/asomiyapratidin/media/media_files/2025/05/28/q40OaRveJgDiTy6Jpbxm.jpg)
ডিজিটেল ডেস্কঃ এফালে আলোচনা আনফালে যুদ্ধ; শান্তি কিদৰে সম্ভৱ? এই প্ৰশ্নই এতিয়া বিশ্ববাসীৰ মনত। ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ বিৰতিক লৈ যোৱা সময়ত কেইবালানিও বৈঠক অনুষ্ঠিত হৈ গৈছে।
দুয়ো পক্ষৰ মাজত যুদ্ধ বন্দীও হস্তান্তৰৰ বুজাবুজি সম্পন্ন হৈছিল। সেই বুজাবুজিৰ চুক্তিৰ মাজতেই প্ৰায় ১০০০ যুদ্ধ বন্দীক হস্তান্তৰ কৰা হৈছিল। বিশ্ব বাসীয়ে ধাৰণা কৰিছিল শেষ হবলৈ নিবিচৰা এখন যুদ্ধ যেন শেষ হোৱাৰ দিশে আগবাঢ়িছে।
পিছে মানুহৰ সেই ধাৰণাক ভুল প্ৰমাণ কৰি ইউক্ৰেইনৰ ওপৰত অধিক শক্তাশালী আক্ৰণমণ অব্যাহত ৰাখিছে ৰাছিয়াই। যাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক একপ্ৰকাৰে ভাবুকি দিয়াই পৰিলক্ষিত হৈছে।
মঙলবাৰে উত্তৰ পূব ইউক্ৰেইনত তীব্ৰতৰ হৈছে ৰাছিয়াৰ আক্ৰমণ
ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে। মঙলবাৰে উত্তৰ-পূব ইউক্ৰেইনত ৰাছিয়াৰ সেনাই আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে। আনকি তেওঁলোকে পূব ইউক্ৰেইনৰ ডনেস্ক আৰু লহানস্ক অঞ্চলক সামৰি লোৱা ডনবাছক দখল কৰাৰ দাবী কৰিছে।
আলোচনাৰ টেবুলৰ পৰা আঁতৰি গৈ ইউক্ৰেইনৰ ওপৰত আক্ৰমণ তীব্ৰতৰ কৰি তোলা কাৰ্যত সুখী নহয় আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। ট্ৰাম্পে পুনৰ সতৰ্কবাণী শুনাইছে যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে যুদ্ধবিৰতিৰ আলোচনা কৰিবলৈ অস্বীকাৰ কৰি ‘জুইৰ সৈতে খেলিছে’।
মঙলবাৰে নিহত হৈছে ১৪৭০ ৰৰো অধিক ইউক্ৰেইনৰ সেনা
মঙলবাৰে মস্কোৱে দাবী কৰিছে, বিগত ২৪ ঘণ্টাৰ সামৰিক অভিযানত কমেও ১৪৭৫ জন ইউক্ৰেইনৰ সৈন্য নিহত হৈছে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিবৃতিত দাবী কৰা হৈছে যে তেওঁলোকৰ সৈন্যই ডনেটস্ক অঞ্চলৰ ষ্টাৰয়া নিকোলায়েভকাৰ বসতি মুক্ত কৰিছে।
কেৱল সেয়াই নহয়, ইউক্ৰেইনৰ খাৰকিভতো তেওঁলোকে সফলতা লাভ কৰিছে। ইউক্ৰেইনৰ বিভিন্ন চহৰত ড্ৰ’ন আৰু মিছাইলৰ সহায়ত আক্ৰমণ কৰা হৈছে।
ট্ৰাম্পে সকিয়াইছে পুটিনক
ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত পুটিনক সকিয়াই লিখিছে যে তেওঁ নোহোৱা হ’লে ৰাছিয়াত বহু অঘটন ঘটিল হেতেন। সেই কথা পুটিনে বুজি পোৱা নাই।
তেওঁ পুটিনে জুইৰ লগত খেলিবলৈ আৰম্ভ কৰিছে বুলিও উল্লেখ কৰি এনে কাৰ্যক সঁচাকৈয়ে দুৰ্ভাগ্যজনক আখ্যা দিছে। উল্লেখ্য যে, আমেৰিকাত দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হোৱাৰ পিছৰে পৰা ট্ৰাম্পে ৰাছিয়াৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ চেষ্টা কৰা দেখা গৈছে।
ইউক্ৰেইনৰ সৈতে ৰাছিয়াৰ যুদ্ধ অৱসান ঘটাবলৈ তেওঁ উদ্যোগ লৈছে। ইয়াৰ বাবে তেওঁ এফালে যিদৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিক সাক্ষাৎ কৰিছিল ঠিক সেইদৰে পুটিনৰ সৈতেও সাক্ষাৎ কৰিছে।
ট্ৰাম্পে সঘনে দুয়োখন দেশৰ নেতাৰ মাজত টেলিফোনিক বাৰ্তালাপো অব্যাহত ৰাখিছে। তেওঁ আৰম্ভণিৰে পৰাই দাবী কৰি আহিছে যে তেওঁ যুদ্ধ ভাল নাপায় আৰু সেয়ে যুদ্ধ নিবিচাৰে।
ট্ৰাম্পৰ এনে মধ্যস্থতাৰ পিছতো কিন্তু এতিয়াও ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ বন্ধ হোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই। ইয়াৰ বিপৰীতে ৰাছিয়াৰ সেনাই প্ৰায় প্ৰতিদিনে ইউক্ৰেইনৰ ওপৰত আক্ৰমণ বৃদ্ধি কৰিছে।
৩০ দিনীয়া যুদ্ধ বিৰতিৰ প্ৰস্তাৱক অগ্ৰাহ্য
শেহতীয়াকৈ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৩০ দিনীয়া যুদ্ধবিৰতিৰ প্ৰস্তাৱ দিয়া হৈছিল। বিষয়টোৰ ওপৰত আলোচনা হৈছিল যদিও সেই আলোচনাই গুৰুত্ব লাভ নকৰিলে।
মস্কোৱে নিজা স্থিতিত অটল থাকি ইউক্ৰেইনৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে। সেয়ে কিছুদিন পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে পুটিনক উপহাস কৰি কৈছিল যে পুটিন পাগল হৈছে।
ট্ৰাম্পৰ এনে মন্তব্যক যদিও মস্কোৱে বিশেষ গুৰুত্ব দিয়া নাছিল তথাপিও ৰাছিয়াৰ সুৰক্ষা বাহিনীৰ মুৰব্বী তথা প্ৰাক্তন ৰাষ্ট্ৰপতি দিমিত্ৰী মেডভেডেভে ডনাল্ড ট্ৰাম্পৰ এনে বাক্যৰ প্ৰত্যুত্তৰ হিচাপে ট্ৰাম্পক লক্ষ্য কৰি ‘দ্বিতীয় বিশ্বযুদ্ধ’ৰ কথা সোঁৱৰাই দিছিল।