ডিজিটেল ডেস্ক: মূল্যবৃদ্ধিয়ে জুৰুলা কৰা শ্ৰীলংকাত ১ এপ্ৰিল নিশাৰ পৰা বলবৎ কৰা হৈছে জৰুৰীকালীন অৱস্থা। কিন্তু ইয়াৰ পিছতেই মানুহৰ মৌলিক অধিকাৰৰ ওপৰতো আক্ৰমণ কৰা হৈছে।
আৰ্থিক সংকটৰ মাজতেই ইয়াৰ বিৰোধীতা কৰি লাখ লাখ মানুহে বিৰোধ প্ৰদৰ্শন কৰি আহিছে আৰু তাৰ মাজতেই চৰকাৰে বন্ধ কৰি দিলে ছ'চিয়েল মিডিয়া।
উল্লেখ্য যে, চৰকাৰ ফেচবুক, টুইটাৰ, হোৱাটচএপ, ইউটিউব, গুগল,টিকটক, টেলিগ্ৰাম আদি সকলো ধৰণৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মতে নিষেধাজ্ঞা আৰোপ কৰিছে।কিয়নো চৰকাৰ শংকিত হৈছে যে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি জনতাই বিৰোধ প্ৰদৰ্শন তীব্ৰতৰ কৰি তুলিব।অৱশ্যে বহুতেই ভিপিএন ব্যৱহাৰ কৰি এই সমূহ চলাই আছে।
শ্ৰীলংকাৰ ইতিহাসত এই আৰ্থিক সংকট সকলোতকৈ বৃহত। মানুহৰ খোৱা খাদ্যৰ পৰা আৰম্ভ কৰি ঔষদ পাতি আদি সকলোৰে নাটনিয়ে জুৰুলা কৰিছে জনতাক।
আৰু পঢ়ক: সৰবৰাহী মহিলা লাৱণ্য নেওঁগৰ মৃত্যু…