/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/132d2594-27b6-4fe1-8936-60668c3c8b3d/russia.jpg)
ডিজিটেল ডেস্ক : দ্বিতীয় বিশ্বযুদ্ধৰ ভয়াৱহ স্মৃতি মাৰ নাযাওতেই পাৰমাণৱিক অস্ত্ৰৰ ধ্বংসলীলাৰ পুনৰ এবাৰ সাক্ষী হৈ ৰোৱাৰ দিশে আগবাঢ়িছে বিশ্ববাসী । ৰাছিয়াৰ ইউক্ৰেইন আগ্ৰাসনে প্ৰত্যাশিত ফলাফল নিদিয়াৰ পাছত যেন যিকোনো উপায় হাতত ল'বলৈ কুন্ঠাবোধ কৰা নাই ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে । যাৰ বাবে, ৰাছিয়াত শেহতীয়াকৈ দেখা গৈছে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ কুছকাৱাজ । ইয়াৰ পূৰ্বে চলিত বৰ্ষৰে ফেব্ৰুৱাৰী মাহত প্ৰথম বাৰৰ প্ৰস্তুতি চলাইছিল পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ । ইতিমধ্যে ৰাছিয়াই আমেৰিকা যুক্তৰাষ্ট্ৰলৈ প্ৰেৰণ কৰিছে পাৰমাণৱিক অস্ত্ৰৰ কুছকাৱাজৰ আনুষ্ঠানিক তথ্য ।
উল্লেখ্য যে, ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ আৰম্ভ হোৱাৰে পৰা এই কুছকাৱাজ হৈছে আটাইতকৈ ভয়াৱহ পৰিস্থিতি । ইয়াৰ পূৰ্বেও ধ্বংসলীলা অব্যাহত আছিল যদিও পাৰমাণৱিক অস্ত্ৰৰ আশংকাত ভোগা নাছিল ইউক্ৰেইন । এই আশংকাৰ পাছৰ অন্যতম কাৰণ হৈছে বেলাৰুছত শেহতীয়াকৈ ৰাছিয়ান সেনাৰ আগ্ৰাসন । বেলাৰুছৰ পৰাই ৰাছিয়াই পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰাৰ সম্ভাৱনা অত্যাধিক ।