পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ…

পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ…

author-image
asomiyapratidin
New Update
কাশ্মীৰ সমস্যা সমাধান নোহোৱাকৈ ভাৰতৰ সৈতে ভাল সম্পৰ্ক সম্ভৱ নহয়: পাকিস্তান প্ৰধানমন্ত্ৰী

ডিজিটেল ডেস্ক: পাকিস্তানে পালে নতুন প্ৰধানমন্ত্ৰী। পাকিস্তানত হৈ থকা ৰাজনৈতিক সংকটৰ মাজতেই সোমবাৰে পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় শ্বেহবাজ শ্বৰীফ।

Advertisment

পাকিস্তাম-মুছলিম-লিগ-নৱাজৰ অধ্যক্ষ শ্বেহবাজ শ্বৰীফ। ৰবিবাৰে নিজকে পাকিস্তানৰ প্ৰধামন্ত্ৰী পদৰ বাবে নামাংকণ কৰিছিল তেওঁ। আজি নিশা পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিচাপে শপত ল'ব তেওঁ।

নতুন প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ ২০১৮ চনৰ আগষ্টৰ পৰা পাকিস্তানৰ নেচনেল এচেম্বলীত বিৰোধী দলৰ নেতা হৈ আছে। ইয়াৰ আগতে, তেওঁ তিনিবাৰ পঞ্জাৱৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ পূৰ্বে ইমৰান খানে নেচনেল এচেম্বলীৰ সদস্য পদৰ পৰা পদত্যাগ পত্ৰ প্ৰদান কৰে।

আৰু পঢ়ক: বোকাজানত বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ…

shebaz sharif imran khan pakistan