থাইলেণ্ডত সংঘটিত হ'ল জঘন্য হত্যাকাণ্ড, গুলীবৰ্ষণত মৃত্যু ২৪ শিশু সহ ৩৮ জন লোকৰ

author-image
Asomiya Pratidin
New Update
থাইলেণ্ডত সংঘটিত হ'ল জঘন্য হত্যাকাণ্ড, গুলীবৰ্ষণত মৃত্যু ২৪ শিশু সহ ৩৮ জন লোকৰ

ডিজিটেল ডেস্ক : থাইলেণ্ডৰ নংন বুৱা লাম ফু প্ৰদেশত সংঘটিত হ'ল এক জঘন্য অপৰাধ । এটি চাইল্ড কেয়াৰ চেন্টাৰত পান্যা কামৰাব নামৰ দুৰ্বৃত্ত গৰাকীয়ে নিৰ্বিচাৰে কৰা গুলীচালনাত নিহত হয় ২৪ টি শিশু সহ মুঠ ৩৮ গৰাকী লোকৰ । আনহাতে, প্ৰাক্তন আৰক্ষী বিষয়া ৰূপে চিনাক্ত পান্যা কামৰাবেও এই অপৰাধ সংঘটিত কৰিয়েই ক্ষান্ত নহয় বৰং ইয়াৰ পাছত নিজৰ বাসগৃহলৈ উভতি আহি নিজৰ পত্নী আৰু সন্তানকো হত্যা কৰে আৰু তাৰ পাছত আত্মহত্যাৰ পন্থা গ্ৰহণ কৰে ।

উল্লেখ্য যে, এটি শ্বটগান, এটি পিষ্টল আৰু এখন চুৰীৰে সজ্জিত হৈ অহা হত্যাকাৰীজনক চলিত বৰ্ষৰ জানুৱাৰী মাহত ড্ৰাগছৰ ব্যৱহাৰৰ বাবে বৰ্খাস্ত কৰা হৈছিল ।

ঘটনা সন্দৰ্ভত অধিক অনুসন্ধানৰ বাবে দুৰ্বৃত্তকাৰী গৰাকীক জীৱন্তে কৰায়ত্ত কৰাটো প্ৰয়োজনীয় আছিল যদিও আত্মহত্যা কৰাৰ পাছত অনুসন্ধান স্তব্ধ হৈ যোৱাৰ সম্ভাৱনা আছে । আনহাতে, এই ক্ষেত্ৰত থাইলেণ্ডৰ আৰক্ষী প্ৰধান ডামৰংছাক কিট্টিপ্ৰপাতে দিয়া ভাষ্য অনুসৰি, এই ঘটনাটো এটা শিক্ষা হৈ ৰোৱা উচিত সমগ্ৰ বিশ্বৰ বাবে । যি সময়ত শিশুসকলৰ বাবে সৃষ্টি কৰা হৈ আহিছে এক সুস্থ আৰু সুৰক্ষিত পৰিৱেশৰ তেনে অৱস্থাতে এই জঘন্য ঘটনাক সকলোৱে একমুখে গৰিহণা দিছে ।

thailand massacre