টেনিছ ক’ৰ্টক বিদায় জনালে ‘অ’পেন’ যুগৰ শ্ৰেষ্ঠ তাৰকা ছেৰেনা উইলিয়ামছেঃ ক’লে এতিয়া মই এগৰাকী ভাল মাতৃ হ’ব বিচাৰো…

টেনিছ ক’ৰ্টক বিদায় জনালে ‘অ’পেন’ যুগৰ শ্ৰেষ্ঠ তাৰকা ছেৰেনা উইলিয়ামছেঃ ক’লে এতিয়া মই এগৰাকী ভাল মাতৃ হ’ব বিচাৰো…

author-image
asomiyapratidin
New Update
টেনিছ ক’ৰ্টক বিদায় জনালে ‘অ’পেন’ যুগৰ শ্ৰেষ্ঠ তাৰকা ছেৰেনা উইলিয়ামছেঃ ক’লে এতিয়া মই এগৰাকী ভাল মাতৃ হ’ব বিচাৰো…

ডিজিটেল ডেস্কঃ সুদীৰ্ঘ ২৭ বছৰীয়া এক বৰ্ণিল ক্ৰীড়া জীৱনৰ পৰিসমাপ্তি ! টেনিছ ক'ৰ্টৰ ৰাণী ছেৰেনা উইলিয়ামছৰ অৱসৰ। অ'পেন যুগৰ সৰ্বশ্ৰেষ্ঠ টেনিছ খেলুৱৈ হিচাপে পৰিগণিত হোৱা ছেৰেনাই ইউ এছ অ'পেনৰ তৃতীয় ৰাউণ্ডত পৰাস্ত হোৱাৰ পিছতে টেনিছ ক'ৰ্টক বিদায় জনোৱাৰ কথা ঘোষণা কৰে।

Advertisment

কেৰিয়াৰৰ অন্তিমখন মেচত ছেৰেনা পৰাস্ত হয় অষ্ট্ৰেলিয়াৰ আয়লা টামিয়ানভইচৰ হাতত। ৭-৫, ৬-৭, ৬-১ ব্যৱধানত পৰাস্ত হোৱা ছেৰেনাই মেচৰ অন্তত এক আৱেগিক ভাষণ প্ৰদান কৰে। বিদায়ৰ ক্ষণত ক'ৰ্টত কান্দি কান্দি ক'লে- মই ছেৰেনা নহ'লো হয়, যদিহে ভেনাছ (জ্যেষ্ঠ ভগ্নি ভেনাছ উইলিয়ামছ) নাথাকিল হয়।

উল্লেখ্যে অৱসৰ ঘোষণাৰ এদিন আগতে ছেৰেনাই তেওঁৰ ভগ্নি ভেনাছ উইলিয়ামছৰ লগতে ডাৱলছ মেচত অংশগ্ৰহণ কৰিছিল। মহিলাৰ ডাৱলছৰ প্ৰথম ৰাউণ্ডৰ পৰাই তেওঁলোক বাহিৰ হৈছিল। ছেৰেনাক সুধা হৈছিল, তেওঁৰ অৱসৰৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিব নেকি? তেওঁ কয়, মই নাজানো।

৪০ বৰ্ষীয় এইগৰাকী টেনিছ খেলুৱৈয়ে টেনিছক বিদায় দি এতিয়া এগৰাকী মাতৃ আৰু এগৰাকী পৃথক ছেৰেনা উইলিয়ামছ হোৱাৰ চেষ্টা চলাব বুলি উল্লেখ কৰিছে। মাত্ৰ ৪ বছৰ বয়সতে ৰেকেট হাতত তুলি লোৱা ছেৰেনাই মাত্ৰ ১৩ বছৰ বয়সতেই দৈনিক ৬ ঘণ্টাকৈ প্ৰখৰ ৰ'দকো নেওচি অনুশীলন কৰিছিল।

দৰাচলতে ছেৰেনাক এগৰাকী টেনিছ তাৰকা হিচাপে চাব বিচাৰিছিল তেওঁৰ পিতৃয়ে। মিচিগানত জন্ম হোৱা চেৰেনা শৈশৱতে পিতৃ-মাতৃ তথা পৰিয়ালৰ সৈতে কেলিফৰ্ণিয়ালৈ গুছি আহিছিল। ছেৰেনাৰ মাতৃ অৰেছিন প্ৰাইচ আৰু পিতৃ ৰিচাৰ্ড উইলিয়ামছে চেৰেনাক দিছিল টেনিছৰ প্ৰাথমিক প্ৰশিক্ষণ।

পেছাদাৰী টেনিছ টুৰ্ণামেণ্টত ছেৰেনাৰ প্ৰথম আত্মপ্ৰকাশ ঘটিছিল ১৯৯৬ চনত। ১৯৯৯ চনত ছেৰেনাই লাভ কৰিছিল তেওঁৰ কেৰিয়াৰৰ প্ৰথম গ্ৰেণ্ড শ্লাম। ২৭ বছৰীয়া কেৰিয়াৰত ছেৰেনাই অৰ্জন কৰিলে ৩৯ টাকৈ মেজৰ গ্ৰেণ্ড শ্লাম খিতাপ। ইয়াৰ ভিতৰত আছে ২৩ টা একক আৰু ১৪ টা মহিলাৰ ডাৱলছ আৰু ২ টা মিক্সড ডাৱলছ।

ইয়াৰ উপৰিও ছেৰেনাৰ নামত আছে ৪ টাকৈ অলিম্পিক পদক। ১৯৯৮ চনত গ্ৰেণ্ড শ্লামত ছেৰেনাই আত্মপ্ৰকাশ কৰিছিল। ১৯৯৯ চনত তেওঁ প্ৰথমটো গ্ৰেণ্ড শ্লাম জয় কৰি এই খিতাপ দখল কৰা সৰ্বকনিষ্ঠ টেনিছ খেলুৱৈ হিচাপে পৰিচিত হৈ পৰিছিল।

৩২ বছৰ বয়সৰ পিছত তেওঁ জয় কৰিছে ৬ টাকৈ গ্ৰেণ্ড শ্লাম। ২০১৬ চনত তেওঁ অষ্ট্ৰেলিয়ান অ'পেনত ভগ্নী ভেনাছ উইলিয়ামছক পৰাস্ত কৰি ২২ টা গ্ৰেণ্ড শ্লাম জয়ৰ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল। সেই সময়ত তেওঁ আছিল ২ মাহৰ গৰ্ভৱতী।

২০১৭ চনত ছেৰেনাই জন্মদিছিল এটি কন্যা সন্তান। কন্যা সন্তানটি জন্মৰ ঠিক আঢ়ৈ মাহৰ পিছত ডিচেম্বৰত তেওঁ পুনৰ ঘূৰি আহিছিল ক'ৰ্টলৈ। ২০১৮ আৰু ২০১৯ ৰ উইম্বলডন আৰু ইউ এছ অ'পেনত তেওঁ ফাইনেল খেলিছিল।

অৱশ্যে সেই দুয়াটো গ্ৰেশ্ন শ্লাম দখল কৰিব নোৱাৰিলে। তথাপিও সন্তান জন্ম দিয়াৰ মাত্ৰ আঢ়ৈ মাহৰ পিছতে ক'ৰ্টত ধুমুহা আনিবলৈ সক্ষম হোৱা ছেৰেনাৰ বাবে সেয়াও কম সাফ্যলৰ কথা নাছিল।

ছেৰেনাৰ নামত আছে ২ টাকৈ গোল্ডেন গ্ৰেণ্ড শ্লাম। উল্লেখ্য যে যেতিয়া এগৰাকী টেনিছ খেলুৱৈয়ে ৪ টা গ্ৰেণ্ড শ্লাম অষ্ট্ৰেলিয়ান অ'পেন, ফ্ৰেঞ্চ অ'পেন, উইম্বলডন আৰু ইউএছ অ'পেনৰ সৈতে তেওঁৰ কেৰিয়াৰত অলিম্পিক স্বৰ্ণ জয় কৰে তেতিয়াই গোল্ডেন শ্লাম কেৰিয়াৰ কোৱা হয়।

ছেৰেনাই ২০১২ চনত প্ৰথমবাৰৰ বাবে এইদৰে আটাইকেটা গ্ৰেণ্ড শ্লাম আৰু অলিম্পিক পদক জয় কৰি এই কৃতিত্বৰ অধিকাৰী হৈছিল। তেওঁৱেই আছিল প্ৰথমগৰাকী গোল্ডেন গ্ৰেণ্ড শ্লাম বিজয়ী টেনিছ তাৰকা। পৰৱৰ্তী সময়ত ভগ্নী ভেনাছ উইলিয়ামছৰ সৈতে ডাৱলছত এই কৃতিত্ব অৰ্জন কৰিছিল।