ডিজিটেল ডেস্কঃ এতিয়া আকাশে বতাহে প্ৰেমৰ গুঞ্জন। ফাগুন আৰু প্ৰেম অঙ্গাঙ্গিক। ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা প্ৰেমৰ সপ্তাহ অন্ত পৰিছে ১৪ ফেব্ৰুৱাৰীত। সপ্তাহজোৰা উদযাপনৰ মাদকতা এতিয়াও শেষ হোৱা নাই। সমগ্ৰ বিশ্বই এতিয়াও প্ৰেমতে মগ্ন।
ক’ৰবাত যদি যুদ্ধও হৈছে সেই যুদ্ধৰ মাজতেই আকৌ মাৰণাস্ত্ৰৰ সৈতে সেনাৰ হাতত কোনোবা প্ৰেয়সীয়ে গুজি দিছে ৰঙা গোলাপ। এফালে লুইতৰ পাৰত যদি কোনোবা কনেঙে ঐনিতমৰ সুৰ জুৰিছে, সিফালে পেৰিছৰ আইফেল টাৱাৰৰ তলত ছেইন নদীৰ কাষত কোনোবাই আকৌ জুৰিছে অপেৰা। আলিংগন কৰিছে প্ৰেমাস্পদে।
ফাগুনত যিদৰে কবি, গীতিকাৰে শব্দৰে খেলা কৰে, ঠিক সেইদৰে ফাগুনক লৈ অভিযোগো সমানে আনে। কবিৰ মতে ফাগুন উন্মনা, সৰাপাতৰ জুনুকা, অনামি শিহৰণ আৰু ক’ত যে কি? পিছে কবিকুলৰে কোনোবা বেদনাগধূৰ কবিয়েই আকৌ ফাগুনক অভিযোগ কৰি কয়, ফাগুন হেনো উৰুঙা, উদাস, দুষ্ট আৰু এবোজা দুখ। সেয়ে বদনামী হয় ফাগুন।
আকাশে বতাহে ফাগুনৰ প্ৰলেপ পৰাৰ এই মায়াময় সময়তে আকৌ এবাৰ বদনামী হ’ল ফাগুন। লাখ লাখ যুৱতীৰ বুকুৰ স্পন্দন, সুদৰ্শন শিল্পীও বিশ্বাসঘাটকৰ বলি হ'ল এই ফাগুনৰ বতৰতে। প্ৰেমৰ গীতেৰে বিশ্ব জিনা এই সংগীত শিল্পীৰ 'ব্ৰেকআপ' হ'ল ফাগুনতে!
যিসময়ত আতিফৰ গানেই গুণগুণাই প্ৰেমাস্পদে হাতে-হাত ধৰি আগুৱাইছে, আজীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতি দিছে সেই সময়তেই বুকু ভাঙিছে জনপ্ৰিয় সংগীত শিল্পী আতিফ আছলামৰ। অৱশ্যে প্ৰেমৰ বতৰতে ব্ৰেকআপ হলেও আতিফ সাধাৰণ মানুহৰ দৰে ভাঙি পৰা নাই।
ভালপোৱা আৰু বিৰহ একেটাই মুদ্ৰা। তথাপিও বিৰহক সহ্য কৰিব নোৱাৰে সাধাৰণ লোকে। কিন্তু আতিফে পাৰিছে। তেওঁৰ ভালপোৱা একেই আছে। সলনি হৈছে কেৱল ভালপোৱাৰ ধৰণ। এতিয়া তেওঁ প্ৰেমত পৰিছে জীৱনৰ।
সেয়ে আতিফে বিৰহৰ মাজতো তেওঁৰ অনুগামিক দিছে প্ৰেমৰ সেই যোগাত্মক বাৰ্তা। তেওঁ এটা ভিডিঅ’ত কৈছে, ''জীৱনত আৰু ডাঙৰ ডাঙৰ কাম কৰিবলৈ আছে। জীৱনৰ উদ্দেশ্য কেৱল ব্ৰেকআপ, মেকআপ নহয়। মই ভাবো এইবোৰৰ উপৰিও নিজৰ কেৰিয়াৰলৈ চকু দিয়া উচিত। সফলতা অৰ্জন কৰিব লাগিব।
কেৱল প্ৰেম কৰিলেই নহ'ব। ''
প্ৰেমৰ সমানে প্ৰয়োজন ধন উপাৰ্জন কৰাটোও। এই বাৰ্তাও আতিফে দিলে তেওঁৰ অনুৰাগীক। ক’লে- ''প্ৰেমৰ বাব ইমান টকা উপাৰ্জন কৰিব লাগিব যে, এটা সম্পৰ্ক নিজেই তোমাৰ কাষলৈ আহিবলৈ আগ্ৰহ কৰিব।''
তাৰোপৰি তেওঁ ধেমালিৰ চলেৰে পুনৰ কয়, ''জীৱনত সকলোতকৈ ভাল কাম কৰিলো ব্ৰেকআপ কৰি।'' আতিফৰ এই ভিডিঅ’ বাৰ্তাই এতিয়া পাকিস্তানৰ উপৰিও ভাৰততো বিপুল জনপ্ৰিয়তা লাভ কৰিছে। সকলোৱে আতিফৰ এই যোগাত্মক বাৰ্তাক সাধুবাদ দিছে।
বহুতেই আতিফক সমৰ্থন কৰি কৈছে, জীৱনত প্ৰেমৰ সমানেই কেৰিয়াৰক গুৰুত্ব দিয়া উচিত। কেৰিয়াৰ সঠিক ৰূপত গঢ় দিব নোৱাৰিলে প্ৰেমে পূৰ্ণতা পোৱাৰো সম্ভাৱনা ক্ষীণ হৈ পৰে। সেয়ে প্ৰেমত পৰিব পাৰিব লাগিব কেৰিয়াৰৰো। কিন্তু আতিফক এই ফাগুনৰ বতৰত কোনে বুকুত কামোৰিলে সেই কথাহে স্পষ্ট হোৱা নাই।