স্পেচ এক্সৰ মহাকাশযানেৰে ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচনলৈ নাছাৰ ২ মহাকাশচাৰীৰ সফল যাত্ৰা…

স্পেচ এক্সৰ মহাকাশযানেৰে ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচনলৈ নাছাৰ ২ মহাকাশচাৰীৰ সফল যাত্ৰা…

author-image
asomiyapratidin
New Update
স্পেচ এক্সৰ মহাকাশযানেৰে ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচনলৈ নাছাৰ ২ মহাকাশচাৰীৰ সফল যাত্ৰা…

ডিজিটেল ডেস্কঃ নাছাৰ দুগৰাকী মহাকাশচাৰীক সফলতাৰে ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচনলৈ প্ৰেৰণ কৰিলে স্পেচ এক্স নামৰ এটা ব্যক্তিগত কোম্পানীয়ে। ড্ৰেগ'ন স্পেচ ক্ৰাফ্ট নামৰ মহাকাশযানখনৰ দ্বাৰা নাছাৰ মহাকাশচাৰী দুজনক ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচনলৈ পঠিওৱা হয়।

সফলতাৰে ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচনলৈ প্ৰেৰণ কৰা হয় নাছাৰ মহাকাশচাৰী ক্ৰমে ৰবাৰ্ট বেহেনকেন আৰু ডগ'লছ হাৰ্লেক। ইফালে, মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এই সন্দৰ্ভত কয় যে- স্পেচ এক্সৰ মহাকাশযানখনেৰে যোৱা নাছাৰ দুয়োগৰাকী মহাকাশচাৰী সুৰক্ষিত তথা সুস্থ আছে। লগতে ইয়াৰে দ্বাৰা আমেৰিকাৰ আকাংক্ষাৰ এক নতুন যুগৰো আৰম্ভ হৈছে বুলি কয় ৰাষ্ট্ৰপতি ট্ৰাম্পে।