৩০ দিনীয়া যুদ্ধ বিৰতিলৈ ৰাছিয়াৰো সমৰ্থনঃ তথাপিও আঁতৰা নাই জটিলতা...

ইউক্ৰেইনৰ যুদ্ধবিৰতিৰ ধাৰণাটোৰ সৈতে একমত হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে। তাৰ পাছতো ইউক্ৰেইনৰ সৈতে এই যুদ্ধ বিৰতিক লৈ নানান প্ৰশ্ন উত্থাপন হৈছে।

author-image
Tushar Pratim
New Update
৩০ দিনীয়া যুদ্ধ বিৰতিলৈ ৰাছিয়াৰো সমৰ্থনঃ তথাপিও আঁতৰা নাই জটিলতা...

ডিজিটেল ডেস্কঃ ইউক্ৰেইনৰ যুদ্ধবিৰতিৰ ধাৰণাটোৰ সৈতে একমত হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে। তাৰ পাছতো ইউক্ৰেইনৰ সৈতে এই যুদ্ধ বিৰতিক লৈ নানান প্ৰশ্ন উত্থাপন হৈছে। কিয়নো পুটিনে আৰোপ কৰিছে বহু কেইটা কঠোৰ চৰ্ত। 

Advertisment

উল্লেখ্য যে, আমেৰিকাৰ মধ্যস্থতাত ছৌদি আৰৱত হোৱা বৈঠকৰ পাছতে ইউক্ৰেইনে ৩০ দিনীয়া যুদ্ধ বিৰতিত সন্মতি প্ৰকাশ কৰিছিল। তাৰ পাছতে এই যুদ্ধ বিৰতিৰ প্ৰস্তাৱত সন্মত হৈছে পুটিন। 

অৱশ্যে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে যুদ্ধ বিৰতিত সন্মতি জনাই আৰোপ কৰা চৰ্তৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইয়াক ‘ষড়যন্ত্ৰমূলক’ বুলি অভিহিত কৰিছে।  বৃহস্পতিবাৰে মস্কোত এখন সংবাদমেলত ৰাষ্ট্ৰপতি পুটিনে যুদ্ধবিৰতিৰ প্ৰস্তাৱ সন্দৰ্ভত কয়, "এই ধাৰণাটো সঠিক। আমি ইয়াক সমৰ্থন কৰোঁ। কিন্তু কিছুমান প্ৰশ্ন আছে যিবোৰ আমি আলোচনা কৰাটো প্ৰয়োজন।"

পুটিনে কয় যে এই যুদ্ধবিৰতিৰ দ্বাৰা শান্তি স্থাপন কৰা উচিত আৰু এই সংকটৰ মূল কাৰণসমূহ সমাধান কৰা উচিত। তেওঁ কয়, "আমি আমাৰ আমেৰিকান বন্ধুৰ সৈতে আলোচনা কৰাৰ প্ৰয়োজন। হয়তো মই ড'নাল্ড ট্ৰাম্পৰ সৈতে কথা পাতিম।"

পুটিনে কয় যে ৩০ দিনৰ যুদ্ধবিৰতি ইউক্ৰেইনৰ বাবে ভাল হ’ব। অৱশ্যে এই ক্ষেত্ৰত থকা জটিলতাৰ কথা উল্লেখ কৰি পুটিনে কয়, বিবাদৰ এটা ক্ষেত্ৰ হৈছে কুৰ্স্ক। য’ত যোৱা বছৰ ইউক্ৰেইনে সামৰিক আক্ৰমণ চলাইছিল। এই সময়ছোৱাত ইউক্ৰেইনে কিছুমান অংশ দখল কৰি আছে।

অৱশ্যে ইয়াত এতিয়া ৰাছিয়াই নিয়ন্ত্ৰণ কৰিছে বুলিও দাবী কৰে। তেওঁ কয়, "ইউক্ৰেইনৰ সেনা পলাবলৈ চেষ্টা কৰিছে, কিন্তু আমি তেওঁলোকক ধৰিছো। তেওঁলোকৰ সামগ্ৰীসমূহ পৰি আছে।"

পুটিনে কয় ইউক্ৰেইনৰ হাতত কুৰ্স্কত দুটা বিকল্প আছে। হয় আত্মসমৰ্পণ কৰক নহয় মৃত্যুবৰণ কৰক। ৩০ দিনীয়া যুদ্ধবিৰতি কেনেদৰে চলিব সেই সন্দৰ্ভতো বহু প্ৰশ্ন উত্থাপন কৰিছে পুটিনে। 

তেওঁ কয়, "সেই ৩০ দিন কেনেকৈ ব্যৱহাৰ কৰা হ'ব? ইউক্ৰেইনক সংগঠিত কৰিবলৈ নে পুনৰ অস্ত্ৰৰে সুসজ্জিত কৰিবলৈ? তাৰ পিছত তেওঁলোকক কেনেকৈ নিয়ন্ত্ৰণ কৰা হ'ব সেই প্ৰশ্নও আছে?"

তেওঁ প্ৰশ্ন কৰি কয়, "যুদ্ধ শেষ কৰাৰ নিৰ্দেশ কোনে দিব? আৰু কি মূল্যত দিব? ২০০০ কিলোমিটাৰৰ ওপৰত কথিত যুদ্ধবিৰতি কোনে ভংগ কৰিছে সেইটো কোনে সিদ্ধান্ত ল'ব? এই সকলোবোৰ প্ৰশ্ন দুয়োপক্ষই সযতনে সমাধান কৰাটো প্ৰয়োজন। এয়া কোনে নিৰীক্ষণ কৰিব?"

পুটিনৰ এনে প্ৰতিক্ৰিয়াৰ পাছতে জেলনস্কিয়েও তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। জেলেনস্কিয়ে কয় যে পুটিনে প্ৰত্যক্ষভাৱে একো নকলেও কাৰ্যক্ষেত্ৰত তেওঁ ইয়াক নাকচ কৰিবলৈ সাজু হৈছে। 

জেলেনস্কিয়ে দাবী কৰিছে পুটিনে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক পোনপটীয়াকৈ ক’বলৈ ভয় কৰে যে তেওঁ এই যুদ্ধ অব্যাহত ৰাখিব বিচা। ইউক্ৰেইনৰ লোকসকলক হত্যা কৰিব বিচাৰে।’

জেলেনস্কিয়ে কয় যে ৰাছিয়াৰ নেতাগৰাকীয়ে ইতিমধ্যে কেইবাটাও চৰ্ত নিৰ্ধাৰণ কৰিছে যিবোৰ গ্ৰহণযোগ্য নহয়। এইদৰেই দুয়ো নেতাই যুদ্ধ বিৰতিৰ সন্দৰ্ভত প্ৰকাশ কৰা প্ৰতিক্ৰিয়াই দুয়ো পক্ষৰ মাজত যুদ্ধ বিৰতিক লৈ থকা সদিচ্ছাৰ কিমান তাকেই প্ৰমাণ কৰিছে। 

ইউক্ৰেইনে ৩০ দিনীয়া যুদ্ধ বিৰতিলৈ আহি আলোচনাৰ মাধ্যমেৰে দীৰ্ঘম্যাদী চুক্তিৰ ওপৰত আলোচনা কৰিবলৈ বিচাৰিছে। ৰাছিয়াই ইয়াৰ বিপৰীতে এবাৰতে চুক্তিত স্বাক্ষৰ কৰি সমস্যা সমাধানৰ ওপৰতহে জোৰ দিছে। 

এনে পৰিস্থিতিত এতিয়া সমস্যাৰ সন্মুখীন হৈছে ড’নাল্ড ট্ৰাম্প। ট্ৰাম্পে বিচাৰে তাৎক্ষিকভাৱে যুদ্ধৰ অৱসান হওক। কিন্তু পুটিনৰ এনে স্থিতিয়ে এতিয়া যুদ্ধ বিৰতিক অনিশ্চয়তাৰ মাজলৈ লৈ গৈছে। 

সেয়ে ট্ৰাম্পে হোৱাইট হাউছৰ পৰাই কয় তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰিব বিচাৰে। তেওঁ আশা কৰিছে ৰাছিয়াই সঠিক সিদ্ধান্ত গ্ৰহণ কৰি প্ৰস্তাৱিত ৩০ দিনীয়া যুদ্ধবিৰতিত সন্মতি দিব।

 

ৰাছিয়া ইউক্ৰেইন ৰাছিয়া যুদ্ধ ভ্লাদিমিৰ পুটিন