/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/uklrao.png)
ডিজিটেল ডেস্ক: ৰাছিয়া-ইউক্ৰেউনৰ মাজত চলি থকা যুদ্ধৰ মাজতেই সোমবাৰে চেটেলাইটৰ দ্বাৰা লোৱা এখন ছবিয়ে বৃহত খোলাচা কৰে।এই ছবিত দেখিবলৈ পোৱা অনুসৰি ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ উত্তৰৰ প্ৰায় ৬৪ কিলোমিটাৰ পৰ্যন্ত ৰাছিয়ান সেনাই সোমাই আহিছে।
প্ৰায় ১ দিন পূৰ্বে কোৱা হৈছিল যে ৰাছিয়া সেনাৰ কনভয় প্ৰায় ২৭ কিলোমিটাৰ দীঘল , আৰু তাৰপাছতেই চেটেলাইটৰ ফটোত দেখা গৈছে অন্য ছবি।অন্যহাতে কিয়েভ অহৰহ ৰাছিয়ান সেনাৰ বিৰুদ্ধে যুঁজ কৰি গৈছে।
আমেৰিকা স্পেচ টেকনলজি কোম্পানী মৈক্সাৰ দ্বাৰা জাৰি কৰা চেটেলাইট ছবিত দেখিবলৈ পোৱা অনুসৰি ৰাছিয়ান সেনাৰ কনভয়ে এন্টোনোভ বিমান বন্দৰৰ পৰা প্ৰিবিস্ক চহৰ পৰ্যন্ত আগুৰি আছে।উল্লেখ্য যে, এই ছবিত বহু ঠাইত ঘৰ, অট্টালিকা আদিও জ্বলি থকা দেখা গৈছে।
ইয়াৰ পূৰ্বে ৰাছিয়াই কিয়েভৰ নাগৰিক সকলক সাৱধান কৰি দিছিল যে তেওঁলোকে ৰাজধানী এৰি যাওক,যাতে বিনা দ্বিধাই ইউক্ৰেইন দখল কৰিব পাৰে। ইয়াৰ মাজতে ইউক্ৰেইনে জাৰি কৰা তথ্য অনুসৰি ৰাছিয়াৰ আক্ৰমণত প্ৰায় ৩৫০ গৰাকী ইউক্ৰেইনৰ নাগৰিকৰ মৃত্যু হৈছে।