/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/ukraine-attack-live-sixteen_nine.jpg)
ডিজিটেল ডেস্ক: অব্যাহত আছে ৰাছিয়া-ইউক্ৰেইনৰ মাজত যুদ্ধ। দুয়োখন দেশৰ মাজত দুবাৰকৈ হোৱা আলোচনাৰ পাছতো অব্যাহত আছে গুলীবৰ্ষণ।
ৰাছিয়ান সেনাই ইউক্ৰেইনৰ চহৰ সমূহক লক্ষ্য কৰি ধ্বংস কৰি গৈছে সকলো। ৰাছিয়ান সৈন্যৰ হাতত মৃত্যু হৈছে শিশুৰ পৰা আৰম্ভ কৰি সাধাৰণ নাগৰিকো।
ইউক্ৰেইনৰ তৰফৰ পৰা ৰবিবাৰে দাবী কৰা অনুসৰি চৰপিন চহৰত ৰাছিয়ান সেনাৰ গুলীবৰ্ষণত ৩ গৰাকী সাধাৰণ নাগৰিকৰ মৃত্যু হয়। ইয়াৰে দুগৰাকী শিশু বুলি জানিব পৰা গৈছে।
ইউক্ৰেইনৰ সংবাদ মাধ্যমৰ তথ্য অনুসৰি এই তিনিগৰাকীৰ মৃত্যু এখন দলঙত হোৱা আক্ৰমণৰ সময়ত হৈছে।এই দলং খনৰ জৰিয়তে সাধাৰণ নাগৰিক সকলক উদ্ধাৰৰ ব্যৱস্থা কৰা হৈছিল কিন্তু সেই দলং খনতে আক্ৰমণ কৰে ৰাছিয়ান সৈনাই।
উল্লেখ্য যে, বিশ্বৰ কেইবাখনো দেশে আহ্বান জনোৱাৰ পাছতো ৰাছিয়ান সেনা পিছুৱাই যোৱা নাই। অন্যহাতে ইউক্ৰেইনেও কৰি গৈছে যুদ্ধৰ মোকাবিলা।