ইউক্ৰেইনৰ দাবী, যথেষ্ঠ ক্ষতি হৈছে ৰাছিয়াৰ, ৯০০০ ৰুচী সেনাৰ হৈছে মৃত্যু…

ইউক্ৰেইনৰ দাবী, যথেষ্ঠ ক্ষতি হৈছে ৰাছিয়াৰ, ৯০০০ ৰুচী সেনাৰ হৈছে মৃত্যু…

author-image
asomiyapratidin
New Update
ইউক্ৰেইনৰ দাবী, যথেষ্ঠ ক্ষতি হৈছে ৰাছিয়াৰ, ৯০০০ ৰুচী সেনাৰ হৈছে মৃত্যু…

ডিজিটেল ডেস্ক: প্ৰায় এসপ্তাহ সম্পূৰ্ণ হ'ল ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ। ইয়াৰ মাজতে ইউক্ৰেইনে দাবী কৰিছে যে যুদ্ধৰ ফলত ৰাছিয়াৰ যথেষ্ঠ ক্ষতি হৈছে। ইউক্ৰেইনৰ মতে ৰাছিয়াৰ ৩০ খন বিমান, ৩৭৪ অটো মোবাইল টেক্নিক্স, ৪২mlrs,৯০০ AFV, AFV, ৩১ হেলিকপ্টাৰ, ৯০ আৰ্টিলেৰিয়ন চিষ্টম, ২ কটৰ, ২১৭ টেংক, ২২ এন্টিএয়ৰ ডিফেন্স, ৩ ইউএবি নষ্ট কৰিছে ইউক্ৰেইনে। লগতে ইউক্ৰেইনে দাবী কৰিছে যে তেওঁলোকৰ হাতত প্ৰায় ৯০০০ ৰাছিয়ান সেনাৰ মৃত্যু হৈছে।

Advertisment

উল্লেখ্য যে, ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ পৰা বহু ক্ষতি হৈছে ইউক্ৰেইনৰ। ৰাছিয়াই ধ্বংস কৰিছে ইউক্ৰেইনৰ বহু সা-সম্পত্তি। ৰাছিয়াই দাবী কৰা অনুসৰি ইউক্ৰেইনৰ এখন চহৰো দখল কৰিছে।

অন্যহাতে ৰাছিয়াই ইউক্ৰেইনৰ সৈতে দ্বিতীয় বাৰৰ বাবে শান্তি আলোচনা কৰাৰ বাবে সন্মত হৈছে। ইয়াৰ পূৰ্বেও আলোচনা হৈছিল যদিও কোনো সমাধান হোৱা নাই। গতিকে পৰৱৰ্তী আলোচনাত কিবা সমাধান ওলাবনে সেয়া হ'ব লক্ষণীয়।

ukraine russia