পুৱাই জন্ম হ’ল নতুন দুখন দেশৰ…

পুৱাই জন্ম হ’ল নতুন দুখন দেশৰ…

author-image
asomiyapratidin
New Update
পুৱাই জন্ম হ’ল নতুন দুখন দেশৰ…

ডিজিটেল ডেস্ক: ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধ সদৃশ পৰিৱেশৰ মাজতেই ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাদিমীৰ পুটিনে পূব ইউক্ৰেইনৰ দুখনকৈ বিদ্ৰোহী তথা বিচ্ছিন্নতাবাদী অঞ্চলক স্বাধীন হিচাপে স্বীকৃতি প্ৰদান কৰে।এই অঞ্চল দুটা হৈছে ডনেটস্ক (Donetsk) আৰু লুগানস্ক(lugansk)।

Advertisment

পশ্চিমীয়া ৰাষ্ট্ৰসমূহৰ ওপৰত থকা নিষেধাজ্ঞাৰ সতৰ্কবাণী স্বত্বেও ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে চৰকাৰী দূৰদৰ্শনত সম্প্ৰচাৰিত এক ভাষণত দুয়োটা অঞ্চলক স্বাধীন স্বীকৃতি দিয়ে। ৰাছিয়াৰ এই পদক্ষেপৰ পিছতেই পশ্চিমীয়া দেশ আৰু ইউক্ৰেইনৰ উত্তেজনা বৃদ্ধিৰ আশংকা দেখা গৈছে।

এক অনুষ্ঠানত পুটিনে কয় যে  "মই বিশ্বাস কৰোঁ যে ডনেটস্ক পিপলছ ৰিপাব্লিক আৰু লুগানস্ক পিপলছ ৰিপাব্লিকৰ স্বাধীনতা আৰু সাৰ্বভৌমত্বক তৎক্ষণাৎ স্বীকৃতি দিয়াৰ বাবে দীৰ্ঘদিনধৰি অমীমাংসিত সিদ্ধান্ত লোৱাটো প্ৰয়োজনীয়।"  ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে ক্ৰেমলিনৰ বিদ্ৰোহী নেতাসকলৰ সৈতে পাৰস্পৰিক সাহায্য চুক্তি স্বাক্ষৰ কৰাৰ আগতে এই কথা কৈছিল।

উল্লেখ্যে যে,ৰাছিয়াৰ এই ঘোষণাৰ পাছতেই এই সিদ্ধান্তক নিন্দা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ বাইডেনে আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে।লগতে ৰাছিয়াই নতুনকৈ স্বাধীনতা ঘোষণা কৰা অঞ্চলৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰিছে আমেৰিকাই ।

russia ukraine