'লে কিদৰে যোগদান কৰে দেশখনৰ অলিম্পিক দলত ।

এই সকল লোকৰ বাবে ২০১৬ চনৰ ৰিঅ' অলিম্পিকৰ পূৰ্বে আন্তৰ্জাতিক অলিম্পিক কমিটিয়ে প্ৰস্তাৱনা দাখিল কৰিলে শৰণাৰ্থী দল এটিৰ বাবে । প্ৰস্তাৱনা মৰ্মেই তৈয়াৰ কৰা হ'ল দলটি । বিশ্বৰ বিভিন্ন প্ৰান্তত থকা শৰণাৰ্থী সকলৰ মাজৰ পৰা বাচনি কৰা হ'ল খেলুৱৈ । যোগদান কৰিলে ৰিঅ' অলিম্পিকত । তাৰ পাছতেই থমকি নৰ'ল দলটি । ২০২৪ চনৰ পেৰিচ অলিম্পিকৰ বাবে এতিয়া খেলুৱৈ সকলক দিয়া হ'ব বৃত্তি । দেশ সমূহে খেলুৱৈ সকললৈ আগবঢ়োৱা আৰ্থিক সাহায্য যিহেতু এই খেলুৱৈ সকলে লাভ নকৰে তেনে স্থলত স‍াহায্য আগবঢ়াব অলিম্পিক সন্থাই ।

নিজা বাসগৃহৰ পৰা দূৰৈত এই সকল লোকে এতিয়া বিচাৰি পাইছে এটা পৰিচয় । এতিয়া কেৱল শৰণাৰ্থী নহয় এই সকল লোক । আছে একোটা নাম, সমগ্ৰ বিশ্বতেই স্বীকৃত এওঁলোকৰ পৰিচয় ।

আৰু পঢ়ক : দা লিটল বয় ফ্ৰ'ম ৰোজাৰিয়ো...

olympic