হেল'ৱিন ট্ৰেজেডিলৈ পৰিৱৰ্তিত দক্ষিণ কোৰিয়া, পদপিষ্ট হৈ মৃত্যু ১৫১ জনৰ

হেল'ৱিন ট্ৰেজেডিলৈ পৰিৱৰ্তিত দক্ষিণ কোৰিয়া, পদপিষ্ট হৈ মৃত্যু ১৫১ জনৰ

ডিজিটেল ডেস্ক : হেল'ৱিনৰ আনন্দৰ মাজতেই দক্ষিণ কোৰিয়াত সংঘটিত হ'ল এক ভয়ংকৰ ঘটনা । দক্ষিণ কোৰিয়াৰ ৰাজধানী চিউলত হেল'ৱিন উপলক্ষে অনুষ্ঠিত এক অনুষ্ঠানত অংশ লৈ মৃত্যুক সাৱটি ল'ব লগীয়া হ'ল ১৫১ গৰাকী ব্যক্তিয়ে । লোকে লোকাৰণ্য এই অনুষ্ঠানত উপস্থিত আছিল প্ৰায় ১০ হেজাৰৰো অধিক লোক । এই লোকসকলে চিউল চহৰৰ ঠেক পথ সমূহত হেল'ৱিন উপভোগ কৰিবলৈ উপস্থিত হোৱাৰ বাবেই সৃষ্টি হয় চূড়ান্ত বিশৃংখলতাৰ । যাৰ ফলত পদপিষ্ট হৈ মৃত্যু মুখত পৰে ১৫১ গৰাকী লোক । এই ১৫১ গৰাকী লোকৰ ভিতৰত আছিল ১৯ গৰাকী বিদেশী পৰ্যটকো ।

শনিবাৰে নিশা সংঘটিত হোৱা এই হৃদয়বিদাৰক ঘটনাৰ পাছতেই দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি য়ুন-চুক ইয়লে ৰবিবাৰৰ দিনটো ৰাষ্ট্ৰীয় শোক পালন দিন ৰূপে ঘোষণা কৰে ।

উল্লেখ্য যে, দক্ষিণ কোৰিয়াত যথেষ্ট জনপ্ৰিয় হেল'ৱিন । কভিড-১৯ৰ বিশ্ব সংকটৰ পূৰ্বৰে পৰাই অতি উলহ মালহেৰে উদযাপন কৰা হৈ আহিছিল দিনটো । তেনেস্থলত এনে এক উৎসৱমুখৰ পৰিৱেশৰ মাজতেই ১৫১ গৰাকী লোকৰ মৃত্যুত শোকত ডুব গৈছে সমগ্ৰ ৰাষ্ট্ৰখন ।

আনহাতে, তদন্তকাৰী বিষয়াসকলৰ ভাষ্য অনুসৰি, কি পৰিস্থিতিত এনে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই সন্দৰ্ভত নিশ্চিত নহয় বিষয়াসকল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in