দৈনিক মজুৰী ৫০০, খাদ্যৰ বাবে প্ৰয়োজন ২৫০০ ! শ্ৰীলংকা এৰি ভাৰতলৈ আগমন শৰনাৰ্থীৰ…

দৈনিক মজুৰী ৫০০, খাদ্যৰ বাবে প্ৰয়োজন ২৫০০ ! শ্ৰীলংকা এৰি ভাৰতলৈ আগমন শৰনাৰ্থীৰ…

author-image
asomiyapratidin
New Update
শ্ৰীলংকাত পুনৰ জৰুৰী  অৱস্থা ঘোষণা…

ডিজিটেল ডেস্কঃ শ্ৰীলংকাত সৃষ্টি হোৱা অৰ্থনৈতিক বিপৰ্যয়ে ভাৰততো সৃষ্টি কৰিছে সমস্যাৰ। দেশখনৰ বৰ্তমানৰ পৰিস্থিতিয়ে অতিশীঘ্ৰে যে ভাৰতক স্পৰ্শ কৰিব সেই কথা নিশ্চিত। ইতিমধ্যে শ্ৰীলংকাৰ পৰা বহু লোকৰ ভাৰতলৈ আগমন ঘটিছে। অনুমান কৰা হৈছে শ্ৰীলংকাৰ পৰা হাজাৰ হাজাৰ শৰণাৰ্থীৰ ভাৰতলৈ আগমন ঘটিব।

Advertisment

এই শৰনাৰ্থীসকলকলৈ ভাৰতত আন এক সমস্যাৰ সৃষ্টি হোৱাৰ পূৰ্বেই চৰকাৰে গ্ৰহণ কৰিছে কিছু সতৰ্কতামূলক ব্যৱস্থা। চৰকাৰে শ্ৰীলংকাৰ শৰনাৰ্থীসকলৰ বাবে তামিলনাডুৰ ৰামেশ্বৰমৰ মন্দপমত স্থাপন কৰিছে বিশেষ শিবিৰ। তামিলনাডু চৰকাৰে ইয়ালৈ অহা শ্ৰীলংকাৰ তামিলসকলক শৰণাৰ্থী হিচাপে গণ্য কৰি মৌখিক নিৰ্দেশ জাৰি কৰিছে।

তামিলনাডু চৰকাৰে কৈছে য, বৰ্তমানৰ অৰ্থনৈতিক সংকট আৰু শ্ৰীলংকাৰ অস্থিৰতাৰ বাবে ভাৰতলৈ অহা তামিলসকলক শৰণাৰ্থী হিচাপে গণ্য কৰাৰ নিৰ্দেশ অন্তৱৰ্তীকালীন হ'ব, এই সন্দৰ্ভত চূড়ান্ত আদেশ কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব। তামিলনাডু চৰকাৰে বিশ্বাস কৰে যে, অনাগত দিনত শ্ৰীলংকাৰ পৰা হাজাৰ হাজাৰ তামিল ভাৰতলৈ অহাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ লোৱা হৈছে।

ক্লিক কৰি পঢ়কঃ ভাৰত-ভূটান সীমান্তত ডকাইতৰ বিৰুদ্ধে চলিছিল আৰক্ষীৰ অভিযান : দুই ডকাইত নিহত

উল্লেখ্য যে ইতিমধ্যে শ্ৰীলংকাৰ বৰ্তমানৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ অক্ষম হোৱা একাংশ শ্ৰীলংকাৰ নাগৰিকৰ ভাৰতলৈ আগমন ঘটিছে। শেহতীয়াকৈ ভাৰতৰ নৌ সেনাই শ্ৰীলংকাৰ পৰা দুখন নাৱত কিছুমান তামিল ভাৰতলৈ অহাৰ পথত তেওঁলোকক বিদেশী হিচাপে গ্ৰেপ্তাৰ কৰিছিল।

ইয়াৰ পিছতে তামিলনাডু চৰকাৰৰ নতুন আদেশ জাৰি কৰিছে। তামিলনাডু চৰকাৰৰ নতুন আদেশৰ পিছতে ন্যায়ালয়ে এইসকল শ্ৰীলংকান লোকক জামিন প্ৰদান কৰিছে। এই তামিলসকলক এতিয়া শৰণাৰ্থী শিবিৰত ৰখা হৈছে। তামিলনাডু চৰকাৰৰ শৰণাৰ্থী বিভাগৰ আয়ুক্ত জেচিন্থা লাজাৰছে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি শ্ৰীলংকাৰ পৰা অহা বেছিভাগ লোক মহিলা আৰু শিশু, তেওঁলোকৰ যত্ন লোৱাটো আমাৰ দায়িত্ব।

শ্ৰীলংকাৰ পৰা ভাৰতলৈ অহা শৰনাৰ্থীসকলে শ্ৰীলংকাৰ বৰ্তমান প্ৰকৃত অৱস্থা কি সেই বিষয়ে উল্লেখ কৰিছে। শিৱশংকাৰী নামৰ এগৰাকী তামিল শৰণাৰ্থী মহিলাই কয় যে, শ্ৰীলংকাত প্ৰতি কিলোগ্ৰাম চাউলৰ মূল্য ৫০০ টকা। ১ কিলোগ্ৰাম চেনীৰ মূল্য ২৯০ টকা। আনহাতে ৪০০ গ্ৰাম পাউদাৰ গাখীৰৰ মূল্য ৭৯০ টকা। শ্ৰীলংকাৰ বৰ্তমান পৰিস্থিতিত এটা সৰু পৰিয়ালক এদিনত খাবলৈ প্ৰয়োজন হয় প্ৰায় ২৫০০ টকাৰ খাদ্য সামগ্ৰী। শৰনাৰ্থীসকলে প্ৰকাশ কৰা মতে তেওঁলোকৰ দৈনিক উপাৰ্জন মাত্ৰ ৫০০ টকা। মাত্ৰ ৫০০ টকা উপাৰ্জন কৰি দৈনিক ২৫০০ টকা খৰছ কৰি খাদ্য যোগাৰ কৰাটো শ্ৰীলংকাত এতিয়া সম্ভৱ নহয়।

ইফালে অৰ্থনৈতিক মন্দাৱস্থা সৃষ্টি হোৱা শ্ৰীলংকাত এতিয়া চলি আছে পদত্যাগৰ খেলা। দেশখনৰ প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপাক্ষে আৰু তেওঁৰ মন্ত্ৰীসভাৰ ২৬ জন মন্ত্ৰীয়ে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেৰ ওচৰত তেওঁলোকৰ পদত্যাগ পত্ৰ দাখিল কৰিছে। উল্লেখ্য যে দেশখনৰ প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপাক্ষে ৰাষ্ট্ৰপতিগোটাবায়াৰ ডাঙৰ ভায়েক। তেওঁৰ ভাতৃ, বিত্ত মন্ত্ৰী বাচিল ৰাজপাক্ষে আৰু কৃষি মন্ত্ৰী চামল ৰাজপাক্ষে, মহিন্দাৰ পুত্ৰ ক্ৰীড়া মন্ত্ৰী নমাল ৰাজপাক্ষেৰ সৈতে পদত্যাগ কৰে।