/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/ukraine-3.png)
ডিজিটেল ডেস্ক: ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ আজি সপ্তম দিন।চলি থকা যুদ্ধৰ মাজতেই ৰাছিয়াৰ বিদেশ মন্ত্ৰী চৰ্গই লাবৰোবে বুধবাৰে কয় যে যদি তৃতীয় বিশ্ব যুদ্ধ হয় তেতিয়া পাৰমাণৱিক শক্তিৰো ব্যৱহাৰ হ'ব আৰু ই বিনাশকাৰী হ'ব।ৰাছিয়াৰ সংবাদমাধ্যমত এই কথা প্ৰকাশ পাইছে।
উল্লেখ্য যে, ৰাছিয়াই প্ৰায় ১ সপ্তাহ ধৰি আক্ৰমণ কৰি গৈছে ইউক্ৰেইণক। এই সময়চোৱাত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেস্কীয়ে সহায় বিচাৰিছে আমেৰিকাৰ কিয়নো এই আক্ৰমণ বন্ধ কৰা অতি জৰুৰী।
অন্যহাতে ৰাছিয়ান সেনাই দাবী কৰিছে যে ইউক্ৰেইনৰ খেৰচন চহৰ ইতিমধ্যে তেওঁলোকে দখল কৰিছে।ৰাছিয়াৰ প্ৰতৰক্ষা মন্ত্ৰালয়ৰ প্ৰৱক্তা ইগোৰ কোনাশেনকোবয়ে কয় যে ৰাছিয়ান সেনাই দখল কৰিছে খেৰচন চহৰৰ মুখ্য স্থান।
উল্লেখ্য যে, ৰাছিয়াক বাধা দিবলৈ চেষ্টা কৰি আহিছে বিভিন্ন ৰাষ্ট্ৰই। আমেৰিকাইও ৰাছিয়াৰ ক্ষেত্ৰত বহু নিষেধাজ্ঞা জাৰি কৰিছে। আনকি আমেৰিকাৰ বিমান ক্ষেত্ৰত ৰাছিয়াৰ বিমানত নিষেধাজ্ঞা জাৰি কৰিছে । কিন্তু ইমানৰ পিছটো ৰাছিয়াই ইউক্ৰেইনত ধ্বংস কৰাৰ পন বান্ধি লৈছে।