হোটেলৰ কোঠাত প্ৰতিৰক্ষা বিভাগৰ শীৰ্ষ বিষয়াৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য…

হোটেলৰ কোঠাত প্ৰতিৰক্ষা বিভাগৰ শীৰ্ষ বিষয়াৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য…

author-image
asomiyapratidin
New Update
হোটেলৰ কোঠাত প্ৰতিৰক্ষা বিভাগৰ শীৰ্ষ বিষয়াৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য…

ডিজিটেল ডেস্ক : বৰ্তমানেও অব্যাহত আছে টাইৱানক লৈ চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত তীব্ৰ উত্তেজনা । আমেৰিকাৰ সংসদৰ অধ্যক্ষ নেন্সী পেলোচিৰ ইণ্ডো-পেছিফিক ভ্ৰমণে দক্ষিণ পূৱ এছিয়াৰ ৰাজনীতি জটিল কৰি তোলাৰ পিছতে ৪ আগষ্ট বৃহস্পতিবাৰে হঠাত চীনে জাপানৰ আকাশমাৰ্গেৰে পাঁচটা মিছাইল নিক্ষেপ কৰে । এনেবোৰ ঘটনাৰ মাজতে হোটেলৰ এটা কোঠাত টাইৱানৰ প্ৰতিৰক্ষা বিভাগৰ এগৰাকী শীৰ্ষ বিষয়া উইয়াং লি-শ্বিঙৰ  মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ।

Advertisment

উল্লেখ্য যে হৃদক্ৰিয়া বন্ধ হৈ টাইৱানৰ প্ৰতিৰক্ষা বিভাগৰ শীৰ্ষ বিষয়া গৰাকীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। তেওঁ টাইৱানৰ মিছাইল বিকাশ কাৰ্যসূচীৰ এগৰাকী মুৰব্বী বিষয়া হিচাপে কৰ্তব্যৰত আছিল।

উল্লেখ্য যে, যি সময়ত চীনে টাইৱানক তেওঁলোকৰ অধীন বুলি কৈ আহিছে তেনে সময়তে টাইৱানে নিজকে স্বাধীন ৰাষ্ট্ৰৰ আখ্যা দিয়ে । নেন্সী পেলোচিৰ টাইৱান ভ্ৰমণে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত চীনৰ এই দাবীক নাকচ কৰাৰ আশংকাত চীনে পেলোচিৰ এই ভ্ৰমণৰ বিৰোধিতা কৰাৰ লগতে টাইৱানকো আমেৰিকাৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ সকিয়নি প্ৰদান কৰিছিল ।

আৰু পঢ়ক :আঙুৰলতা ডেকাক গ্ৰেপ্তাৰৰ দাবীত ধেমাজিত আটাছুৰ অৱস্থান ধৰ্মঘট…

america china tiwan