Advertisment

ভাৰতক সহযোগী আখ্যা তালিবান চৰকাৰৰঃ পাকিস্তানক ভাৰতৰ কূটনৈতিক হেঁচা...

আফগানিস্তানৰ তালিবান চৰকাৰৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰি আহিছে ভাৰত চৰকাৰে। যদিও এতিয়ালৈকে তালিবান চৰকাৰক ভাৰতে আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া নাই তথাপিও সু-সম্পৰ্ক ৰক্ষা কৰি আহিছে।

author-image
Asomiya Pratidin
New Update
ভাৰতক সহযোগী আখ্যা তালিবান চৰকাৰৰঃ পাকিস্তানক ভাৰতৰ কূটনৈতিক হেঁচা...

ডিজিটেল ডেস্কঃ আফগানিস্তানৰ তালিবান চৰকাৰৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰি আহিছে ভাৰত চৰকাৰে। যদিও এতিয়ালৈকে তালিবান চৰকাৰক ভাৰতে আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া নাই তথাপিও সু-সম্পৰ্ক ৰক্ষা কৰি আহিছে।

Advertisment

বুধবাৰে তালিবান চৰকাৰৰ বিদৈশ মন্ত্ৰীৰ সৈতে ভাৰতৰ বিদেশ সচিব বিক্ৰম মিছৰিৰ আনুষ্ঠানিক বৈঠকৰ পাছতে ভাৰত আৰু আফগানিস্তানৰ তালিবান চৰকাৰৰ মাজৰ সম্পৰ্কক লৈ আকৌ নতুনকৈ চৰ্চা আৰম্ভ হৈছে।

ডুবাইত বুধবাৰে ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিছৰি আৰু আফগানিস্তানৰ তালিবান চৰকাৰৰ বৈদেশীক মন্ত্ৰীৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায়। এই বৈঠকৰ পাছতে তালিবান চৰকাৰে এক বিবৃতি প্ৰকাশ কৰি ভাৰতক তেওঁলোকৰ গুৰুত্বপূৰ্ণ আঞ্চলিক সহযোগী আখ্যা দিছে।  

২০২১ চনত তালিবান শাসনলৈ অহাৰ পিছত, পূৰ্বৰ আশ্ৰাফ ঘানি চৰকাৰৰ কূটনীতিবিদসকলে ভাৰত ত্যাগ কৰিছিল। তেওঁলোকে আন দেশত আশ্ৰয় লয়। কিয়নো  দিল্লীয়ে আফগানিস্তানৰ তালিবান চৰকাৰক স্বীকৃতি দিয়া নাই।

কিন্তু এতিয়া আনুষ্ঠানিকভাৱে দুয়ো দেশৰ মাজত হোৱা এই বৈঠকে বহু গুৰুত্ব লাভ কৰিছে। বহুতেই প্ৰশ্ন উত্থাপন কৰিছে হঠাত কিয় ভাৰতে এইদৰে তালিবান চৰকাৰৰ বৈদেশিক মন্ত্ৰীৰ সৈতে মুকলি বৈঠকত বহিল?

মন কৰিবলগীয়া যে এই বৈঠক এনে এক সময়ত অনুষ্ঠিত হৈছে যিসময়ত ভাৰতৰ চুবুৰীয়াৰ সৈতে সম্পৰ্ক বিঘ্নিত হৈছে।

বাংলাদেশে ইতিমধ্যে পাকিস্তানৰ সৈতে সম্পৰ্ক ঘনিষ্ঠ কৰিছে। পাকিস্তান এতিয়া হৈ পৰিছে বাংলাদেশৰ পৰম মিত্ৰ। মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰো ইছলামাবাদৰ কাষলৈ চাপিবলৈ আগ্ৰহী হৈছে। পাকিস্তানৰ জাহাজে চিটাগং বন্দৰত ভিৰ কৰিছে।

পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বন্ধুত্ব শক্তিশালী কৰিবলৈ ঢাকালৈ আহিছে। কেৱল সেয়াই নহয়, তেওঁ বাংলাদেশক 'হেৰুৱা ভাতৃ' বুলি উল্লেখ কৰিছিল।

সেয়ে এতিয়া ভাৰতে আফগানিস্তানৰ তালিবান চৰকাৰৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি কৰা বুলি চৰ্চা হৈছে।কাৰণ পাকিস্তানৰ সৈতে আফগানিস্তানৰ তালিবান চৰকাৰৰ সম্পৰ্ক একেবাৰে ভাল নহয়। শেহতীয়াকৈ,  এই সম্পৰ্ক অধিক অৱনতি হৈছে।

সেয়েহে, নতুন দিল্লীয়ে আফগানিস্তানৰ সৈতে বন্ধুত্বৰ সম্পৰ্ক গাঢ় কৰি পাকিস্তানলৈ এক বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে বুলি অনুমান কৰা হৈছে। তাৰোপৰি পাকিস্তানে যাতে আফগানিস্তানৰ ভূমি ব্যৱহাৰ কৰি ভাৰত বিৰোধী অভিযান চলাব নোৱাৰে তাৰ বাবেও এক সতৰ্কতামূলক পদক্ষেপ হিচাপে চিহ্নীত হৈছে এই প্ৰচেষ্টা। 

সেয়েহে ভাৰত আৰু আফগানিস্তানৰ এই মুকলি বৈঠকক 'মাষ্টাৰষ্ট্ৰোক' বুলি গণ্য কৰা হৈছে। উল্লেখ্য যে, তালিবান চৰকাৰে যোৱা বছৰ ভাৰতত এজন ৰাষ্ট্ৰদূত নিযুক্ত কৰিছে। অৱশ্যে, আফগানিস্তানৰ তালিবান চৰকাৰক আজিলৈকে দিল্লীয়ে স্বীকৃতি দিয়া নাই। কিন্তু এতিয়া ভাৰতে এই চৰকাৰক স্বীকৃতি দিবলৈ আগবাঢ়িছে বুলি জানিব পৰা গৈছে। 

 

আফগানিস্তান তালিবান