জীৱন-মৃত্যুৰে যুঁজিছে ছলমান ৰুশ্বডীয়ে…

জীৱন-মৃত্যুৰে যুঁজিছে ছলমান ৰুশ্বডীয়ে…

author-image
asomiyapratidin
New Update
জীৱন-মৃত্যুৰে যুঁজিছে ছলমান ৰুশ্বডীয়ে…

ডিজিটেল ডেস্ক : যোৱা ১২ আগষ্টত নিউয়ৰ্কৰ এক অনুষ্ঠানত ভাষণ প্ৰদানৰ প্ৰাকমূহূৰ্তত ছুৰীৰে আক্ৰমণ কৰিছিল মুক্ত বাক্ স্বাধীনতাৰ সমৰ্থক, বুকাৰ প্ৰাইজ বিজয়ী ছলমান ৰুশ্বডীক। বক্তৃতানুষ্ঠানৰ আৰম্ভণিতে শ্ৰুতা-দৰ্শকৰ আগত চিনাকি কৰাই দিয়া হৈছিল ৰুশ্বডীক আৰু সেই মুহূৰ্ততে দৰ্শকৰ মাজৰ পৰাই এজন লোক মঞ্চলৈ উঠি গৈ ৰুশ্বডীক উপৰ্যুপৰি ছুৰিকাঘাত কৰে। 

Advertisment

উল্লেখ্য যে ৰুশ্বডীয়ে বুকু (যকৃত), কাণ আৰু চকুত বিশেষভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু বৰ্তমান পেনছিলভেনিয়াৰ এৰীৰ এখন চিকিৎসালয়ত ভেন্টিলেটৰত ৰখা হৈছে। কিন্তু বৰ্তমানলৈ ৰুশ্বডীৰ স্বস্থ্য বিপদমুক্ত নহয়। ইয়াৰ উপৰিও ৰুশ্বডীৰ মাৰ্কিন এজেন্ট এণ্ড্ৰিউ উইলিয়ে কয় যে সাহিত্যিকজনে এটা চকু হেৰুৱাব লগা হ'ব পাৰে। ৰুশ্বডীৰ স্বাস্থ্যৰ আশু আৰোগ্য কামনা কৰি বিভিন্ন দেশৰ বিভিন্ন লেখকে প্ৰাৰ্থনা জনাইছে।

কাৰ অৱ বুকাৰ্ছ বঁটাৰে সন্মানিত ছলমান ৰুশ্বডী তেওঁৰ বিভিন্ন লিখনিৰ বাবে সমালোচিত হৈ আহিছে। 'দা ছাটানিক ভাৰ্ছেছ' নামৰ কিতাপখনে ইছলামক অৱমাননা কৰা বুলি বিশ্বৰ বিভিন্ন দেশত বিতৰ্কৰ সৃষ্টি কৰিছিল। ইৰানে এই কিতাপখন নিষিদ্ধ কৰে আৰু ইৰানৰ ধৰ্মীয় শীৰ্ষনেতা আয়াতুল্লা খোমেইনীয়া ৰুশ্বডীক হত্যাৰ নিৰ্দেশ দিছিল। এই গ্ৰন্থখনৰ পৰাই তেওঁ বিতৰ্কত সোমাই পৰিছিল আৰু ইছলামিক সমাজত প্ৰভাৱ পেলোৱাৰ বাবেই ইছলামিক সমাজৰ ৰোষত পৰিছিল লেখকগৰাকী।

উল্লেখ্য যে বিভিন্ন সময়ত বিভিন্ন জনৰ মৃত্যুৰ ভাবুকিৰ সন্মুখীন হৈছিল ৰুশ্বডী। ৰুশ্বডীক যিয়ে হত্যা কৰিব তেওঁক ৩ নিযুত মাৰ্কিন ডলাৰৰ পুৰস্কাৰ দিয়াৰ কথাও ইৰানৰ ধৰ্মীয় শীৰ্ষনেতা আয়াতুল্লা খোমেইনীয়াই ঘোষণা কৰিছিল। আৰু তেতিয়াৰ পৰাই ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ উভয় দেশৰ নাগৰিকত্ব লাভ কৰা ৰুশ্বডীয়ে লনডনত আত্মগোপন কৰাৰ দৰে বসবাস কৰি আহিছিল।

আৰু পঢ়ক : স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত, দেশবাসীক সম্বোধন কৰিব নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে…

salman rushdie writer attack