ডিজিটেল ডেস্কঃ কলেজ, বিশ্ববিদ্যালয়ৰ যুৱতীয়ে সুস্থ সন্তান জন্ম দিলে লাভ কৰিব প্ৰায় ৮১ হাজাৰ টকা। শুনিবলৈ অদ্ভুত যদিও ছাত্ৰীক এই অফাৰ দিছে এখন দেশৰ প্ৰশাসনে। ছাত্ৰীৰ বাবে এই অফাৰ আগবঢ়াই কেইবাটাও চৰ্তও আৰোপ কৰিছে প্ৰশাসনে।
কেৱল সন্তান জন্ম দিলেই নহ'ব, সেই সন্তান সুস্থ আৰু সৱল হ'ব লাগিব। ৮১ হাজাৰ টকা সেইসকলেহে লাভ কৰিব যাৰ বয়স ২৫ বছৰৰ তলত। চৰকাৰী ভাৱেই দিয়া এনে প্ৰস্তাৱৰ বিষয়টো পোহৰলৈ অহাৰ পাছতে প্ৰতিক্ৰিয়াৰ সমান্তৰালকৈ বিতৰ্কও সৃষ্টি হৈছে।
'দ্য মস্কো টাইমছ'ত প্ৰকাশ পাইছে এটা বাতৰি। বাতৰিটোত কোৱা হৈছে ৰাছিয়াৰ এখন চহৰত ২৫ বছৰ বয়সৰ তলৰ ছাত্ৰীয়ে সন্তান জন্ম দিলে ৮১ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছে। এনে ঘোষণাৰ আঁৰত থকা কাৰণো ব্যাখ্যা কৰিছে কাকতখনে।
প্ৰকাশিত খবৰ অনুসৰি চীন আৰু জাপানৰ দৰে দেশত জন্মৰ হাৰ বৃদ্ধিৰ বিপৰীতে ৰাছিয়াত জন্মৰ হাৰ হ্ৰাস পোৱাক লৈ উদ্বিগ্ন হৈ পৰিছে প্ৰশাসন। সেয়ে তেওঁলোকেও জন্মৰ হাৰ বৃদ্ধ কৰাৰ উদ্দেশ্যৰে এই ঘোষণা কৰিছে। এই সম্পৰ্কীয় এখন আইন ১ জানুৱাৰী ২০২৫ ৰ পৰা কাৰ্যকৰী কৰা হৈছে।
বিশেষকৈ কম বয়সীয়া যুৱক-যুৱতীৰ মাজত বিবাহৰ বাবে উৎসাহ দিবলৈ আৰু পৰিয়ালৰ সদস্যৰ সংখ্যা বৃদ্ধি কৰিবলৈ এনে পদক্ষেপ লোৱা হৈছে। অৱশ্যে এই পুৰস্কাৰ পাবলৈ কেৱল সন্তান জন্ম দিলেই নহ'ব। পূৰণ হ'ব লাগিব কেইবাটাও চৰ্ত।
ৰাছিয়াৰ কাৰেলিয়া চহৰৰ প্ৰশাসনে ঘোষণা কৰা অনুসৰি কলেজ, বিশ্ববিদ্যালয়ৰ ২৫ বছৰৰ তলৰ ছাত্ৰীসকলে সন্তান জন্ম দিলে আৰ্থিক পুৰস্কাৰ লাভ কৰিব। পুৰস্কাৰ হিচাপে আগবঢ়াব ১ লাখ ৰুবুল যাৰ ভাৰতীয় মূল্য প্ৰায় ৮১ হাজাৰ টকা। তাৰোপৰি ছাত্ৰীসকল কাৰেলিয়া চহৰৰ বাসিন্দা হ'ব লাগিব।
তেওঁলোকে জন্ম দিয়া সন্তান সুস্থ আৰু সৱল হ'ব লাগিব। অসুস্থ অথবা বিশেষভাৱে সক্ষম সন্তান জন্ম দিলে এই পুৰস্কাৰ লাভ নকৰিব। কেৱল কাৰেলিয়াই নহয়, ৰাছিয়াৰ আন ১১ খন চহৰতো ইয়াৰ পূৰ্বে কম বয়সীয়া ছাত্ৰীসকলৰ বাবে এই প্ৰস্তাৱ দিয়া হৈছে।
পূৰ্বৰ দৰেই এইবাৰো প্ৰসাশনৰ এনে ঘোষণাক লৈ সমালোচনা হৈছে। একাংশ লোকে চৰকাৰৰ দূৰদৰ্শিতাৰ অভাৱ বুলিও কটাক্ষ কৰিছে। ২০২৪ চনৰ প্ৰথম ছয় মাহত ৰাছিয়াত ৫ লাখ ৯৯ হাজাৰ ৬০০ শিশুৰ জন্ম হৈছিল।
সমীক্ষা অনুসৰি যোৱা ২৫ বছৰৰ পাছত এইবাৰেই আটাইতকৈ কম শিশুৰ জন্ম হৈছে। ২০২৩ ৰ তুলনাত ২০২৪ ত শিশুৰ জন্মৰ সংখ্যা ১৬ হাজাৰ হ্ৰাস পালে। সেয়ে ৰাছিয়াৰ এই চহৰসমূহৰ প্ৰশাসনে বিষয়টোক উদ্বেগজনক হিচাপে লৈছে আৰু শিশুৰ জন্মৰ হাৰ বৃদ্ধিৰ বাবে এইধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে।
আনকি ৰাষ্ট্ৰপতি পুটিনেও ৰাছিয়াৰ প্ৰতিটো পৰিয়ালক অতি কমেও তিনিটাকৈ সন্তান জন্ম দিবলৈ আহ্বান কৰিছে। লগতে মাতৃৰ স্বাস্থ্য সুৰক্ষাৰ বাবেও বিভিন্ন কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে।