ট্ৰাম্পৰ 'অন কেমেৰা'ৰ ভাবুকিৰ পাছতেই ৰাছিয়াৰ কটাক্ষৰ সন্মুখীন ইউক্ৰেইনৰ ৰাষ্ট্ৰপ্ৰধান

শুকুৰবাৰে হোৱাইট হাউচৰ অভাল অফিচত ড’নাল্ড ট্ৰাম্প আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ মাজত যি লাইভ বিতৰ্ক হ’ল সেই বিতৰ্কৰ পাছত উৎফুল্লিত হৈ পৰিছে মস্কো।

author-image
Asomiya Pratidin
New Update
ট্ৰাম্পৰ 'অন কেমেৰা'ৰ ভাবুকিৰ পাছতেই ৰাছিয়াৰ কটাক্ষৰ সন্মুখীন ইউক্ৰেইনৰ ৰাষ্ট্ৰপ্ৰধান

ডিজিটেল ডেস্কঃ শুকুৰবাৰে হোৱাইট হাউচৰ অভাল অফিচত ড’নাল্ড ট্ৰাম্প আৰু ভলোডিমিৰ জেলেনস্কিৰ মাজত যি লাইভ বিতৰ্ক হ’ল সেই বিতৰ্কৰ পাছত উৎফুল্লিত হৈ পৰিছে মস্কো। মস্কোৱে আনকি জেলনস্কিয়ে আলোচনাৰ সময়ত অসত্য কথাৰ অতাৰণা কৰা বুলিও অভিযোগ উত্থাপন কৰিছে। 

Advertisment

উল্লেখ্য যে, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সৰৰ সৈতে এক দ্বিপাক্ষীক চুক্তিৰ বাবে আলোচনাত বহাৰ লগতে শান্তি চুক্তিৰ বিষয়টোৰ সন্দৰ্ভতো আলোচনা হয়। এই আলোচনা পোনপটিয়াকৈ সম্প্ৰচাৰৰো ব্যৱস্থা কৰা হৈছিল। 

ইতিমধ্যে মধ্যস্থতাকাৰীৰ ভূমিকা গ্ৰহণ কৰি ৰাছিয়াৰ সৈতে শান্তি আলোচনাৰ প্ৰথমখন আনুষ্ঠানিক বৈঠক সম্পন্ন কৰিছে আমেৰিকাই। সেয়ে শুকুৰবাৰৰ ট্ৰাম্প, জেলেনস্কিৰ বৈঠকৰ প্ৰতি অধিক আগ্ৰহী হৈ পৰিছিল বিশ্ববাসী। ইউৰোপৰ প্ৰতিগৰাকী ৰাষ্ট্ৰনেতাই অধিৰ আগ্ৰহেৰে অপেক্ষা কৰিছিল এই বৈঠকলৈ। 

প্ৰথমে আলোচনা সঠিক দিশত আগবাঢ়িছিল যদিও পাছত আলোচনা গৰম হৈ পৰে। পৰিস্থিতি এনে পৰ্যায়ত উপনীত হয়গৈ যে ইউক্ৰেইনৰ ৰাষ্ট্ৰপ্ৰধান জেলেনস্কিয়ে আলোচনা আধাতে এৰি সেই স্থান ত্যাগ কৰে। ইয়াৰ পিছতে বিশ্বজুৰি এতিয়া নানান প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 

ভ্লদিমিৰ পুটিনৰ ৰাছিয়ান নিৰাপত্তা পৰিষদৰ উপ-মূৰব্বী তথা দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি দিমিত্ৰী মেডভেডেভে শনিবাৰে জেলেনস্কিকক কটাক্ষ কৰি কয় যে, ‘‘অহংকাৰী বৰাহ নন্দনে অভাল অফিচত চৰ খালে’’। তাৰোপৰি তেওঁ হোৱাইট হাউচৰ অভাল অফিচৰ সেই আলোচনাক ঐতিহাসিক আখ্যা দিছে। 

ইফালে জেলেনস্কিয়ে আলোচনা আধাতে এৰি গুছি যোৱাৰ পাছত ইউক্ৰেইন-আমেৰিকাৰ যৌথ সংবাদ মেলো বাতিল কৰা হয়। অৱশ্যে ট্ৰাম্পে সংবাদ মাধ্যমৰ আগত আহি ঘোষণা কৰে, পুটিনে শান্তি বিচাৰে, জেলেনস্কিয়ে নিবিচাৰে।   

অভাল অফিচৰ বৈঠকত জেলেনস্কিক সন্মুখত বহুৱাই ট্ৰাম্পে কয়, ‘‘আমি আপোনাক কোটি কোটি ডলাৰ আৰু অস্ত্ৰ দিছো। আমাৰ যদি অস্ত্ৰ-শস্ত্ৰ নাপালে হেঁতেন তেন্তে এই যুদ্ধ দুসপ্তাহৰ ভিতৰতে শেষ হ'লহেঁতেন।" ইয়াৰ প্ৰত্যুত্তৰত জেলেনস্কিয়ে আমেৰিকাৰ সেই আৰ্থিক আৰু সামৰিক সাহায্যৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। তাৰোপৰি কয়, যুদ্ধ দুসপ্তাহৰ ভিতৰত শেষ হোৱাৰ কথা আমি পুটিনৰ মুখেৰেও শুনিছো। 

তেওঁ পুটিনৰ সামৰিক সাহায্যৰ কথাক গুৰুত্বহীন কৰি পুনৰ কয়, আমি আমাৰ নিজৰ দেশতে আছো। গোটেই যুদ্ধখনত আমি আমাৰ মনোবল বজাই ৰাখিছো। এনে এক ‘গৰম’ ফলাফলহীন অসমাপ্ত আলোচনাৰ পিছতে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাৰিয়া জাখাৰোভাই শনিবাৰে জেলেনস্কিক সমালোচনা কৰিছে। 


তেওঁ জেলনস্কিৰ দাবীক সমালোচনা কৰি কয়, “মই ভাবো জেলেনস্কিয়ে কোৱা সকলোতকৈ ডাঙৰ মিছা কথাটো হ’ল যে ২০২২ চনত কিভে হোৱাইট হাউছৰ সমৰ্থন অবিহনে যুঁজিছিল।” উল্লেখ্য যে, জো বাইডেনৰ কাৰ্যকালত ইউক্ৰেইনে ৰাছিয়াৰ বিৰুদ্ধে যুঁজ দিবলৈ সকলোধৰণৰ সাহায্য লাভ কৰিছিল। 

কিন্তু আমেৰিকাৰ ক্ষমতালৈ দ্বিতীয়বাৰৰ বাবে ট্ৰাম্প ঘূৰি অহাত হোৱাইট হাউচে ইউক্ৰেইনলৈ সামৰিক সাহায্য কৰ্তন কৰিছে। বহু কূটনৈতিক বিশেষজ্ঞৰ মতে ট্ৰাম্পৰ সৈতে পুটিনৰ ‘সমীকৰণ’ ইয়াৰ অন্যতম কাৰণ। শুকুৰবাৰে ট্ৰাম্পে এই কথাও স্পষ্ট কৰি দিয়ে যে, মস্কোৰ সৈতে শান্তি চুক্তিত উপনীত নহ’লে অদূৰ ভৱিষ্যতে কিভক সামৰিক সাহায্য প্ৰদান কৰাটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিব। বহুতেই ধাৰণা কৰিছে যদি সেয়াই হয় তেন্তে ৰাছিয়াৰ সন্মুখত ইউক্ৰেইনৰ পতন নিশ্চিত। 

ইউক্ৰেইন ড'নাল্ড ট্ৰাম্প ইউক্ৰেইন ৰাছিয়া যুদ্ধ ভ্লাদিমিৰ পুটিন