১৯ মাৰ্চত পৃথিৱলৈ আহিব মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সতীৰ্থ...

আঠ মাহতকৈ অধিক সময় মহাকাশত বাস কৰাৰ পিছত নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলমৰক পৃথিৱীলৈ ঘূৰাই অনাৰ সকলো পৰিকল্পনা চূড়ান্ত হৈছে।

author-image
Asomiya Pratidin
New Update
১৯ মাৰ্চত পৃথিৱলৈ আহিব মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সতীৰ্থ...

ডিজিটেল ডেস্কঃ আঠ মাহতকৈ অধিক সময় মহাকাশত বাস কৰাৰ পিছত নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলমৰক পৃথিৱীলৈ ঘূৰাই অনাৰ সকলো পৰিকল্পনা চূড়ান্ত হৈছে। সকলো ঠিকেই থাকিলে সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলমৰ অহা ১৯ মাৰ্চত মহাকাশৰ পৰা পৃথিৱীলৈ ঘূৰি আহিব। 

উল্লেখ্য যে, ৮ দিনৰ বাবে মহাকাশলৈ যোৱা এই দুই মহাকাশচাৰীয়ে ৮ মাহ অতিক্ৰম কৰিলে মহাকাশত। ইয়াৰ মাজতেই আন্তৰ্জাতিক মহাকাশ ষ্টেচনৰ বাহিৰত মহাকাশত ৫ ঘণ্টা সময় থাকি ৰেকৰ্ড গঢ়িছিল সুনীতা আৰু বুশ্বে।

কিছুদিন পূৰ্বে সুনীতাই জনাইছিল যে, মহাকাশত ইমানদিন থাকি তেওঁৰ বেয়া লগা নাই। তেওঁলোক তাত বন্দী হৈ আছে বুলি ভৱা নাই। তেওঁলোকৰ বাবে খাদ্য পানী সকলো আছে। সেয়ে স্পেছ ষ্টেচনকে নিজৰ ঘৰ যেন লাগিছে তেওঁলোকৰ। মন গ’লে স্পষ্ট ষ্টেচনক বাহিৰলৈ গৈ এপাক ঘূৰিও আহিছে তেওঁলোক।

আনহাতে কিছু দিন পূৰ্বে নাছাই জনাইছিল ২৫ মাৰ্চত তেওঁলোকক পৃথিৱীলৈ ঘূৰাই অনা হ’ব। কিন্তু শেহতীয়াকৈ সুনীতাই মহাকাশৰ পৰাই জনোৱা অনুসৰি ১৯ মাৰ্চতেই তেওঁলোক পৃথিৱীলৈ ঘূৰিব। ইয়াৰ বাবে ১২ মাৰ্চত আন্তৰ্জাতিক স্পষ্ট ষ্টেচনলৈ ক্ৰিউ-১০ মহাকাশযান ড্ৰেগন প্ৰেৰণ কৰিব। আৰু তাৰ জৰিয়তেই তেওঁলোক পৃথিৱীলৈ ঘূৰিব

মহাকাশচাৰী বুশ্ব উইলমৰে চিএনএনক এক সাক্ষাৎকাৰত মহাকাশৰ পৰাই কয় যে, পৰিকল্পনা হৈছে ক্ৰু-১০ অহা ১২ মাৰ্চত লঞ্চ হ’ব আৰু আমি ১৯ মাৰ্চত ঘূৰি আহিম। তেওঁলোক দুজনৰ সৈতে আহিব আন দুগৰাকী মহাকাশচাৰীও। তেওঁলোক যোৱা গ্ৰীষ্মকালত মহাকাশলৈ উৰা মাৰিছিল। 

সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলমৰক পৃথিৱীলৈ ঘূৰাই অনাৰ তাৰিখ প্ৰকাশ পোৱাৰ লগে লগে এতিয়া বিশ্বজুৰি উৎকণ্ঠাৰ সৃষ্টি হৈছে। 

নাছা মহাকাশ সুনীতা উইলিয়ামছ