/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/AP-FOR-WEB-new-format-pratibedon-1.jpg)
প্ৰকৃতিৰ ৰুদ্ৰ ৰূপত বিধ্বস্ত বিশ্ব। ক'ৰবাত যদি বানৰ তাণ্ডৱ আন ক'ৰবাত আকৌ প্ৰখৰ উত্তাপ। ক'ৰবাত যদি শতিকাৰ ভিতৰতেই সৰ্বাধিক বৃষ্টিপাত হৈছে আন ক'ৰবাত আকৌ ৰ'দৰ উত্তাপে সৃষ্টি কৰিছে নতুন ৰেকৰ্ড। এফালে পানীৰ বাবেই শেষ হৈছে জীৱন, জীৱিকা, শস্য, পথাৰ আনফালে আকৌ পানীৰ বাবে কৰিবলগীয়া হৈছে হাহাকাৰ। প্ৰকৃতিৰ এনে ভাৰাসাম্যহীনতাৰ সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।
বানৰ তাণ্ডৱৰ কথা নতনুকৈ কোৱাৰ প্ৰয়োজন নাই। যোৱা দুই-তিনিটা মাহত অসমত হোৱা প্ৰলয়ংকাৰী বানে অসমৰ কেইবাখনো জিলাত চলালে ধ্বংসলীলা। সমান্তৰালকৈ বানৰ তাণ্ডৱৰ বাবেই সময়মতে কৃষকে কৰিব নোৱাৰিলে কৃষিকাৰ্য।
যিসকল কৃষকে খেতি কৰিলে তেওঁলোকৰো এতিয়া অৱস্থা নাই। জলসিঞ্চনহীন অসমৰ কৃষি পথাৰত এতিয়া চিৰাল ফাট। মূৰে-কপালে হাত দি কৃষকে এতিয়া বৰষুণলৈ অপেক্ষা কৰিবলগীয়া এক পৰিস্থিতি। মাত্ৰ কেইটামান দিনৰ পূৰ্বে বানে তাণ্ডৱ চলোৱা ৰাজ্যখনত এতিয়া আকৌ পানীৰ বাবেই হাহাকাৰ। এয়াই প্ৰকৃতিৰ লীলা।
অসমতেই যে এনেকুৱা এক পৰিস্থিতিৰ সৃষ্টি হৈছে তেনে নহয়। সমগ্ৰ বিশ্বতে এতিয়া প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ প্ৰত্যক্ষ কৰিছে সৰ্বসাধাৰণে। ক'ৰবাত যদি বানে তাণ্ডৱ চলাইছে আন ক'ৰবাত আকৌ খৰাং তথা অত্যাধিক গৰমে দহিছে। মুঠতে সকলো ফালেই ভাৰাসাম্যহীন হৈছে প্ৰকৃতি। দক্ষিণ এছিয়াৰ ভাৰত, পাকিস্তান, বাংলাদেশ, এছিয়াৰ চীন, জাপান, ৰািয়াকে ধৰি ইউৰোপীয় দেশসমূহৰ উপৰিও আমেৰিকা, বৃটেইনত বতৰে লৈছে অস্বাভাৱিক ৰূপ।
ইউৰোপৰ দৰে দেশত এতিয়া প্ৰচণ্ড গৰমে দহিছে সৰ্বসাধাৰণক। চুবুৰীয়া চীনত ভাৰতৰ দৰেই অৱস্থা। প্ৰথমে বান আৰু তাৰ পিছত অহা খৰাঙে চীনৰ কৃষিখণ্ডৰ অৰ্থনীতিলৈ কঢ়িয়াই আনিছে গভীৰ সংকট। আনহাতে পাকিস্তানত যোৱা দিন কেইটাত অহা প্ৰচণ্ড বানে ৩ নিযুত লোকক গৃহহীন কৰাই নহয় ১০০০ ৰো অধিক লোকৰ প্ৰাণ কাঢ়িছে। যাৰ ভিতৰত প্ৰায় ৪ শতাধিক শিশুও আছে।
বতৰৰ এনে ভাৰাসাম্যহীন পৰিস্থিতি সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ মূৰব্বী এণ্টনিঅ' গুটেৰেছে মঙ্গলবাৰে উদ্বেগ প্ৰকাশ কৰি সমগ্ৰ দক্ষিণ এছিয়াৰ জলবায়ু সংকটক লৈ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। এণ্টনিঅ' গুটেৰেছৰ মতে দক্ষিণ এছিয়া জলবায়ু সংকটৰ হটস্পট।
শেহতীয়াকৈ ভাৰতৰ কেইবাখনো ৰাজ্য বানৰ কৱলত পৰাৰ লগতে ডাৱৰ বিস্ফোৰণ, ভূমিস্খলন আদিৰ দৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হোৱাৰ পিছত ভাৰতৰ দৰেই বাংলাদেশ পাকিস্তান আদিত অনুৰূপ পৰিস্থিতিৰ উদ্ভৱ হৈছে। পাকিস্তানৰ প্ৰতিখন প্ৰদেশত এতিয়া বানত ককবকাইছে নাগৰিকে।
কেইদিনমান পূৰ্বে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চল আৰু বাংলাদেশত হোৱা বানত প্ৰায় ৯ কোটি লোক ক্ষতিগ্ৰস্ত হৈছে। আনহাতে মৃত্যু হৈছে প্ৰায় ৩০০ লোকৰ। এই সময়ছোৱাত অসমত ৪০ শতাংশ অঞ্চল পানীৰ তলত ডুব গৈছে। বাংলাদেশত ১ লাখ ১৩ হাজাৰ কৃষি ভূমি ক্ষতিগ্ৰস্ত হৈছে।
ইফালে বানৰ পৰা পৰিত্ৰাণ পোৱাৰ পিছতে চীনত খৰাং বতৰে কৃষকসকলৰ বাবে সমস্যাৰ সৃষ্টি কৰিছে। ৰাষ্ট্ৰখনৰ চিচুয়ানৰ খেতিপথাৰত ২ লাখ পশুধনৰ মাজত পানীৰ অভাৱ হৈছে। চিচুয়ানৰ জুৰুৰীকালীন ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি প্ৰায় ৪ লাখ ৩৩ হাজাৰ হেক্টৰ শস্য পানীৰ অভাৱৰ ফলত প্ৰভাৱিত হৈছে। খেতি পথাৰত ৰ'দে পুৰি নষ্ট কৰিছে শস্য। যাৰ বাবে দেশখনে ৩.৫ বিলিয়ন ইউয়ানৰ লোকচানৰ সন্মুখীন হৈছে।
চীনৰ দৰেই উত্তৰ গোলাৰ্ধৰ শীত প্ৰধান ৰাষ্ট্ৰকেইখনতো এইবাৰ অভূতপূৰ্ব প্ৰচুৰ গ্ৰীস্ম প্ৰবাহৰ সন্মুখীন হৈছে। যাৰ পৰিপ্ৰেক্ষিতত পুনৰবাৰ বিশ্ববাসীয়ে গোলকীয় উষ্ণতাৰ দিশটোৰ বিষয়ে নতুনকৈ চিন্তা কৰিবলৈ বাধ্য হৈছে। জলবায়ুৰ এনে সংকটৰ মাজতেই সঘনাই হোৱা গ্ৰীস্মপ্ৰবাহ, বানপানী, ধুমুহা আৰু খৰাঙৰ ফলত সমগ্ৰ বিশ্বৰ মানুহে প্ৰাণ আৰু জীৱিকা হেৰুৱাইছে।
যি সময়ত গ্ৰীস্ম প্ৰধান ৰাষ্ট্ৰৰ পৰ্যতন বিলাসী লোক শীত উপভোগ কৰিবলৈ উত্তৰ গোলাৰ্ধৰ দেশ কেইখন ভ্ৰমণ কৰাৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি হয় সেই সময়তে এই গোলাৰ্ধৰ দেশ কেইখনত এইবাৰ ভাবিব নোৱাৰা ধৰণে বৃদ্ধি পাইছে গ্ৰীস্মৰ প্ৰবাহ। জলবায়ু পৰিৱৰ্তনৰ ভয়াৱহ পৰিস্থিতি বিশ্বৰ বিভিন্ন প্ৰান্তৰ কেইখনমান ৰাষ্ট্ৰৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰিলে স্পষ্ট হয়।
এনে অত্যাধিক গ্ৰীষ্ম প্ৰবাহৰ বাবেই ৰাছিয়াত সৃষ্টি হৈছে বনজুইৰ। মাত্ৰ ৩ টা দিনত ৰাছিয়াত বনজুইয়ে ১১ লাখ হেক্টৰ ভূমি ভস্মীভূত কৰিলে। ৰাছিয়াৰ চৰকাৰী সংবাদ প্ৰতিষ্ঠান টি এ এ এছ এছৰ মতে দেশখনত মুঠ ১২৬ টা স্থানত বনজুইৰ ঘটনা সংঘটিত হৈছে। দৈনিক ৮ হাজাৰ হেক্টৰতকৈ অধিক ভূমি বনজুইৰ দ্বাৰা প্ৰভাৱিত হৈছে। এই বনজুইৰ প্ৰভাৱ ইমানেই ভয়ংকৰ যে ৰাষ্ট্ৰখনৰ ৰাজধানী মস্কোৰ পৰা স্পষ্টকৈ সকলো প্ৰত্যক্ষ কৰিব পৰাকৈ বিয়পি পৰিছিল।
একেই অৱস্থা চীনত। পশ্চিম ইউৰোপ, মধ্য আৰু পূৱ চীনত ৰেকৰ্ড-ব্ৰেকিং গ্ৰীস্ম প্ৰবাহ আৰু খৰাং হোৱাৰ সমান্তৰালকৈ পানীৰ অভাৱ হ'বলৈ আৰম্ভ হৈছে। এই পৰস্থিতিয়ে বিশ্বত নতুনকৈ খাদ্যৰ সমস্যাও সৃষ্টি কৰাৰ আশংকাই দেখা দিছে। এনে হ'লে বৃদ্ধি পাব সৰ্বসাধাৰণৰ খাদ্য ব্যয়।
বতৰৰ এনে পৰৱৰ্তনৰ বাবে চীনৰ শক্তিখণ্ডত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। দৈনিক ৬ ঘণ্টাকৈ বিদ্যুৎ কৰ্তন কৰিবলগীয়া হৈছে দেশখনত। ফলত দেশখনৰ উদ্যোগিক খণ্ডলৈ নামি আহি বিপৰ্যয়। ইটালীত আকৌ হ্ৰাস পাইছে নদ-নদীৰ পানী। দেশখনৰ আটাইতকৈ দীঘল নদী পৌৰ পানী পূৰ্বৰ তুলনাত বহু হ্ৰাস পাইছে। ইফালে আমেৰিকাৰ দৰে উন্নত দেশত সৌ সিদিনা বানে সৃষ্টি কৰিলে ভয়ংকৰ পৰিস্থিতি।
অতিপাত বৰষুণৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডালাছৰ পৰা দক্ষিণ কোৰিয়াৰ চিউললৈকে বিভিন্ন ঠাইত বানপানীৰ সৃষ্টি হ'ল। কোৱা হৈছে আমেৰিকা আৰু উত্তৰ কোৰিয়াত এই শতিকাৰ আটাইতকৈ বেছি বৰষুণ চলিত মাহতেই হৈছে। একেদৰে মধ্য আমেৰিকাত আকৌ তাপমানে ৪০ ডিগ্ৰী চেণ্টিগ্ৰেডৰ সীমা অতিক্ৰম কৰিছে।
একেই অৱস্থা জাপন আৰু বৃটেইনত। ভাৰত আৰু পাকিস্তানত আকৌ বাৰিষাৰ আগে পিছে ৫০ ডিগ্ৰী চেণ্টিগ্ৰেড পৰ্যন্ত তাপমান ৰেকৰ্ড হৈছে। এনে পৰিস্থিতিত জলবায়ু পৰিৱৰ্তনৰ দিশটোক আকৌ নতুনকৈ চিন্তা কৰিবলৈ বিশ্ব সমুদায়ক বাধ্য কৰি তুলিছে।
প্ৰকৃতিৰ ওপৰত হোৱা অত্যাধিক অত্যাচাৰ, বিজ্ঞানৰ ন ন আৱিষ্কাৰৰ দোহাই দি প্ৰকৃতি যি ধ্বংস লীলা বিশ্ববাসীয়ে অব্যাহত ৰাখিছে তাৰ পৰিণাম এইদৰেই ভূগিবলগীয়া হৈছে বিশ্ববাসীয়ে। কোৱা হৈছে পৰিস্থিতিৰ পৰিৱৰ্তন নহ'লে আগন্তুক সময়ত পৃথিৱীত বৃদ্ধি পাব জলস্তৰৰ পৰিমাণ।
সমান্তৰালকৈ হ্ৰাস হৈ আহিব বসবাসৰ বাবে উপযোগী ভূমিৰ। বৰ্ধিত জনসংখ্যাৰ বাবে পৰ্যাপ্ত ভূমি হ্ৰাস হৈ অহাৰ ফলত যে বিশ্ববাসীয়ে আকৌ ন ন কেতবোৰ সমস্যাৰ সন্মুখীন হ'ব লাগিব সেই কথা নিশ্চিত। সময় তাকৰ। এতিয়াই যদি ভৱিষ্যতৰ পৃথিৱীখনৰ কথা চিন্তা কৰা নহয় তেন্তে আগন্তুক সময়ত বিশ্ববাসীয়ে আৰু অধিক প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ দেখিবলৈ পোৱাটো নিশ্চিত।