/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/ukraine.png)
ডিজিটেল ডেস্ক: ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ মাজতেই ভাৰতৰ কেন্দ্ৰীয় বিদেশ মন্ত্ৰী ৰাজকুমাৰ ৰঞ্জন সিঙে বৃহস্পতিবাৰে কয় যে ভাৰতৰ স্থিতি নিৰপেক্ষ । লগতে এই সংঘৰ্ষ শান্তি পূৰ্ণ আলোচনাৰ মাজেৰে সমাধান হোৱা বিচাৰে ভাৰতে। আজি সংবাদমাধ্যমৰ আগত মন্ত্ৰী গৰাকীয়ে এই কথা উল্লেখ কৰে।
উল্লেখ্য যে, ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা উত্তেজনাই যুদ্ধৰ ৰূপ লৈছে। বৃহস্পতিবাৰে ইউক্ৰেইন আক্ৰমণ কৰে ৰাছিয়াই । ইউক্ৰেইনৰ বিৰুদ্ধে সামৰিক অভিযান ঘোষণা কৰাৰ পিছতেই দেশ সমূহৰ মাজত বৃদ্ধি পাইছে উত্তেজনা।
বিশ্বৰ কেইবাখনো দেশে ৰাছিয়াৰ স্থিতিত সমালোচনা কৰি শান্তি পূৰ্ণ ভাৱে সমস্যা সমাধান কৰাৰ বাবে আহ্বান জনাইছে। কিন্তু বৰ্তমানো নিজৰ স্থিতিত অটল আছে ৰাছিয়া। শেহতীয়া খবৰ অনুসৰি ৰাছিয়াৰ আক্ৰমণৰ ফলত এতিয়ালৈকে প্ৰায় ৭ জন নিহত , ৯ জন আহত আৰু প্ৰায় ১৯ গৰাকীকৈ লোক নিৰুদ্দেশ হৈছে।