
ডিজিটেল ডেস্ক : ক্ৰমাৎ ভয়াৱহ ৰূপ লৈ গৈ আছে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই । প্ৰথমাৱস্থাত ইউক্ৰেইনৰ সাধাৰণ জনতাক কোনো প্ৰকাৰেই আক্ৰমণ নকৰাৰ ঘোষণা কৰা পুটিনৰ সেনাই শেহতীয়াকৈ আগ্ৰাসনত জয়ী হোৱা কোনো সুৰুঙা এৰা নাই । সোমবাৰে পুৱা ৰাছিয়াই আক্ৰমণ কৰে ইউক্ৰেইনৰ এটি শক্তি উৎপাদন কেন্দ্ৰত । যাৰ বাবে, ইউক্ৰেইনৰ প্ৰায় ৩.৫ লাখ বাসগৃহ অন্ধকাৰত ডুব যায় ৰাতিপুৱাই ।
শীতৰ আগমনৰ সৈতেই পূব ইউৰোপৰ দেশ সমূহক আবৰি ধৰে বৰফে । তাপমাত্ৰা হ্ৰাস হয় শূণ্যৰ কেইবা ডিগ্ৰী তললৈ । তেনেস্থলত ইউৰোপীয়ান দেশসমূহে আশ্ৰয় ল'ব লগীয়া হয় কৃত্ৰিম শক্তিৰ ওচৰত । কেৱল বৈদ্যুতিক শক্তিৰ ভৰষাতেই সম্পূৰ্ণ শীতকাল কটাব লগীয়া হয় ইউৰোপীয়ান দেশ সমূহে । ইউক্ৰেইনো ইয়াৰ ব্যতিক্ৰম নহয় । তেনেস্থলত ইউক্ৰেইনৰ শক্তি কেন্দ্ৰত কৰা এই আক্ৰমণে ব্যাপক প্ৰভাৱ পেলাব জন জীৱনত ।
আনহাতে, ঘটনা সন্দৰ্ভত ক্যীভৰ মেয়ৰে কৰা মন্তব্য অনুসৰি এই আক্ৰমণ ইমানেই ভয়াৱহ আছিল যে, শক্তি কেন্দ্ৰ সমূহ সম্পূৰ্ণকৈ মেৰামতি কৰি কাৰ্যক্ষম কৰাবলৈ কেইবা সপ্তাহৰো প্ৰয়োজন হ'ব ইউক্ৰেইনক ।