ৰে'ল হাইজেকঃ ১০৪ গৰাকী পণবন্দীক উদ্ধাৰ কৰিলে পাক সুৰক্ষা বাহিনীয়ে...

বেলুচিস্তানৰ বোলানত বিদ্ৰোহীয়ে হাইজেক কৰা ৰেলৰ পৰা ১০৪ জন যাত্ৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে সুৰক্ষা বাহিনীয়ে। অঞ্চলটোত এতিয়াও উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰীয়ে।

author-image
Tushar Pratim
New Update
১০৪ গৰাকী পণবন্দীক উদ্ধাৰ কৰিলে পাক সুৰক্ষা বাহিনীয়ে...

ডিজিটেল ডেস্কঃ বেলুচিস্তানৰ বোলানত বিদ্ৰোহীয়ে হাইজেক কৰা ৰেলৰ পৰা ১০৪ জন যাত্ৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে সুৰক্ষা বাহিনীয়ে। অঞ্চলটোত এতিয়াও উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰীয়ে।

Advertisment

মঙ্গলবাৰে বেলুচিস্তানৰ বিদ্ৰোহীয়ে হাইজেক কৰা ৰেলখনৰ পৰা নিৰাপত্তা বাহিনীয়ে দাবী কৰা মতে এই পৰ্যন্ত ১০৪ জন লোকক উদ্ধাৰ কৰাৰ বিপৰীতে ১৬ জন বিদ্ৰোহী নিহত হৈছে। গোটেই নিশা বিদ্ৰোহীৰে হোৱা সংঘৰ্ষৰ পাছত আজি পুৱা জাফ্ফৰ এক্সপ্ৰেছৰ পৰা ৫৭ জন যাত্ৰীক উদ্ধাৰ কৰি বেলুচিস্তানৰ ৰাজধানী কুৱেটালৈ প্ৰেৰণ কৰা হৈছে।

এতিয়াও ৰেলৰ ভিতৰতে আবদ্ধ হৈ আছে ১৭ গৰাকী যাত্ৰী। আনহাতে আহত যাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ বাবে স্থানীয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। এই পৰ্যন্ত উদ্ধাৰ হোৱা যাত্ৰীসকলৰ ভিতৰত মুঠ ৫৮ জন পুৰুষ, ৩১ গৰাকী মহিলা আৰু ১৫ টা শিশুও আছে।

নিৰাপত্তা সূত্ৰই জনোৱা অনুসৰি নিৰাপত্তা বাহিনীয়ে এতিয়াও উদ্ধাৰ অভিযান চলাই বাকী থকা পণবন্দীসকলক উদ্ধাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। অৱশ্যে নিৰাপত্তা বাহিনীয়ে অভিযান আৰম্ভ কৰাৰ পিছৰে পৰা বিদ্ৰোহীৰ দলটো সৰু সৰু গোটত বিভক্ত হৈ পৰিছে। তেওঁলোকে সুৰক্ষাবাহিনীৰ সৈতে ক্ষুদ্ৰ ক্ষুদ্ৰ গোটত বিভক্ত হৈ আক্ৰমণ অব্যাহত ৰাখিছে। তাৰ মাজতেই ক্ষিপ্ৰতাৰে উদ্ধাৰকাৰীয়ে উদ্ধাৰ অভিযান চলাইছে।

উল্লেখ্য যে, মঙলবাৰে পুৱা প্ৰায় ৯ বজাত স্বাধীনতাৰ দাবীৰে সশস্ত্ৰ সংগ্ৰাম কৰি অহা বেলুচ বিদ্ৰোহী গোট বালোচ লিবাৰেচন আৰ্মিয়ে কুৱেটাৰ পৰা খাইবাৰ পখতুনখোৱা প্ৰদেশৰ ৰাজধানী পেছাৱাৰলৈ যোৱা জাফ্ফৰ এক্সপ্ৰেছক হাইজেক কৰিছিল। কুচ বোলান জিলাৰ পেহৰো কুনৰি আৰু গদালাৰৰ মাজত হাইজেক কৰা এই যাত্ৰীবাহী ৰে’লখনৰ ৯ টা দবাত  প্ৰায় ৫০০ যাত্ৰী আছিল।

ইয়াৰে এশৰো অধিক যাত্ৰীক পণবন্দী কৰিছিল বিদ্ৰোহী গোটটোৱে। ঘটনা সন্দৰ্ভত এক বিবৃতিৰ জৰিয়তে দায়িত্ব স্বীকাৰ কৰিছে বিএলএয়ে। মঙলবাৰে নিশা বিদ্ৰোহীয়ে হাইজেক কৰা ৰে’লখনৰ কাষত গৈ পাকিস্তানী সুৰক্ষাবাহিনী উপস্থিত হয়।

এই সুৰক্ষা বাহিনীত আছে পাকিস্তান সেনাৰ ‘স্পেচিয়েল চাৰ্ভিচ গ্ৰুপ’ৰ কমাণ্ডো।এই খবৰ পোৱাৰ লগে লগে বিএলএই সেনাৰ অভিযান বন্ধ নকৰিলে পণবন্দীসকলক হত্যা কৰাৰ ভাবুকি দিয়ে।

উদ্ধাৰকাৰী সৈন্যক বাধা দিবলৈ বিদ্ৰোহী বেলুচ বিদ্ৰোহীয়ে ৰে’লপথৰ এটা অংশ বিস্ফোৰণ কৰে। শেহতীয়া খবৰ অনুসৰি বেলুচ বিদ্ৰোহীৰ গুলীচালনাত ৰে’লত থকা কমেও ২০ জন জোৱান আৰু অৰ্ধসামৰিক জোৱানক হত্যা কৰে।

তাৰ মাজতে নিৰাপত্তা বাহিনীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰে আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। বুধবাৰে পুৱা দীঘলীয়া উদ্ধাৰ অভিযানত সফলতা লাভ কৰিছে।

 

পাকিস্তান