শক্তিশালী মিছাইলেৰে ইউক্ৰেইনৰ ওপৰত আক্ৰমণ ৰাছিয়াৰ…

শক্তিশালী মিছাইলেৰে ইউক্ৰেইনৰ ওপৰত আক্ৰমণ ৰাছিয়াৰ…

author-image
asomiyapratidin
New Update
শক্তিশালী মিছাইলেৰে ইউক্ৰেইনৰ ওপৰত আক্ৰমণ ৰাছিয়াৰ…

ডিজিটেল ডেস্ক:  অব্যাহত আছে ৰাছিয়া-ইউক্ৰেইনৰ মাজত যুদ্ধ। ইয়াৰ মাজতে শুকুৰবাৰে প্ৰথমবাৰৰ বাবে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত কিঞ্জল হাইপৰছোনিক মিছাইলেৰে আক্ৰমণ কৰে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে ৰুছ সেনাই ইউক্ৰেইনৰ পশ্চিম দিশত এই মিছাইলেৰে আক্ৰমণ কৰে।

Advertisment

ৰুছ সেনাই ইয়াৰ পূৰ্বে কেতিয়াও স্বীকাৰ কৰা নাছিল যে তেওঁলোকে ইউক্ৰেইৰ ওপৰত শক্তিশালী মিছাইলেৰে আক্ৰমণ কৰিছে।কিন্তু কিঞ্জল হাইপৰছোনিক মিছাইলেৰে আক্ৰমণ কৰা বুলি ৰুছৰ সংবাদ মাধ্যমটো প্ৰকাশ পাই।

উল্লেখ্য যে, ৰাছিয়াই অব্যাহত ৰাখিছে ইউক্ৰেইনৰ ওপৰত আক্ৰমণ। ইতমধ্যে কেইবাখনো চহৰত ধ্বংসলীলা কৰিছে ৰাছিয়াই কিন্তু তাৰ পাছতো ইউক্ৰেইনে ইয়াৰ মোকাবিলা কৰি গৈছে।

ukraine russia