আজি পুনৰ আলোচনাত মিলিত হ’ব ৰাছিয়া-ইউক্ৰেইন…

আজি পুনৰ আলোচনাত মিলিত হ’ব ৰাছিয়া-ইউক্ৰেইন…

author-image
asomiyapratidin
New Update
পুটিনৰ সৈতে আলোচনা কৰিবলৈ সাজু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি…

ডিজিটেল ডেস্ক: মঙলবাৰে পুনৰ আলোচনাত মিলিত হ'ব ইউক্রেইন আৰু ৰাছিয়াৰ প্রতিনিধি। মধ্যস্থতাকাৰী হিচাপে থাকিব ইজৰাইলৰ প্রধানমন্ত্রী নাফতালি বেনেট।

Advertisment

উল্লেখ্য যে, ১৬ মাৰ্চত বিশ্ব ন্যায়ালয়ে যুদ্ধ সন্দৰ্ভত ৰাছিয়াৰ বিৰুদ্ধে ৰায় দিব । ICJয়ে ৰাছিয়াক সেনা প্রত্যাহাৰৰ বাবে জনাইছিল আহ্বান।

ৰাছিয়া-ইউক্ৰেইনৰ মাজত যুদ্ধ এতিয়াও অব্যাহত আছে। ৰাছিয়াই ইতিমধ্যে ইউক্ৰেইনৰ প্ৰায়বোৰ চহৰতেই ধ্বংস লীলা চলাইছে। বিশ্বৰ বিভিন্ন দেশে ৰাছিয়াৰ ওপৰত বহু নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতো ৰাছিয়াই পিছ হুহুকি যোৱা নাই। ইয়াৰ পূৰ্বেও ৰাছিয়া-ইউক্ৰেইনৰ মাজত আলোচনা হৈছিল যদিও কোনো ধৰণৰ সমাধান নোলাল। আজিৰ আলোচনাত কি সমাধান ওলাই সেয়া হ'ব লক্ষণীয়।

russia ukraine war