ইউৰোপত শক্তি সংকট, বৃদ্ধি পাইছে শক্তিৰ মূল্য...

দীৰ্ঘ দিন ধৰি চলি অহা ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই কেৱল এই দুই দেশতে প্ৰভাৱ পেলোৱা নাই, যুদ্ধৰ প্ৰভাৱ পৰিলক্ষিত হৈছে ইউৰোপতো

author-image
Asomiya Pratidin
New Update
ইউৰোপত শক্তি সংকট, বৃদ্ধি পাইছে শক্তিৰ মূল্য...

ডিজিটেল ডেস্ক : দীৰ্ঘ দিন ধৰি চলি অহা ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই কেৱল এই দুই দেশতে প্ৰভাৱ পেলোৱা নাই, যুদ্ধৰ প্ৰভাৱ পৰিলক্ষিত হৈছে ইউৰোপতো। ৰাছিয়াই ইউৰোপলৈ ৰপ্তানি কৰা প্ৰাকৃতিক গেছৰ পৰিমাণ হ্ৰাস আৰু মূল্য বৃদ্ধি কৰা ঘটনাই সংকট কঢ়িয়াই আনিছে সমগ্ৰ ইউৰোপলৈ। সমগ্ৰ ইউৰোপ অৰ্থনৈতিক মন্দাৱস্থালৈ গতি কৰি থকা অৱস্থাতে কেইবা বিলিয়ন ইউৰো ব্যয় কৰিব লগীয়া হৈছে শক্তি সংকটৰ প্ৰভাৱ দেশৰ নাগৰিকৰ ওপৰত নেপেলাবলৈ।

Advertisment

আনহাতে, এই পাইপ লাইন বন্ধ হোৱাৰ বাবে আন্তৰ্জাতিক বজাৰত ইউৰোৰ মূল্য হ্ৰাস পায়। বৰ্তমান প্ৰতি ডলাৰৰ বাবদ ইউৰোৰ মূল্য ০.৯৯। ই যোৱা ২০ বছৰত ইউৰোৰ আটাইতকৈ নিম্ন মূল্য।

সোমবাৰে ৰাছিয়াই অতি গুৰুত্বপূৰ্ণ নৰ্ড ষ্ট্ৰীম পাইপ লাইনৰ সংযোগ ব্যাহত কৰাৰ পাছত ইউৰোপত ২৮ শতাংশ বৃদ্ধি পায় প্ৰাকৃতিক গেছৰ মূল্য। এই সন্দৰ্ভত ৰাছিয়াই দিয়া ভাষ্য অনুসৰি পাইপ লাইনৰ টাৰ্বাইনত ধৰা পৰিছে বিসংগতি।

উল্লেখ্য যে, ২০২১ বৰ্ষলৈ সমগ্ৰ ইউৰোপৰ ৩৫ শতাংশ প্ৰাকৃতিক গেছ কেৱল নৰ্ড ষ্ট্ৰীম পাইপ লাইনেৰে যোগান ধৰা হৈছিল। আনহাতে, ২০২২ বৰ্ষত এই পৰিমাণ হ্ৰাস হয় ২০ শতাংশলৈ যাৰ বাবে ২৭২ ইউৰো প্ৰতি মেগাৱাটৰ পৰিৱৰ্তে ২৭৪ ইউৰো প্ৰতি মেগাৱাট পৰিশোধ কৰিব লাগিব উপভোক্তাই।

এই সন্দৰ্ভত, ৰাছিয়াই মন্তব্য প্ৰদান কৰে যে, পোনৰাই মুকলি কৰি দিয়া নহ'ব এই পাইপ লাইন। তেনে স্থলত অহা দুমাহৰ ভিতৰতেই ইউৰোপক শক্তি সংকটে গুৰুতৰ ভাৱে আঘাট হানিব।

উল্লেখ্য যে, ইউৰোপীয়ান দেশ সমূহে ইতিমধ্যেই এই সংকট ৰোধিবলৈ কেইবা বিলিয়ন খৰচ কৰিবলৈ সাজু হোৱা বুলি জনা গৈছে। জাৰ্মানীয়ে ৬৫ বিলিয়নৰ আচনি ঘোষণা কৰিছে নিজৰ নাগৰিকৰ বাবে। যি জাৰ্মানীৰ জিডিপিৰ ২.৫ শতাংশ।

ব্ৰিটেইনৰ নৱ নিযুক্ত প্ৰধান মন্ত্ৰী লিজ ট্ৰাছৰ সন্মুখতো আছে অগ্নি পৰীক্ষা। ইতিমধ্যেই আৰ্থিক সংকটত ভূগি থকা ব্ৰিটেইনত দেখা দিব শক্তি সংকটে। সংবাদ অনুসৰি, লিজ ট্ৰাছে ১০০ বিলিয়ন ইউৰোৰ ৰাজ সাহায্য আগ বঢ়াব এই শক্তি সংকটৰ সৈতে যুজিবলৈ।

যদি এনে হয় তেন্তে দেশখনে কোভিড-১৯ৰ বাবে আগবঢ়োৱা ৰাজ সাহায্যতকৈও অধিক ব্যয় কৰিব শক্তি সংকটৰ নামত। কোভিডৰ বাবে ব্ৰিটেইনে ব্যয় কৰিছিল ৩৪ বিলিয়ন ইউৰো।

russia britain