ফেচবুক এৰিব লাগিব নেকি জুকাৰবাৰ্গে?

ফেচবুক এৰিব লাগিব নেকি জুকাৰবাৰ্গে?

author-image
asomiyapratidin
New Update
ফেচবুক এৰিব লাগিব নেকি জুকাৰবাৰ্গে?

ডিজিটেল ডেস্কঃ ২০১৯ চনলৈ ফেচবুকৰ মুখ্য কাৰ্যবাহী মাৰ্ক জুকাৰবাৰ্গে নিজৰ পদৰ পৰা পদত্যাগ কৰিবলগীয়া হ'ব পাৰে। কোম্পানীৰ একাংশ শ্বেয়াৰ হোল্ডাৰে জুকাৰবাৰ্গক আঁতৰোৱাৰ বাবে উত্থাপন কৰা প্ৰস্তাৱত সন্মতি জনাইছে৷ তেওঁলোকৰ ভাষ্য অনুসৰি, জুকাৰবাৰ্গে ফেচবুকৰ কিছুমান কঠিন পৰিস্থিতিত লোৱা সিদ্ধান্ত শুদ্ধ নোহোৱাৰ বাবেই তেওঁক আঁতৰোৱাৰ বাবে গ্ৰহণ কৰা প্ৰস্তাৱত সমৰ্থন জনোৱা হৈছে৷

Advertisment

প্ৰস্তাৱত কোৱা হৈছে আমেৰিকা নিৰ্বাচনত ৰুছৰ হস্তক্ষেপ আৰু কেম্ব্ৰিজ এনালিতিকা ডাটা লীকৰ ক্ষেত্ৰত ফেচবুকে জুকাৰবাৰ্গৰ তত্বাবধানত সঠিকভাৱে কাম কৰিবলৈ অক্ষম হয়৷ যাৰ পৰিপ্ৰেক্ষিত ফেচবুকক স্বতন্ত্ৰ কৰাৰ স্বাৰ্থত জুকাৰবাৰ্গক আঁতৰোৱাটো প্ৰয়োজনীয় হৈ পৰিছে৷

ইফালে জুকাৰবাৰ্গৰ বিৰুদ্ধে গ্ৰহণ কৰা এই প্ৰস্তাৱৰ নিৰ্ণয় ২০১৯ চনৰ মে' মাহত অনুষ্ঠিত হ'বলগীয়া ফেচবুকৰ বাৰ্ষিক আলোচনাৰ সময়ত ভোট গ্ৰহণৰ জৰিয়তে কৰা হ'ব৷ জুকাৰবাৰ্গক পদৰ পৰা আঁতৰোৱা হ'ব নে নহয় সেয়া সিদ্ধান্ত লোৱা হ'ব ভোট গ্ৰহণৰ পিছতহে৷

আনহাতে, জুকাৰবাৰ্গক লৈ চলি থকা বিবাদ সম্পৰ্কে ফেচবুকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই৷ এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি মতে, ফেচবুকক লৈ চলা এই বিতৰ্কত জুকাৰবাৰ্গৰ বিৰুদ্ধে গ্ৰহণ কৰা প্ৰস্তাৱত নিউয়ৰ্ক কন্ট্ৰ'ল স্ক'ট ষ্ট্ৰিংগাৰসহ ইলিনায়, ৰ'ড আইলেণ্ড আৰু পেন্সিব্লেনিয়াৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকেও সমৰ্থন জনাইছে৷

ষ্ট্ৰিংগাৰে এই সন্দৰ্ভত কয় যে ফেচবুকে আমাৰ সমাজ আৰু অৰ্থব্যৱস্থাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ যাৰ বাবে ফেচবুক আৰ্থিক আৰু সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰতো পাৰদৰ্শী হোৱা প্ৰয়োজন৷ আমি এয়াই বিচাৰো যে তাৰ বাবে কোম্পানীৰ সঞ্চালন পৰিষদ স্বাধীন আৰু দায়বদ্ধশীল হওক৷

উল্লেখ্য যে, জুকাৰবাৰ্গৰ ওচৰত প্ৰায় ৬০ শতাংশ ভোট অধিকাৰ আছে৷ তেওঁক পদৰ পৰা আঁতৰোৱাৰ বাবে প্ৰস্তাৱ প্ৰদান কৰা কোম্পানীসমূহৰ ওচৰত ৪৫ লাখ শ্বেয়াৰ আছে৷ আনহাতে পেনিশ্লিভিয়া কোষাগাৰৰ ওচৰত ৩৮৭৩৭ শ্বেয়াৰ আছে৷