ৰাছিয়া-ইউক্ৰেইনৰ শান্তি চুক্তিঃ আমেৰিকাৰ পৰিবৰ্তে ছৌদি আৰবতহে কিয় আলোচনা?

পুনৰ আজি ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ অৱসান ঘটাবলৈ শান্তি চুক্তিৰ বাবে আলোচনা। আলোচনাৰ মধ্যস্থতাকাৰীৰ ভূমিকাত আমেৰিকা আৰু আলোচনাৰ টেবুল সাজু কৰিছে ছৌদি আৰবে।

author-image
Tushar Pratim
New Update
ৰাছিয়া-ইউক্ৰেইনৰ শান্তি চুক্তিঃ আমেৰিকাৰ পৰিবৰ্তে ছৌদি আৰবতহে কিয় আলোচনা?

ডিজিটেল ডেস্কঃ দুই দেশৰ মাজৰ সংঘাত দূৰ কৰাৰ বাবে বহা বৈঠকতে সৃষ্টি হৈছিল আন এখন সংঘাত। এই সংঘাতৰ পাছতে আকৌ এটা পক্ষই পত্ৰৰ জৰিয়তে সেই সংঘাত মীমাংসাৰ বাবে অনুৰোধ জনাই ক্ষমা বিচাৰিছিল। সেয়ে আলোচনাৰ টেবুলত সৃষ্টি হোৱা সংঘাত দূৰ কৰি পুনৰ ইখন সংঘাত দূৰৰ বাবে আৰম্ভ হৈছে আলোচনা।

Advertisment

আলোচনাৰ মধ্যস্থতাকাৰীৰ ভূমিকাত আমেৰিকা আৰু আলোচনাৰ টেবুল সাজু কৰিছে ছৌদি আৰবে।ৰাছিয়া-ইউক্ৰেইনৰ সাংঘাত দূৰ কৰাৰ বাবে আমেৰিকাই লোৱা পদক্ষেপ আৰু হোৱাইট হাউচৰ অভাল অফিচত ২৮ ফেব্ৰুৱাৰীত ট্ৰাম্প-জেলনস্কিৰ মাজত হোৱা সংঘাত ছবি আছিল সেয়া। ট্ৰাম্প আৰু জেলেনস্কিৰ মাজত প্ৰ’টকল ভংগ কৰি হোৱা সেই আলোচনা আৰু সংঘাত বিশ্বই দেখিছিল।

এই সংঘাতৰ পাছতেই আমেৰিকাই ইউক্ৰেইনলৈ আগবঢ়োৱা সকলো সামৰিক সাহায্য বন্ধ কৰাৰ কথা ঘোষণা কৰিছে। সেয়ে বিপদৰ কথা অনুমান কৰি এই সংঘাতৰ পাছতেই জেলেনস্কিয়ে আমেৰিকাৰ ওচৰত ক্ষমা বিচাৰিছিল। 
এখন পত্ৰৰ জৰিয়তে অভাল অফিচৰ কথাৰ বাবে ক্ষমা বিচাৰিছিল। তাৰ পাছতেই আমেৰিকাই সকলো পাহৰি পুনৰ যুদ্ধৰ অৱসান ঘটাবলৈ আলোচনা আৰম্ভ কৰিছে।


ক্ষমা পত্ৰত কি লিখিছিল জেলনস্কিয়ে?


ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে আমেৰিকালৈ প্ৰেৰণ কৰা ক্ষমা পত্ৰখন ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ কংগ্ৰেছৰ যৌথ অধিবেশনত পাঠ কৰিছে। পত্ৰখনত জেলেনস্কিয়ে লিখিছে,  ‘আমি শান্তিৰ দিশত কাম কৰিবলৈ আলোচনাৰ টেবুললৈ আহিবলৈ সাজু।আমেৰিকাৰ নেতৃত্বত কাম কৰিবলৈ সাজু।' 

আমেৰিকা প্ৰশাসনৰ বিশেষ দূত ষ্টিভেও এই সন্দৰ্ভত মুখ খুলিছে। তেওঁ কয়, জেলেনস্কিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতিলৈ এখন পত্ৰ লিখিছিল। অভাল অফিচত যি ঘটিল তাৰ বাবে তেওঁ ক্ষমা বিচাৰিছে। মই ভাবো এই পদক্ষেপটো অতি গুৰুত্বপূৰ্ণ। 


আমাৰ প্ৰতিনিধিসকলে ইউক্ৰেইন আৰু অন্যান্য ইউৰোপীয় দেশৰ সৈতে এই বিষয়ত আলোচনা কৰিছে। ইয়াৰ পিছতে আমেৰিকাই জেলেনস্কিক ক্ষমা কৰি পুনৰ যুদ্ধৰ অৱসান ঘটাবলৈ ৰাছিয়া আৰু ইউক্ৰেইনৰ সৈতে আলোচনাৰ পথ মুকলি কৰিছে। আজি চৌদি আৰৱত দুয়ো পক্ষৰ মাজত বহিব পুনৰ আলোচনা।

মঙ্গলবাৰে ছৌদি আৰবত শান্তিৰ বাবে পুনৰ হ’ব আলোচনা


মঙ্গলবাৰে ছৌদি আৰবত পুনৰ আমেৰিকাৰ প্ৰতিনিধি আৰু ছৌদি আৰবৰ শীৰ্ষ প্ৰশাসনিক প্ৰতিনিধিৰ উপস্থিতিত ৰাছিয়া আৰু ইউক্ৰেইনে পুনৰ যুদ্ধ বিৰতিৰ বাবে আলোচনাত বহিব। এই আলোচনাই শান্তিৰ বাট মুকলি কৰিব বুলি আশা কৰা হৈছে। কিন্তু এই খিনিতে প্ৰশ্ন উত্থাপন হৈছে আমেৰিকাই মধ্যস্থতা কৰিলেও কিয় এই আলোচনা আমেৰিকাৰ পৰিবৰ্তে ছৌদি আৰবতহে অনুষ্ঠিত হৈছে? ছৌদি আৰবকেই কিয় নিৰ্ধাৰণ কৰা হ’ল শান্তি আলোচনাৰ সুৰক্ষিত স্থান হিচাপে? 

ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ অৱসান ঘটাবলৈ ট্ৰাম্পৰ দৰেই ছৌদি আৰবৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানেও আগ্ৰহ কৰিছে। তেওঁ এই শান্তি আলোচনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। অৱশ্যে ট্ৰাম্পৰ মেজাজৰ বাবেই যিদৰে তেওঁ চৰ্চাৰ শীৰ্ষত আছে ঠিক তেওঁৰ বিপৰীত চৰিত্ৰৰ বাবেই শান্ত, সমাহিত মহম্মদ বিন ছলমান চৰ্চাৰ পৰা আঁতৰত আছে।

ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘাতত মধ্যস্থতাকাৰী হিচাপে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব বুলি ছৌদি আৰবেও ইতিমধ্যে প্ৰকাশ কৰিছে।ছৌদি আৰবৰ লগতে তেওঁলোকৰ চুবুৰীয়া কাটাৰেও বিগত দুটা দশকত সমগ্ৰ বিশ্বতে যুদ্ধৰ অৱসান আৰু শান্তি স্থাপন তথা আন সংঘাত দূৰ কৰাৰ বাবে মধ্যস্থতাকাৰী হিচাপে আত্মপ্ৰকাশ কৰিছে।

গাজাত ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতি অনাৰ ক্ষেত্ৰতো এই দেশ দুখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ইয়াৰ পূৰ্বেও কাটাৰে বহু শান্তি চুক্তি কৰিছে।

শান্তি চুক্তিত ছৌদি আৰবৰ ভূমিকা


ছৌদি আৰবে ২০১৫ ত য়েমেনৰ গৃহযুদ্ধৰ সময়তো হস্তক্ষেপ কৰিছিল। বিমান আক্ৰমণ আৰু হাউথী বিদ্ৰোহীক গোলাবৰ্ষণ কৰি পৰাজিত কৰিছিল।সেই সময়ত আগ্ৰাসী ৰূপ ধাৰণ কৰা ছৌদি আৰবে অৱশ্যে এতিয়া সেই ৰূপ পৰিহাৰ কৰিছে। এতিয়া দেশখনে শান্তিৰ বাৰ্তাবাহকৰ ভূমিকা পালন কৰিছে। 

২০১৭ তো লেবাননৰ সৈতে প্ৰধানমন্ত্ৰী ছায়ীদ আল হাৰিৰীকক লৈ সংঘাত হৈছিল। ২০১৮ চনত ইস্তানবুলত থকা ছৌদি আৰৱৰ দূতাবাসত ছৌদি চৰকাৰৰ সমালোচক সাংবাদিক জামাল খাশ্বোগীক হত্যা কৰা হৈছিল। এইদৰেই মহম্মদ বিন ছলমানৰ নেতৃত্বই প্ৰথম অৱস্থাত সংঘাতৰ সৃষ্টি কৰিছিল যদিও পৰৱৰ্তী সময়ত তেওঁ সংঘাত এৰি শান্তিৰ মধ্যস্থতাকীৰলৈহে নিজকে ৰূপান্তৰিত কৰে। 

মধ্যপ্ৰাচ্যৰ বিষয়ৰ বিশেষজ্ঞ তথা আমেৰিকাৰ থিংক টেংক ৱাশ্বিংটন ইনষ্টিটিউটৰ সৈতে জড়িত এলিজাবেথ ডেণ্টে বিবিচিৰ আগত প্ৰকাশ কৰা মতে ছৌদি আৰবৰ লক্ষ্য হৈছে মধ্যপ্ৰাচ্যত স্থিতিশীলতা বৃদ্ধি কৰা। সেয়ে ছৌদি আৰবে শান্তি চুক্তিৰ মধ্যস্থতা কৰিছে।

তেওঁৰ মতে ছৌদি আৰবৰ এয়া সুপৰিকল্পিত কৌশলৰ অংশ। ছৌদি আৰবে এতিয়া তেল ৰপ্তানিৰ ওপৰতে থকা তেওঁলোকৰ নিৰ্ভৰশীলতা শেষ কৰিব বিচাৰিছে। অৰ্থনীতিৰ নতুন খণ্ডৰ বিকাশ হোৱাটো বিচাৰে। ইয়াৰ বাবে তেওঁ বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰিব বিচাৰে। মধ্যস্থতাৰ ভূমিকা পালন কৰাৰ আঁৰৰ কৌশল এয়াই।

শান্তি চুক্তি সম্পন্ন কৰাত ছৌদি আৰবৰ সফলতা


ছৌদি আৰবে বিগত বছৰসমূহত শান্তি চুক্তিৰ মধ্যস্থতা কৰি আহিছে। ১৯৮৯ চনত ই লেবাননত মধ্যস্থতা কৰিছিল। এই মধ্যস্থতাই টাইফ চুক্তিৰ পথ প্ৰশস্ত কৰিলে।  ফলত ১৯৯০ চনত ১৫ বছৰীয়া গৃহযুদ্ধৰ অন্ত পৰে।

২০০৭ চনত ছৌদি আৰবে মক্কা চুক্তিত স্বাক্ষৰ কৰিছিল। ইয়াৰ ফলত পেলেষ্টাইনী গোট হামাছ আৰু ফাটাহৰ মাজত শত্ৰুতা শেষ হয়। এতিয়া পুনৰ ৰাজকুমাৰ মহম্মদ বিন ছালমানৰ নেতৃত্বত ছৌদি আৰবে মধ্যস্থতাৰ ভূমিকা গ্ৰহণ কৰিছে।

২০২২ চনৰ পৰাই ছৌদি আৰবে য়েমেনত শান্তি স্থাপনৰ চেষ্টা চলাই আহিছে। ছৌদি আৰবে হাউথী বিদ্ৰোহীৰ সৈতে কেইবাবাৰো আলোচনা কৰি তাত গৃহযুদ্ধৰ অন্ত পেলাইছে।

চুডানৰ সেনা আৰু বিদ্ৰোহী সংগঠন ‘ৰেপিড চাপৰ্ট ফ’ৰ্চেছ’ৰ মাজত সম্পৰ্ক সুস্থিৰ কৰিবলৈ ছৌদি আৰবে দুয়োপক্ষৰ সৈতে কেইবাবাৰো আলোচনাত মিলিত হৈছে। ছৌদি আৰৱৰ মধ্যস্থতাতেই ২০২২ চনত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত ২৫০ জনতকৈ অধিক যুদ্ধবন্দীৰ মুক্তিৰ চুক্তি স্বাক্ষৰিত হৈছিল।


শান্তি চুক্তিত কাটাৰৰ ভূমিকা


চলিত বৰ্ষৰ জানুৱাৰী মাহত ইজৰাইল আৰু হামাছৰ মাজত হোৱা যুদ্ধবিৰতিত ইজিপ্ত আৰু আমেৰিকাৰ সৈতে কাটাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ২০২০ চনত তালিবান আৰু আমেৰিকাৰ মাজত হোৱা চুক্তিত কাটাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

এই চুক্তিৰ পিছতহে আমেৰিকা আৰু তালিবানৰ মাজত ১৮ বছৰীয়া যুদ্ধৰ অন্ত পৰিল। ইয়াৰ পিছত আমেৰিকাই সৈন্য প্ৰত্যাহাৰ কৰে আৰু আফগানিস্তান তালিবানে দখল কৰে। ২০১০ চনতহাউথী বিদ্ৰোহী আৰু য়েমেন চৰকাৰৰ মাজত চুক্তিৰ মধ্যস্থতা কৰিছিল কাটাৰেও। অৱশ্যে এই চুক্তিখন পিছলৈ ভংগ কৰা হয়। কাটাৰেো আফ্ৰিকাতো কেইবাখনো শান্তি চুক্তিৰ মধ্যস্থতা কৰিছে। 

২০১০ চনত কাটাৰে চুডান চৰকাৰ আৰু দাৰফুৰত সক্ৰিয় সশস্ত্ৰ সংগঠনৰ মাজত শান্তি চুক্তিৰ মধ্যস্থতা কৰিছিল। ২০০৮ চনত কাটাৰে লেবাননত যুঁজি থকা বিদ্ৰোহী সংগঠনৰ মাজত যুদ্ধবিৰতিৰ মধ্যস্থতা কৰিছিল।

কাটাৰে কিয় বিচাৰে শান্তি চুক্তি?

১৯৯৫ চনত হামাদ বিন খলিফা আল থানী কাটাৰৰ শাসক হৈছিল। তাৰ পাছৰ পৰাই কাটাৰে শান্তি চুক্তিত গুৰুত্বপূৰ্ণ ভূমিকা ল’বলৈ আৰম্ভ কৰে। ২০১৩ চনলৈকে আল থানী কাটাৰৰ ক্ষমতাত আছিল।
কাটাৰে শান্তি চুক্তিৰ মধ্যস্থতা কৰাৰ আঁৰত আছে এক কৌশলগত কাৰণ। উপসাগৰত কাটাৰৰ বৃহৎ গেছৰ মজুত আছে। এইবোৰক নৰ্থ হোম আৰু চাউথ পাৰ্ছ ফিল্ড বুলি কোৱা হয়। ১৯৯০ চনত এইবোৰ আৱিষ্কাৰ হৈছিল।

লণ্ডনৰ ৰয়েল ইউনাইটেড চাৰ্ভিচেছ ইনষ্টিটিউটৰ ডাঃ এইচ এ হেলিয়াৰে বিবিচিৰ আগত প্ৰকাশ কৰা মতে যিহেতু এই গেছ মজুত কাটাৰ আৰু ইৰাণ দুয়োখন দেশৰ জল অঞ্চলত বিয়পি আছে, সেয়েহে ইৰাণৰ সৈতে সহযোগিতা কৰাটো তেওঁলোকৰ বাধ্যবাধকতা আছিল।

ড° হেলিয়াৰে কয় যে যেতিয়া কাটাৰে নিজৰ গেছ ক্ষেত্ৰখন আৱিষ্কাৰ কৰিছিল, তেতিয়া অনুভৱ কৰিছিল যে ইয়াৰ আহৰণৰ বাবে নিজৰ পথ বিচাৰি উলিয়াব লাগিব। গতিকে তেওঁ মধ্যস্থতাকাৰী হোৱাৰ পথ বাছি লৈছিল।

তেওঁ কয়, “কাটাৰে অনুভৱ কৰিছিল যদি ই বিভিন্ন দেশৰ মাজত শান্তি চুক্তিৰ মধ্যস্থতা কৰিব পাৰে তেন্তে বহু দেশৰ সৈতে নিজৰ সম্পৰ্ক উন্নত কৰিব পাৰিব। ফলত তেওঁলোকৰ সমৰ্থন বৃদ্ধি পাব পাৰে
২০০৪ চনত কাটাৰে গ্ৰহণ কৰা সংবিধানতো মধ্যস্থতাকাৰীৰ ভূমিকাৰ ব্যৱস্থা আছে।

ড° চেলেমে কয়, “কাটাৰে আন্তঃৰাষ্ট্ৰীয় বিষয়ত মধ্যস্থতাৰ ভূমিকাক নিজৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড কৰি লৈছে। ই নিজকে এনে এখন দেশ হিচাপে উপস্থাপন কৰিছে যাৰ সহায়ত আন দেশসমূহে শান্তি চুক্তিত উপনীত হ’ব পাৰে।"

 

আমেৰিকা চৌদি আৰৱ কাটাৰ ইউক্ৰেইন ৰাছিয়া যুদ্ধ