যুদ্ধৰ মাজতেই ইউক্ৰেইন-ৰাছিয়াৰ মাজত হ’ব দ্বিতীয় খন শান্তি আলোচনা

যুদ্ধৰ মাজতেই ইউক্ৰেইন-ৰাছিয়াৰ মাজত হ’ব দ্বিতীয় খন শান্তি আলোচনা

author-image
asomiyapratidin
New Update
পুটিনৰ সৈতে আলোচনা কৰিবলৈ সাজু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি…

ডিজিটেল ডেস্ক: সাত দিন পৰ্যন্ত ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ চলি থকাৰ মাজতেই দ্বিতীয় পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব দেশ দুখনৰ মাজত।খবৰ অনুসৰি বুধবাৰে দ্বিতীয় পৰ্যায়ৰ আলোচনৰা বাবে সন্মত হৈছে ৰাছিয়া।ইয়াৰ পূ্ৰ্বে সোমবাৰে দেশ দুখনৰ মাজত হৈছিল আলোচনা। পূৰ্বৰ আলোচনাত অৱশ্যে কোনো ধৰণৰ সমাধান নোলাল।

Advertisment

যুদ্ধৰ মাজতেই বুধবাৰে সংঘটিত হিংসাত্মক ঘটনাৰ ভিতৰত আছিল দক্ষিণ-পূব বন্দৰ চহৰ মাৰিয়পোলৰ গুলীবৰ্ষণ, আৰু দক্ষিণৰ খেৰচন চহৰ দখল কৰাৰ ৰাছিয়াৰ সামৰিক দাবী।

বুধবাৰে ভিডিঅ'ত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে মঙলবাৰে হোৱা এটা বোমা বিস্ফোৰণৰ কথা মনত পেলায়। তেওঁ কয় যে এয়া মানৱতাৰ বাহিৰত। এনে মিছাইল আক্ৰমণৰ অৰ্থ হৈছে যে বহুতো ৰাছিয়ানৰ বাবে আমাৰ কিয়েভ সম্পূৰ্ণ বিদেশী। তেওঁলোকে আমাৰ ৰাজধানীৰ বিষয়ে, আমাৰ ইতিহাসৰ বিষয়ে একো নাজানে। তেওঁলোকৰ ওচৰত আমাৰ ইতিহাস, আমাৰ দেশ আৰু আমাৰ সকলোকে মচি পেলাবলৈ আদেশ আছে।"

উল্লেখ্য যে, ৰাছিয়াৰ সৈন্যই এফালৰ পৰা ধ্বংস কৰি গৈছে ইউক্ৰেইনৰ চহৰ। এইবাৰ হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ আলোচনাই কিবা সমাধান ওলাবনে সেয়া হ'ব লক্ষণীয়।

russia ukraine peace talk