অভিযুক্ত চলমান খানঃ ভিডিঅ’ কনফাৰেন্স যোগে পালে আদালতত উপস্থিত থকাৰ অনুমোদন…

অভিযুক্ত চলমান খানঃ ভিডিঅ’ কনফাৰেন্স যোগে পালে আদালতত উপস্থিত থকাৰ অনুমোদন…

author-image
asomiyapratidin
New Update
অভিযুক্ত চলমান খানঃ ভিডিঅ’ কনফাৰেন্স যোগে পালে আদালতত উপস্থিত থকাৰ অনুমোদন…

ডিজিটেল ডেস্কঃ ৰাজস্থানৰ উচ্চ ন্যায়ালয়ে শুকুৰবাৰে অভিনেতা চলমান খানক হৰিণ চিকাৰ কৰাৰ ঘটনা সন্দৰ্ভত যোধপুৰৰ ভিডিঅ' কনফাৰেন্সৰ যোগেৰে ৬ ফেব্ৰুৱাৰী উপস্থিত থকাৰ অনুমতি প্ৰদান কৰিছে। চলমানখানে বৃহস্পতিবাৰে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ তেওঁ বিৰুদ্ধে থকা হৰিণৰ চোৰাং চিকাৰ কৰা গোচৰ খাৰিছৰ বাবে আবেদন জনাইছিল।

ইয়াৰ লগতে অভিনেতাজনে মুম্বাই আদালতৰ অনলাইন বিচাৰ প্ৰক্ৰিয়াত উপস্থিত থকাৰ অনুমতি বিচাৰিছিল। যোধপুৰ উচ্চ ন্যায়ালয়ে অভিনেতাজনৰ এই আবেদন গ্ৰহণ কৰি কোভিড-১৯ ৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইৰ পৰা যোধপুৰ ভ্ৰমণ ভাবুকি বুলি বিবেচনা কৰি চলমান খানৰ আবেদনক এক সকাহ বুলি গণ্য কৰিছে।