/asomiyapratidin/media/media_files/2025/03/18/iYlOVCMgi2RLqEb8vISP.jpg)
ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা আনডকিং প্ৰক্ৰিয়া আৰম্ভ হৈছে যদিও মহাকাশৰ পৰা পৃথিৱীলৈ প্ৰত্যৰ্পণ সুনীতা উইলিয়ামছ, তেওঁৰ সহযোগী বুশ্ব উইলমৰেৰ বাবে বৰ বিশেষ সহজ নহ’ব। আন্তঃৰাষ্ট্ৰীয় মহাকাশ ষ্টেচনৰ পৰা পুৱা ১০-৩০ বজাত সফলতাৰে আনডকিং হোৱা স্পেছএক্সৰ ড্ৰেগন কেপচুলৰ জৰিয়তে তেওঁলোক পৃথিৱী অভিমুখে আহিছে। প্ৰায় ৯ মাহৰ মূৰত স্ব-গৃহলৈ ঘূৰি অহা সুনীতা আৰু উইলমৰে স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে।
সুনীতা, উইলমৰে পৃথিৱীলৈ প্ৰত্যৰ্পণত পদে পদে সন্মুখীন হ'ব প্ৰত্যাহ্বানৰ
সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলমৰে বা আন মহাকাশচাৰীৰ বাবে মহাকাশলৈ যোৱাটো যিমান কঠিন বা প্ৰত্যাহ্বানজনক তাতকৈ অধিক প্ৰত্যাহ্বানজনক পৃথিৱীলৈ প্ৰত্যৰ্পণ প্ৰক্ৰিয়া। নাছাই প্ৰকাশ কৰা মতে স্পেছএক্সৰ ড্ৰেগন কেপচুলে ১৭ ঘণ্টাৰ যাত্ৰা অতিক্ৰম কৰাৰ পিছত পৃথিৱীত উপস্থিত হ'ব।
কিন্তু এয়া এক আনুমানিক সময়হে। সঠিক সময় নহয়। কিয়নো মহাকাশৰ পৰা পৃথিৱীলৈ উভতি অহা বিষয়টো একেবাৰে সহজ নহয়। ড্ৰেগন কেপচুলে মহাকাশচাৰীসকলক কঢ়িয়াই পৃথিৱীৰ বায়ুমণ্ডলত অতি দ্ৰুতবেগেৰে প্ৰবেশ কৰিব।
তাৰ পিছত ১৬০০ ডিগ্ৰী চেলছিয়াছ উষ্ণতাৰ সন্মুখীন হ'ব লাগিব। অৱশ্যে ড্ৰেগন কেপচুলত স্থাপন কৰা হিট শ্বিল্ডে মহাকাশযানত থকা মহাকাশচাৰীসকলক এই উষ্ণতাৰ পৰা ৰক্ষা কৰাত সহায় কৰিব।
ড্ৰেগন কেপচুলে পৃথিৱীৰ বায়ুমণ্ডলত খুন্দা মৰাৰ লগে লগে ইয়াৰ গতি লেহেমীয়া হ'বলৈ আৰম্ভ কৰিব। এই সময়ছোৱাত মহাকাশচাৰীসকলে মহাকৰ্ষণ শক্তি অনুভৱ কৰিব।যি পৃথিৱীত থকা মধ্যাকৰ্ষণ শক্তিতকৈ চাৰিগুণ অধিক।
ইয়াৰ পিছতে বাহনখনৰ চাৰিটা পেৰাচ্যুট খোল খাব। তেতিয়াই ড্ৰেগন কেপচুলৰ ভিতৰত থকা মানুহবোৰে এটা শ্বক পাব। কিন্তু এই শ্বকে যানখনৰ গতি লেহেমীয়া কৰাত সহায় কৰিব। ফলত যানখন সাগৰত অৱতৰণ কৰাত সহজ হৈ পৰিব।
অভিজ্ঞ মহকাশচাৰীয়ে ক'লে মহাকাশৰ পৰা পৃথিৱীলৈ প্ৰত্যৰ্পণ আশ্চৰ্যকৰ
উল্লেখ্য যে, ১৯৯১ চনত মহাকাশ যাত্ৰা কৰিছিল ব্ৰিটেইনৰ মহিলা মহাকাশচাৰী হেলেনে শৰ্মনে। সেই সময়ত তেওঁ ছয়ুজ কেপচুলৰ জৰিয়তে মহাকাশৰ পৰা পৃথিৱীলৈ উভতি আহিছিল।
তেওঁ কয়, মহাকাশৰ পৰা প্ৰত্যৰ্পণ প্ৰক্ৰিয়া মহাকাশচাৰীসকলৰ বাবে আচৰিতজনক। তেওঁৰ মতে মহাকাশৰ পৰা পৃথিৱীলৈ ঘূৰি অহাৰ পাছত তেওঁলোকে খুব ভাল অনুভৱ কৰিব। পৃথিৱীত প্ৰথমে পোৱা বিশুদ্ধ বায়ুৱে তেওঁলোকক মানসিক শান্তি দিব।
ফ্লৰিডাৰ উপকূলত অৱতৰণ কৰিলেও এতিয়াও নিৰ্ণয় কৰা নাই স্থান
স্মৰ্তব্য সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলমৰেয়ে ২০২৪ চনৰ ৫ জুনত পৰীক্ষামূলক বাহন ষ্টাৰলাইনাৰত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ উৰা মাৰিছিল। ৮ দিনৰ পাছত তেওঁলোক ঘূৰি অহাৰ কথা আছিল যদিও ষ্ট্ৰাৰলাইনাৰত যান্ত্ৰিক বিজুটি হোৱাৰ বাবে ৯ মাহ সময় তাতেই অতিবাহিত কৰিবলগীয়া হয়।
নাছাই জনোৱা মতে ফ্লৰিডাৰ উফকূলত তেওঁলোকে স্পেলছডাউন কৰিব। কিন্তু কোনখিনি স্থানত অৱতৰণ কৰিব সেয়া এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই। বতৰৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰিহে এই স্প্লেছডাউনৰ স্থান নিৰ্ণয় কৰা হ'ব।
সুনীতাৰ নামত লিপিবদ্ধ হ'ব এই কেইটা অভিলেখ
মহাকাশত সৰ্বাধিক দিন অতিবাহিত কৰা তৃতীয়গৰাকী মহিলা মহাকাশচাৰীৰ হিচাপে পৰিগণিত হৈছে সুনীতা উইলিয়ামছ। তেওঁ মুঠ ২৮৭ দিন মহাকাশত অতিবাহিত কৰিলে।
মহাকাশত সৰ্বাধিক দিন অতিবাহিত কৰা মহিলা মহাকাশচাৰীৰ তালিকাত আছে ক্ৰীষ্টিনা কোচ। তেওঁ মুঠ ৩২৮ দিন মহাকাশত আছিল। আনহাতে পিগি হুইটছনে ২৮৯ দিন মহাকাশত অতিবাহিত কৰি সৰ্বাধিক দিন অতিবাহিত কৰা দ্বিতীয়গৰাকী মহিলা মহাকাশচাৰী।
উল্লেখ্য যে, মহাকাশচাৰী ফ্ৰেংক ৰুবিঅ’ই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত সৰ্বাধিক ৩৭১ দিন অতিবাহিত কৰিছিল। পিগি হুইটছনে মুঠ ৬৭৫ দিন মহাকাশত অতিবাহিত কৰি সৰ্বাধিক সময় অতিবাহিত কৰা মহাকাশচাৰী হিচাপে ৰেকৰ্ড গঢ়ি থৈছে।
মহাকাশত খোজ কঢ়াৰ অভিলেখ আছে চুজান হেলমছ আৰু জেমছ ভছৰ হাতত। দুয়োজনে এবাৰতে ৮ ঘণ্টা ৫৬ মিনিট মহাকাশ ভ্ৰমণ কৰিছিল।
সুনীতা উইলিয়ামছে এতিয়ালৈকে মহাকাশত মুঠ ৯ বাৰ স্পেছৱাক কৰিছে। এই ৯ বাৰৰ স্পেছৱাকৰ সময়ছোৱাত তেওঁ মুঠ ৬২ ঘন্টা ৬ মিনিট সময় মহাকাশত খোজ কাঢ়িছে। এই বিষয়ত তেওঁ প্ৰথম স্থানত আছে।