উদ্বিগ্ন ৰাষ্ট্ৰসংঘঃ মৌলিক স্বাধীনতা হেৰুইছে আফগান মহিলা, শিশুৱে...

প্ৰতিবেদন অনুসৰি তালিবানে আফগান মহিলা কৰ্মচাৰীসকলক কাম কৰাৰ ক্ষেত্ৰত জাৰি কৰিছে নিষেধাজ্ঞা ৷ বিভিন্ন সময়ত প্ৰগতিকামী সমাজে মানি নচলা বহু কঠোৰ নীতি নিয়ম দেশখনত জাপি দি আহিছে সন্ত্ৰাসবাদী সংগঠনটোৱে
আফগান মহিলা কৰ্মচাৰীসক নিষেধাজ্ঞা
আফগান মহিলা কৰ্মচাৰীসক নিষেধাজ্ঞা

ডিজিটেল ডেস্কঃ তালিবান বুলিলেই কঁপি উঠে সমগ্ৰ বিশ্ব ৷ এই তালিবানে ২০২১ চনৰ পৰা আফগানত আধিপত্ত্য বিস্তাৰ কৰি আহিছে ৷

শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত উন্মোচিত হৈছে এক উদ্বেগজনক তথ্য ৷ প্ৰতিবেদন অনুসৰি তালিবানে আফাগান মহিলা কৰ্মচাৰীসকলক কাম কৰাৰ ক্ষেত্ৰত জাৰি কৰিছে নিষেধাজ্ঞা ৷ বিভিন্ন সময়ত প্ৰগতিকামী সমাজে মানি নচলা বহু কঠোৰ নীতি নিয়ম দেশখনত জাপি দি আহিছে সন্ত্ৰাসবাদী সংগঠনটোৱে ৷

শেহতীয়াকৈ দেশখনত মহিলা আৰু শিশুৰ ক্ষেত্ৰত বিভিন্ন নিষেধাজ্ঞা জাৰি কৰিছে ৷ বিগত বৰ্ষৰ নৱেম্বৰ মাহত সংগঠনটোৱে মহিলাই পাৰ্ক, জিম আৰু চুইমিং পুললৈ যোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছিল ৷ লগতে মহিলা আৰু শিশুসকলক বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় সকলোতে শিক্ষাগ্ৰহণত বাধা প্ৰদান কৰিছিল ৷

ইয়াৰ উপৰি মহিলাই বুৰ্খা পৰিধান কৰাৰ লগতে পোছাক পৰিধান কৰোতে মাত্ৰ চকুজুৰিহে প্ৰকাশ হৈ থাকিব লাগিব বুলিও কঠোৰ সকয়নি প্ৰদান কৰিছিল ৷ তদুপৰি যদিহে কোনো আফগান মহিলাই ৭২ কিলোমিটাৰত কৈ অধিক দূৰত্বৰ বাট ভ্ৰমণ কৰে তেনেহ’লে কোনো পুৰুষ আত্মীয় লগত যোৱাতো বাধ্যতামূলক কৰিছিল ৷ যাৰ ফলত মহিলাই দেশখনত হেৰুৱাই পেলাইছে মৌলিক স্বাধীনতা৷

ইয়াৰ উপৰি ফেব্ৰুৱাৰী মাহত এগৰাকী অধ্যাপকক তালিবান চৰকাৰৰ মহিলাৰ শিক্ষাৰ ওপৰত নিষেধাজ্ঞাক লৈ স্পষ্ট সমালোচনা কৰাৰ বাবে গ্ৰেপ্তাৰ কৰিছিল তালিবানে ৷

আফগান মহিলা কৰ্মচাৰীসক নিষেধাজ্ঞা
লণ্ডনৰ চিত্ৰ প্ৰদৰ্শনীত অসমৰ শিল্পীৰ পুথিচিত্ৰ প্ৰদৰ্শন....

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in