ইউএছ অপেনত পৰাস্ত গ্ৰেণ্ড শ্লেম বিজয়ী চেৰেনা উইলিয়ামছ, টেনিছক বিদায় খেলুৱৈগৰাকীৰ…

ইউএছ অপেনত পৰাস্ত গ্ৰেণ্ড শ্লেম বিজয়ী চেৰেনা উইলিয়ামছ, টেনিছক বিদায় খেলুৱৈগৰাকীৰ…

author-image
asomiyapratidin
New Update
ইউএছ অপেনত পৰাস্ত গ্ৰেণ্ড শ্লেম বিজয়ী চেৰেনা উইলিয়ামছ, টেনিছক বিদায় খেলুৱৈগৰাকীৰ…

ডিজিটেল ডেস্ক : চেৰেনা উইলিয়ামছে আজলা টমলজানোভিকৰ হাতত তৃতীয় ৰাউণ্ডত পৰাজিত হোৱাৰ পিছত টেনিছক বিদায় জনায়। উইলিয়ামছে ইউএছ অপেনৰ শনিবাৰে মহিলাৰ এককত তৃতীয় ৰাউণ্ডত ৫-৭, ৭-৬, ১-৬ ত আজলা টমলজানোভিকৰ হাতত পৰাস্ত হয়।

Advertisment

অষ্ট্ৰেলিয়াৰ আজলা টমলজানোভিকে টেনিছ আইকনটো ইউএছ অপেনৰ পৰা বাহিৰ লৈ যোৱাৰ লগে লগে চেৰেনা উইলিয়ামছৰ তেওঁৰ উজ্জ্বল কেৰিয়াৰৰ বাবে এক ৰূপকথাৰ সমাপ্তিৰ সপোনবোৰ শুকুৰবাৰে ধ্বংসস্তূপত পৰিছিল। ৪০ বছৰীয়া উইলিয়ামছে অপেনৰ পিছত অৱসৰ লোৱাৰ পৰিকল্পনা কৰিছিল।

৩ ঘণ্টা ৫ মিনিটৰ এক ভয়ংকৰ যুঁজত টমলজানোভিকে ৭-৫, ৬-৭ (৪/৭) ৬-১ ত পৰাস্ত কৰাৰ পাছত টেনিছৰ পৰা বিদায় লয় খেলুৱৈগৰাকীয়ে। ২৭ বছৰীয়া কেৰিয়াৰত ২৩ টা গ্ৰেণ্ড শ্লেম একক খিতাপ অৰ্জন কৰিছিল এইগৰাকী ক্ৰীড়া আৰু সাংস্কৃতিক আইকন উইলিয়ামছে।

international tenis sports