জেলনস্কিৰ সৈতে আলোচনা কৰিবলৈ সাজু পুটিনঃ অন্ত পৰিবনে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ !

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে প্ৰয়োজন হ’লে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিৰ সৈতে আলোচনা কৰিবলৈ সাজু। মঙলবাৰে ক্ৰেমলিনে এই কথা সদৰি কৰিছে।

author-image
Asomiya Pratidin
New Update
জেলনস্কিৰ সৈতে আলোচনা কৰিবলৈ সাজু পুটিনঃ অন্ত পৰিবনে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ !

ডিজিটেল ডেস্কঃ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে প্ৰয়োজন হ’লে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিৰ সৈতে আলোচনা কৰিবলৈ সাজু। মঙলবাৰে ক্ৰেমলিনে এই কথা সদৰি কৰিছে। উল্লেখ্য যে, ৰাছিয়া আৰু আমেৰিকাৰ শীৰ্ষ কূটনীতিবিদসকলে ৰাছিয়া-ইউক্ৰেইনৰ মাজত চলি থকা তিনি বছৰীয়া যুদ্ধৰ অৱসান ঘটাবলৈ ছৌদি আৰৱত আলোচনাত মিলিত হৈছে। অৱশ্যে ইউক্ৰেইনৰ কোনো প্ৰতিনিধি এই আলোচনাত নাই। তথাপিও তেনে সময়তে পুটিনৰ এই বক্তব্যই বিশেষ তাতপৰ্য বহন কৰিছে।  

Advertisment

ক্ৰেমলিনৰ মুখপাত্ৰ ডিমিট্ৰি পেস্কোভৰ উদ্ধৃতিৰে প্ৰকাশিত খবৰ অনুসৰি ‘পুটিনে নিজেই কৈছে প্ৰয়োজন হ’লে তেওঁ জেলেনস্কিৰ সৈতে আলোচনা কৰিবলৈ সাজু হ’ব। ইফালে পুটিনৰ এনে স্থিতিৰ বিপৰীতে জেলেনস্কিয়ে কয়, ইউক্ৰেইনে নিজৰ পিঠিৰ পিছফালে দালালি কৰা কোনো শান্তি চুক্তি গ্ৰহণ নকৰে।

যোৱা সপ্তাহত ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়ে কৈছিল আমি এখন সাৰ্বভৌম দেশ হিচাপে আমাৰ অবিহনে কৰা কোনো চুক্তি গ্ৰহণ কৰিব নোৱাৰিম। মন কৰিবলগীয়া যে, ৰাছিয়া আৰু ইউক্ৰেইন দুয়োখন দেশেই নিজৰ ভূ-খণ্ডক এৰি নিদিয়ে বুলি স্পষ্ট কৰিছে। যোৱা বছৰ পুটিনে কিভ আৰু অন্যান্য অঞ্চলৰ পৰা নিজৰ বাহিনী পিছুৱাই নিবলৈ জোৰ দিছিল।

উল্লেখ্য যে, ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়টো কাৰ্যকাল আৰম্ভ কৰাৰ পিছতে ৰাছিয়া আৰু ইউক্ৰেইনৰ শান্তি আলোচনাৰ বিষয়টোক লৈ ততপৰ হৈ পৰিছে। টেলিফোনযোগে পুটিন আৰু জেলেনস্কি দুয়োৰে সৈতে পৃথকে পৃথকে আলোচনা কৰিছে।

ইফালে, ছৌদি আৰৱত দুয়ো দেশৰ মাজত শান্তি স্থাপনৰ বাবে আলোচনা চলিলেও ইউক্ৰেইনৰ সেনাই জনোৱা মতে, ৰাছিয়াই কিভত ড্ৰোনেৰে আক্ৰমণ কৰিছে। আৰু ইউক্ৰেইনত যুদ্ধ অব্যাহত আছে। ইউক্ৰেইনৰ বায়ুসেনাই জনোৱা মতে, ৰাছিয়াৰ সৈন্যই নিশাটোৰ ভিতৰতে ইউক্ৰেইনত ১৭৬ খন ড্ৰোন নিক্ষেপ কৰিছে। অৱশ্যে ইয়াৰ অধিকাংশই জামিঙৰ ফলত ধ্বংস বা অক্ষম হৈ পৰিছে।।
 

ইউক্ৰেইন ৰাছিয়া