প্ৰাচীন ইজিপ্তৰ ৰহস্য বন্দী এটুকুৰা শিলত, পাঠোদ্ধাৰৰ দিশে বিশেষজ্ঞ...

প্ৰাচীন ইজিপ্তৰ ৰহস্য বন্দী এটুকুৰা শিলত, পাঠোদ্ধাৰৰ দিশে বিশেষজ্ঞ...

ডিজিটেল ডেস্ক : বিশ্বৰ আটাইতকৈ আকৰ্ষনীয় সভ্যতা সমূহৰ অন্যতম বুলি গণ্য কৰি অহা প্ৰাচীন ইজিপ্তিয়ান সভ্যতাৰো ৰহস্যসমূহ পাঠোদ্ধাৰ হোৱাৰ দিশে ক্ৰমাৎ আগবাঢ়িছে । বিগত বহু কেইটা শতিকা ধৰি কেৱল পিৰামিড আৰু মামীৰ জৰিয়তেই সীমিত জ্ঞান আহৰণ কৰিবলৈ সক্ষম হোৱা ইতিহাসবিদ,নৃতত্ববিদ সকলৰ বাবে আশাৰ প্ৰতীক হৈ দেখা দিছে এটুকুৰা প্ৰাচীন শিলৰ বুকুত খোদিত লিপিয়ে ।

১৭৯৯ চনত এদল ফৰাছী পদাতিক সৈন্যই আৱিষ্কাৰ কৰা এই শিলৰ টুকুৰাটোৰ বুকুত খোদিত আছিল সৰ্বমুঠ তিনিটা লিপি । পৰাক্ৰমী নেপোলিয়েনৰ সেনাই ইজিপ্তৰ ৰ'জেট্টা প্ৰদেশত এটি দুৰ্গৰ খনন কাৰ্য চলাই থকা অৱস্থাত আৱিষ্কাৰ হৈছিল এই শিলালিপিৰ।

কিন্তু সেই সময়ৰ প্ৰযুক্তি বিদ্যাৰে সম্ভৱ হোৱা নাছিল শিলালিপিৰ পাঠোদ্ধাৰ । সুদীৰ্ঘ দুটা শতিকাতকৈয়ো অধিক সময় পাছত বৰ্তমান প্ৰাচীন ইজিপ্ত সভ্যতাৰ গৱেষক সকলে চলোৱা এক চেষ্টাই দেখিছে আশাৰ মুখ । অতি শীঘ্ৰেই পাঠোদ্ধাৰ হোৱাৰ দিশে শিলালিপি ৩টা । এই শিলালিপিতেই আছে প্ৰাচীন ইজিপ্তিয়ান ভাষা হেইৰ’গ্লাইফছ পাঠোদ্ধাৰৰ সূত্ৰ ।

উল্লেখ্য যে, নেপোলিয়েনৰ সাম্ৰাজ্যৰ পতনৰ পাছতেই ব্ৰিটিছ চৰকাৰে আন বহু মূল্যবান সামগ্ৰীৰ সৈতেই এই শিলালিপিটোও লৈ আহিছিল লণ্ডনৰ ব্ৰিটিছ সংগ্ৰাহালয়লৈ । যদিও ১৯ শতিকাত এই লিপিৰ পাঠোদ্ধাৰ সম্ভৱ হোৱা নাছিল তথাপিও এই প্ৰকাণ্ড শিল টুকুৰাৰ গুৰুত্ব উপলব্ধি কৰিছিল সেনা বাহিনীটোৱে । যাৰ বাবেই ২টা শতিকা পাছত হ'লেও সফলতাৰ দিশে আগ বাঢ়িছে আধুনিক সমাজ ।

কিন্ত এই পাঠোদ্ধাৰৰ বাবেও গৱেষক সকলক প্ৰয়োজন হৈছিল প্ৰায় ২টা দশকৰ কষ্টৰ । বিগত ২০ বছৰে গুগল ট্ৰেঞ্চলেটে অভাৱনীয় সফলতা লাভ কৰাৰ পাছতো ভাষাতত্বৰ ক্ষেত্ৰখনৰ এক বিশাল অংশ সামৰি ল'ব লগীয়া হৈছিল এই গৱেষক সকলে ।

এই শিলালিপিত ৩টা ভাষাত খোদিত সৰ্বমুঠ ১০০টা শাৰীৰ ১৪ টা আছে হেইৰ'গ্লাইফছত , ৩২ টা শাৰী আছে বৰ্তমান প্ৰচলিত প্ৰাচীন ইজিপ্তিয়ান ভাষাৰ লিপিত আৰু আন ৫৪ টা শাৰী আছে প্ৰাচীন গ্ৰীক ভাষাত ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in