ৰাছিয়াই বৰ্তমানলৈ প্ৰায় ৪৮০ টা মিছাইলেৰে আক্ৰমণ কৰিছে ইউক্ৰেইনৰ ওপৰত

ৰাছিয়াই বৰ্তমানলৈ প্ৰায় ৪৮০ টা মিছাইলেৰে আক্ৰমণ কৰিছে ইউক্ৰেইনৰ ওপৰত

author-image
asomiyapratidin
New Update
ৰাছিয়াই বৰ্তমানলৈ প্ৰায় ৪৮০ টা মিছাইলেৰে আক্ৰমণ কৰিছে ইউক্ৰেইনৰ ওপৰত

ডিজিটেল ডেস্ক: ৰাছিয়াই অহৰহ আক্ৰমণ চলাই গৈছে ইউক্ৰেইনৰ ওপৰত। ইয়াৰ মাজতে আমেৰিকাই দাবী কৰিছে যে ৰাছিয়াই বৰ্তমানলৈ ইউক্ৰেইনৰ ওপৰত প্ৰায় ৪৮০ টা মিছাইলেৰে আক্ৰমণ কৰিছে। ইয়াৰে ৭০ টা মিছাইলেৰে আক্ৰমণ কৰিছে বেলাৰুচত আৰু বাকী সমূহেৰে আন ঠাইত আক্ৰমণ কৰা হৈছিল।

Advertisment

ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত অহৰহ আক্ৰমণ কৰি গৈছে।ইউক্ৰেইনৰ তৰফৰ পৰাও দাবী কৰিছে যে ৰাছিয়াই বৰ্তমানলৈ ৪৮০ টা মিছাইল আক্ৰমণ কৰিছে আৰু ইয়াৰে আধা মিছাইল ইউক্ৰেইনে ধ্বংস কৰিছে।ইউক্ৰেইনে দাবী কৰিছে যে যুদ্ধত বৰ্তমানলৈ ২০০০ নাগৰিকৰ মৃত্যু হয়, লগতে বহু লোক আহত হয়।

শুকুৰবাৰে ৰাছিয়ান সৈন্যই ইউক্ৰেইনত থকা সকলোতকৈ ডাঙৰ নিউক্লিয়াৰ পাৱাৰ প্লান্টত আক্ৰমণ কৰে আৰু পাছত দখল কৰে। ইয়াৰ পূৰ্বে ইয়াৰ ওপৰত বোমা বৰ্ষণ কৰা হৈছিল।

উল্লেখ্য যে, ৰাছিয়া-ইউক্ৰেইনৰ মাজত যুদ্ধ অব্যাহত আছে। দুয়ো দেশৰ মাজত আলোচনা হ'লেও এতিয়াও সমাধান হোৱা নাই সমস্যাৰ। পৰৱৰ্তী সময়ত লক্ষ্য়ণীয় হ'ব এই যুদ্ধ কি পৰ্যায় পায়গৈ।

ukraine russia