/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/9e9e297e-4723-446c-adb3-41f02e11c095/DUBAI_6.jpg)
ডুবাইত চলি থকা COP28 ত দক্ষিণ এছিয়াৰ জলবায়ু পৰিৱৰ্তনৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা...
ডিজিটেল সংবাদ ডুবাইঃ কোনোধৰণৰ প্ৰদূষণ সৃষ্টি নহ'লেও জলবায়ু পৰিৱৰ্তনৰ ফলত সকলোতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে মালদ্বীপসহ দক্ষিণ এছিয়াৰ দেশসমূহ। এইবাৰ ডুবাইৰ এক্সপো চিটিত অনুষ্ঠিত হোৱা জলবায়ু সন্মিলনৰ সপ্তম দিনা এক পৃথক অনুষ্ঠানত লছ এণ্ড ডেমেজ ফাণ্ডৰ পৰা দক্ষিণ এছিয়াৰ দেশসমূহক পৰ্যাপ্ত ক্ষতিপূৰণ দাবী জনাইছে মালদ্বীপৰ জলবায়ু পৰিৱৰ্তন, পৰিৱেশ মন্ত্ৰী তৰিক ইব্ৰাহিমে।
ডুবাইত অনুষ্ঠিত হৈ থকা চি অ' পি-২৮ সন্মিলনত পৃথকভাৱে ছাউথ এছিয়ান ক্লাইমেট চেঞ্জ জৰ্নালিষ্টছ ফৰামে এক গুৰুত্বপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত কৰে। এই অনুষ্ঠানত মালদ্বীপৰ পৰিৱেশ মন্ত্ৰী আৰু ছাউথ এছিয়ান ক্লাইমেট চেঞ্জ জৰ্নালিষ্টছ ফৰামৰ সভাপতি থোৰিক ইব্ৰাহিমে দক্ষিণ এছিয়াৰ স্বাস্থ্য, আন্তঃগাঁথনি আৰু অৰ্থনীতিত জলবায়ু পৰিৱৰ্তনৰ গুৰুতৰ প্ৰভাৱৰ ওপৰত আলোচনা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/17b535fd-2c99-4533-bd50-faab50eba133/5a222fda_550d_4ca0_97b5_e10b10249a8d.jpg)
অনুষ্ঠানত মালদ্বীপৰ পৰিৱেশ মন্ত্ৰী ইব্ৰাহিমে ৰাষ্ট্ৰখনক দীঘলীয়া সময়ৰ বাবে শুকান পৰিৱেশে সৃষ্টি কৰা সমস্যাৰ বিষয়ে উল্লেখ কৰে। দীঘলীয়া সময় ধৰি ৰাষ্ট্ৰখনত বৰষুণৰ অভাৱত খোৱা পানীৰ অভাৱ আৰু লজিষ্টিক প্ৰত্যাহ্বানৰ কথা দোহাৰে।
নিজৰ ভাষণত তেওঁ জলবায়ু পৰিৱৰ্তনৰ ফলত সন্মুখীন হোৱা দুৰ্যোগৰ বিৰুদ্ধে আন্তঃগাঁথনি আৰু উপকূলীয় সুৰক্ষা বৃদ্ধিৰ বাবে পুঁজি আৰু আন্তঃৰাষ্ট্ৰীয় সমৰ্থনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
বৈঠকত মালদ্বীপে বিশ্বব্যাপী নিৰ্গমনত মাত্ৰ ০.০০৪৫ শতাংশ অৰিহণাহে যোগোৱা স্বত্বেও উন্নত ৰাষ্ট্ৰসমূহে পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ কথা সোঁৱৰাই তেওঁলোকৰ প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিবলৈ আৰু জলবায়ু ক্ষতি পুঁজিৰ আগমণ নিশ্চিত কৰিবলৈ আহ্বান জনায়। জলবায়ু পৰিৱৰ্তনৰ ফলত সন্মুখীন হোৱা পৰ্যটন আৰু মাছৰ উদ্যোগৰ ওপৰত গুৰুত্ব আৰোপ কৰি এক বহনক্ষম ভৱিষ্যতৰ বাবে বিশ্বব্যাপী সহযোগিতা আহ্বান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/7f8abbda-7353-4a9e-8e07-59c3df55c455/7b2ddd52_9d43_4b53_8307_4d39a559d712.jpg)
ছাউথ এছিয়ান ক্লাইমেট চেঞ্জ জৰ্নালিষ্টছ ফৰামৰ সভাপতি আশীষ গুপ্তাই সমগ্ৰ দক্ষিণ এছিয়াত বাতৰি প্ৰকাশৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ ওপৰত সজাগতা সৃষ্টিৰ বাবে মঞ্চৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰে। আনহাতে ফৰামৰ কাৰ্যবাহী সভাপতি কেৰামাত উল্লা বিপ্লবে জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ মোকাবিলাত দ্ৰুত সিদ্ধান্ত লোৱাৰ বাবে চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহৰ সৈতে সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
ছাউথ এছিয়ান ক্লাইমেট চেঞ্জ জৰ্নালিষ্টছ ফৰামৰ প্ৰতিষ্ঠাপক আসাদুজ্জমান সম্ৰাটে হিমালয়ৰ বৰফ গলাৰ ফলত সাগৰৰ স্তৰ উদ্বেগজনকভাৱে বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰে। ইয়াৰ ফলত বাংলাদেশত ক্লাইমেট ৰিফিউজিৰ সংখ্যা বৃদ্ধি পোৱাৰ কথাও কয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/6c0b0eba-4ea5-48e6-b776-a5f83dd24227/285981af_5801_40de_acf9_50f357c81945.jpg)
সভাত ফৰামৰ উপ-সভাপতি ৰব নেৱাজ চৌধুৰীয়ে জলবায়ু পৰিৱৰ্তনক দক্ষতাৰে সমাধান কৰিবলৈ দক্ষিণ এছিয়াৰ চৰকাৰসমূহৰ মাজত একত্ৰিত প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ হিমবাহ অতি দ্ৰুত গতিত গলি যোৱা, সাগৰৰ স্তৰ বৃদ্ধি হোৱা, বানপানী আৰু দক্ষিণ এছিয়াৰ জীৱিকা, আন্তঃগাঁথনি আৰু খাদ্য সুৰক্ষাৰ ওপৰত সেইবোৰৰ ধ্বংসাত্মক প্ৰভাৱৰ ওপৰত আলোকপাত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/91242094-4254-47e2-8c78-63de189affb8/9fcb4a31_2917_41d4_adad_c16f9675e30b.jpg)
তেওঁ উন্নত ৰাষ্ট্ৰসমূহৰ পৰা জৰুৰী বিত্তীয় সাহায্যৰ আহ্বান জনাই উন্নয়নশীল দেশসমূহৰ ওপৰত জলবায়ু পৰিৱৰ্তনৰ অসামঞ্জস্যপূৰ্ণ প্ৰভাৱৰ প্ৰতি এক সামূহিক সঁহাৰি আহ্বান জনায়।