ভাৰত-ভূটান সীমান্তত ডকাইতৰ বিৰুদ্ধে চলিছিল আৰক্ষীৰ অভিযান : দুই ডকাইত নিহত…

ভাৰত-ভূটান সীমান্তত ডকাইতৰ বিৰুদ্ধে চলিছিল আৰক্ষীৰ অভিযান : দুই ডকাইত নিহত…

ডিজিটেল সংবাদ চিৰাংঃ চিৰাঙৰ ভাৰত-ভূটান সীমান্তত আৰক্ষী আৰু দুৰ্বৃত্তৰে সংঘটিত হোৱা গুলীয়াগুলী ঘটনাৰ সবিশেষ তথ্য প্ৰকাশ কৰিছে আৰক্ষীয়ে। বিগত ২৯ মাৰ্চত চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ মালিভিটাত সংঘটিত হোৱা ডকাইতি আৰু গুলীচালনাৰ ঘটনাৰ নেতৃত্বত থকা ডকাইত মহন্ত নাৰ্জাৰীৰ লগতে এটা দল ৰুণীখাতা থানাৰ খুংগ্ৰীঙৰ এটা ঘৰত আশ্ৰয় লৈ থকাৰ খবৰ লাভ কৰিছিল চিৰাং আৰক্ষীয়ে। ইয়াৰ পিছতে আৰক্ষীয়ে ডকাইতৰ দলটোৰ বিৰুদ্ধে আৰম্ভ কৰিছিল অভিযান।

অভিযানৰ সময়ছোৱাত আৰক্ষীয়ে বাহিৰৰ পৰা দলটোক আত্মসমৰ্পন কৰিবলৈ নিৰ্দেশ দিছিল যদিও আত্মসমৰ্পন কৰাৰ বিপৰীতে ঘৰৰ ভিতৰৰ পৰা ডকাইতৰ দলটোৱে ওলটাই আৰক্ষীৰ লোকলৈ লক্ষ্য কৰি গুলীচালনা কৰে। ফলত অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধীৰ হাতত দুটাকৈ গুলী লাগে। ইয়াৰ প্ৰত্যুত্তৰত চিৰাং আৰক্ষীয়েও গুলী চালনা কৰে। আৰক্ষীৰ গুলীত দুজনকৈ সন্দেহযুক্ত ডকাইত নিহত হয় আৰু দুজন সদস্যই ঘৰৰ বেৰ ভাঙি এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে । আৰক্ষীয়ে এনকাউন্টাৰ স্থলীৰ পৰা দুটা পিষ্টল উদ্ধাৰ কৰিছে।

উল্লেখ্য যে সোমবাৰে নিশা ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা থানাৰ অন্তৰ্গত খুংগ্ৰীঙত সংঘটিত হৈছিল এই ভয়ংকৰ এনকাউন্টাৰ। এই ঘটনাত দুজনকৈ ডকাইত নিহতৰ খবৰ লাভ কৰাৰ লগতে চিৰাঙৰ আৰক্ষী অধীক্ষক প্ৰকাশ মেধী আহত হোৱাৰ প্ৰথমিক খবৰ লাভ কৰা গৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in