”আমাৰ ওচৰত অস্ত্ৰ-শস্ত্ৰ আৰু ইচ্ছাশক্তিও আছে” ৰাছিয়াক সতৰ্কবাণী…

”আমাৰ ওচৰত অস্ত্ৰ-শস্ত্ৰ আৰু ইচ্ছাশক্তিও আছে” ৰাছিয়াক সতৰ্কবাণী…

author-image
asomiyapratidin
New Update
”আমাৰ ওচৰত অস্ত্ৰ-শস্ত্ৰ আৰু ইচ্ছাশক্তিও আছে” ৰাছিয়াক সতৰ্কবাণী…

ডিজিটেল ডেস্ক: সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিছে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই।ৰাছিয়াই ইউক্ৰেইৰ ওপৰত গুলী বাৰুদ আনকি মিছাইলেৰেও আক্ৰমণ কৰিছে। ৰাছিয়াই ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ চাৰিওফালে আগুৰি আছে কিন্তু ইউক্ৰেইনৰ সেনাই হাৰ মনা নাই এতিয়াও।

Advertisment

ইয়াৰ মাজতে ইউক্ৰেইনৰ সেনাই সতৰ্ক কৰি দিয়ে ৰাছিয়াক। ইউক্ৰেইন সেনাই কয় যে কিয়েভত প্ৰতিগৰাকী নাগৰিকে নিজৰ চহৰ, দেশ ৰক্ষা কৰি আছে। ইউক্ৰেইনৰ এগৰাকী সেনাই সংবাদ মাধ্যমৰ আগত কয় যে তেওঁলোকে শান্তি বিচাৰে কিন্তু যুদ্ধৰ বাবেও সাজু আছে। ৰাছিয়ান সেনাৰ মোকাবিলা ইউক্ৰেইনৰ নাগৰিক সকলে নিজ ইচছাশক্তি অনুসৰি কৰিছে। লগতে কয় যে "আমাৰ ওচৰত অস্ত্ৰ-শস্ত্ৰও আছে আৰু ইচ্ছাশক্তিও আছে"।

অৱশ্যে সেনা গৰাকীয়ে ভাৰতৰ লগতে অন্য দেশ সমূহত আহ্বান জনাই যে তেওঁলোকে যাতে যুদ্ধ বিৰাম কৰাৰ বাবে ৰাছিয়াক দাবী জনাই। উল্লেখ্য যে, প্ৰায় ১০ দিনৰো বেছি দিন ধৰি চলি আছে ৰাছিয়া-ইউক্ৰেইনৰ মাজত যুদ্ধ। পৰৱৰ্তী সময়ত এই যুদ্ধ কি পৰ্যায় পায়গৈ সেয়া হ'ব লক্ষণীয়।

ukraine russia