/asomiyapratidin/media/media_files/2025/04/08/UGs21viYxJ7Bna75ATCq.jpg)
ডিজিটেল ডেস্কঃ দেশ এৰি পলায়ন কৰি ভাৰত চৰকাৰৰ ৰাজনৈতিক আশ্ৰয়ত আছে যদিও যুঁজাৰু মানসিকতা যেন এতিয়াও হেৰুৱাই পেলোৱা নাই শ্বেইখ হাছিনাই। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা আৱামী লীগৰ মুৰব্বী শ্বেইখ হাছিনাই ইতিমধ্যে বিধ্বস্ত হৈ পৰা দলটোক পুনৰ শক্তিশালী কৰিবলৈ ভাৰতৰ পৰাই চেষ্টা অব্যাহত ৰাখিছে।
সোমবাৰে দিল্লীৰ পৰাই এক ভিডিঅ’ বাৰ্তাত পুনৰ স্বদেশলৈ উভতি যোৱাৰ হুংকাৰ দিয়াই নহয়, তেওঁৰ দলৰ কৰ্মী আৰু সমৰ্থকসকলক উদ্দেশ্যি কয়, সকলো অভিযোগৰ তদন্ত হ'ব।মন কৰিবলগীয়া যে, মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰে আৱামী লীগৰ বহু নেতা, কৰ্মীক কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।
দলীয় কৰ্মীৰ এনে বিপৰ্যয়ৰ সময়তে ভিডিঅ’ বাৰ্তাত হাছিনাই কয়, চিন্তা নকৰিব। মই আহি আছো। সকলো অভিযোগৰ তদন্ত হ’ব।
ভিডিঅ’ বাৰ্তাত হাছিনাই অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টাগৰাকীক কঠোৰ সমালোচনা কৰি দেশখনৰ জনসাধাৰণলৈয়ো বাৰ্তা প্ৰেৰণ কৰিছে।তেওঁ ইউনুছক মানৱতাবিৰোধী আৰু দেশদ্ৰোহী আখ্যা দিছে।
হাছিনাৰ এনে কঠোৰ বাক্যত স্বাভাৱিকতে অস্বস্তিত ভূগিছে ইনুছৰ চৰকাৰ। তেওঁলোকে নতুন দিল্লীক হাছিনাক মৌন কৰি ৰাখিবলৈও বাৰ্তা প্ৰেৰণ কৰিছে। এনে বাৰ্তায়েও হাছিনাক ৰখাব পৰা নাই।
তেওঁ বাংলাদেশী জনতাৰ বাবে, তেওঁৰ দলৰ বাবে ইটোৰ, পিছত সিটোকৈ বাৰ্তা প্ৰেৰণ কৰিয়েই আছে। য’ত মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰক চোকা সমালোচনা অব্যাহত ৰাখিছে।
উল্লেখ্য যে, মহম্মদ ইউনুছৰ চৰকাৰে আৱামী লীগৰ নেতা আৰু সৰ্বোপৰি হাছিনাৰ দলৰ সমৰ্থকৰ বিৰুদ্ধে ইটোৰ পিছত সিটো গোচৰ ৰুজু কৰি তেওঁলোকক কাৰাগাৰত ভৰোৱাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে।সোমবাৰে আদালতে হাছিনাৰ সমৰ্থক ৮৪ জন অধিবক্তাৰ জামিন নাকচ কৰি বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ সময়ত আক্ৰমণ, হত্যা আৰু হত্যাৰ চেষ্টাৰ গোচৰত কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিছে।
এই ঘোষণাৰ পাছতে সোমবাৰে আৱামি লীগে এক ভাৰ্চুৱেল বৈঠকৰ আয়োজন কৰে। এই বৈঠক সামাজিক মাধ্যমৰ জৰিয়তে লাইভ সম্প্ৰচাৰ কৰা হৈছিল। এই বৈঠকত আৱামি লীগৰ নেত্ৰী হাছিনাই কয়, "চিন্তা নকৰিব। মই আহি আছো। সেইবাবেই আল্লাহে মোক জীয়াই ৰাখিছে।"
বংগবন্ধু মুজিবৰ ৰহমানৰ কন্যা হাছিনাই দেশলৈ উভতি দলীয় কৰ্মী আৰু সমৰ্থকৰ বিৰুদ্ধে চলোৱা এই অত্যাচাৰৰ গোচৰ চলাব বুলি আশ্বাস দিছে। তেওঁৰ ভাষাত, "যিসকলে এই জঘন্য কাণ্ড সংঘটিত কৰিছে তেওঁলোকৰ বিৰুদ্ধে বাংলাদেশত ব্যৱস্থা গ্ৰহণ কৰিম। ছহিদ পৰিয়ালক ক'ব বিচাৰিছো, অনুগ্ৰহ কৰি ধৈৰ্য্য ধৰক।"