'এইবাৰ আমাৰ পাল'- ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ ভাৰত ভ্ৰমণ সম্পৰ্কে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰীৰ মন্তব্য

ভাৰত-পাকিস্তানৰ সংঘাতময় পৰিস্থিতিৰ মাজত আমেৰিকাৰ ভূমিকাক লৈ প্ৰশ্ন উঠাৰ সময়তে ভাৰত ভ্ৰমণ নিশ্চিত কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে।

author-image
Tushar Pratim
New Update
'এইবাৰ আমাৰ পাল'- ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ ভাৰত ভ্ৰমণ সম্পৰ্কে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰীৰ মন্তব্য

ডিজিটেল ডেস্কঃ ভাৰত-পাকিস্তানৰ সংঘাতময় পৰিস্থিতিৰ মাজত আমেৰিকাৰ ভূমিকাক লৈ প্ৰশ্ন উঠাৰ সময়তে ভাৰত ভ্ৰমণ নিশ্চিত কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভে পুটিনে ভাৰত ভ্ৰমণলৈ সাজু হোৱা বুলি অৱগত কৰিছে। 

Advertisment

এক টেলিভিছন অনুষ্ঠানত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভে নিশ্চিত কৰিছে ৰাষ্ট্ৰপতি পুটিনৰ ভাৰত ভ্ৰমণৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। তেওঁ কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে পুনৰ নিৰ্বাচিত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ৰাছিয়া ভ্ৰমণ কৰিছিল। এইবাৰ আমাৰ পাল।" 

তেওঁ লগতে কয় যে, “বৰ্তমান ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণৰ ব্যৱস্থা কৰা হৈছে। অৱশ্যে তেওঁ এই ভ্ৰমণ কেতিয়া কৰিব সেই সম্পৰ্কে কোনো নিৰ্দিষ্ট তাৰিখ এতিয়াও ঠিক কৰা হোৱা নাই। 

বিগত বছৰত ৰাছিয়া ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে পুটিনক আনুষ্ঠানিকভাৱে ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছিল। লাভৰভে কয় যে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰত চৰকাৰৰ মুৰব্বীৰ পৰা ভ্ৰমণৰ আমন্ত্ৰণ গ্ৰহণ কৰিছে। 

"ৰাছিয়া আৰু ভাৰত: নতুন দ্বিপাক্ষিক এজেণ্ডা" শীৰ্ষক এক সন্মিলনত এই মন্তব্য কৰে লাভৰভে। ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা পৰিষদ বা RIAC ৰ উদ্যোগত এই বৈঠক অনুষ্ঠিত হৈছিল।

২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ইউক্ৰেইনৰ যুদ্ধ আৰম্ভ হোৱাৰ পিছত ৰাষ্ট্ৰপতি পুটিনৰ এয়াই হ’ব প্ৰথম ভাৰত ভ্ৰমণ। এই ভ্ৰমণে ২০৩০ চনৰ বাবে ৰাষ্ট্ৰপতি পুটিনৰ “নতুন অৰ্থনৈতিক ৰোডমেপ” আগবঢ়াই নিব বুলি আশা কৰিছে।

ভাৰত আৰু ৰাছিয়াই তেওঁলোকৰ দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰি বছৰি ১০০ বিলিয়ন ডলাৰৰ ওপৰলৈ নিবলৈ সন্মত হৈছে।দুয়োখন দেশে বাণিজ্যিক পথ বহু পৰিমাণে সম্প্ৰসাৰণৰ ক্ষেত্ৰতো সন্মতি প্ৰকাশ কৰিছে। ৰাছিয়াৰ পৰা ভাৰতলৈ সতেজ সামগ্ৰী যোগান ধৰাৰ ক্ষেত্ৰত চেন্নাই-ভ্লাডিভষ্টক সামুদ্ৰিক বাণিজ্য কৰিড’ৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। বৰ্তমান দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য বছৰি প্ৰায় ৬০ বিলিয়ন ডলাৰ। 

 

ভ্লাদিমিৰ পুটিন ৰাছিয়া