দাড়ি নহ’লে প্ৰৱেশ বন্ধ চৰকাৰী কাৰ্যলয়ত…

দাড়ি নহ’লে প্ৰৱেশ বন্ধ চৰকাৰী কাৰ্যলয়ত…

author-image
asomiyapratidin
New Update
দাড়ি নহ’লে প্ৰৱেশ বন্ধ চৰকাৰী কাৰ্যলয়ত…

ডিজিটেল ডেস্ক: দাড়ি নথকা লোকে প্ৰৱেশ কৰিব নোৱাৰিব চৰকাৰী কাৰ্যলয়ত। এই নতুন নিয়ম ঘোষণা কৰিছে তালিবানে। আফগানিস্তান তালিবানৰ দখললৈ অহাৰ পাছতেই বিভিন্ন ধৰণৰ নতুন নিয়ম লৈ আহিছে তালিবানে।

Advertisment

ইয়াৰ মাজতে এই নতুন নিয়ম ঘোষণা কৰে তালিবানে।জানিব পৰা মতে  সোমবাৰে আফগানিস্তানত দাড়ি নথকা লোক সকলক চৰকাৰী কাৰ্যলয়ত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ল।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে তালিবানে টুপী পিন্ধাকলৈও বিশেষ নিৰ্দেশনা জাৰি কৰিছিল। আৰু এতিয়া দাড়িক লৈ এয়া নতুন নিৰ্দেশ জাৰি কৰিছে।

তালিবানক সমৰ্থন কৰা একাংশইও এই নিৰ্দেশনাৰ নিন্দা কৰিছে।কিয়নো ইছলামে কেতিয়াও কাকো দাড়ি ৰখাৰ ক্ষেত্ৰত কোনো আদেশ দিয়া নাই।

অৱশ্যে এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও তালিবানে মহিলাকলৈও বহু নিৰ্দেশ জাৰি কৰিছিল। কিছুদিন পূৰ্বে জাৰি কৰা নিৰ্দেশনা অনুসৰি মহিলা সকলৰ শিক্ষা, যাত্ৰা, কাম আদিৰ ক্ষেত্ৰত বহু বাধ্য বাধাকতা আৰোপ কৰা হয়।

taliban afganishtan