ৰাছিয়াই হেৰুৱাইছে মানৱতা! শিশু চিকিৎসালয়ত বিমানেৰে আক্ৰমণ…

ৰাছিয়াই হেৰুৱাইছে মানৱতা! শিশু চিকিৎসালয়ত বিমানেৰে আক্ৰমণ…

author-image
asomiyapratidin
New Update
ৰাছিয়াই হেৰুৱাইছে মানৱতা! শিশু চিকিৎসালয়ত বিমানেৰে আক্ৰমণ…

ডিজিটেল ডেস্ক: ৰাছিয়া-ইউক্ৰেইনৰ মাজত অব্যাহত আছে যুদ্ধ।ইউক্ৰেইনে অভিযোগ উত্থাপন কৰিছে যে ৰাছিয়াই মাৰিয়ুপোলাৰ এখন শিশুৰ হস্পাতালত বিমানেৰে আক্ৰমণ কৰিছে। আঞ্চলিক গভৰ্ণৰ পাভলো কিৰিলেঙ্কোৱে কয় যে ৰাছিয়াই বুধবাৰে দক্ষিণৰ চহৰসমূহৰ পৰা নাগৰিক সকলক স্থানান্তৰ কৰিবলৈ সন্মত হোৱা যুদ্ধবিৰতিৰ সময়ছোৱাত শিশু চিকিৎসালয়ত বিমান আক্ৰমণ চলাই।

Advertisment

এই আক্ৰমনত ১৭জনকৈ লোক আহত হয়, যাৰ ভিতৰত শ্ৰমিক মহিলা আছে। বিদেশ মন্ত্ৰালয়ে আক্ৰমনৰ ভিডিঅ' ছ'চিয়েল মিডিয়াৰ জৰিয়তে শ্বেয়াৰ কৰিছে।কিন্তু এই কথা অস্বীকাৰ কৰিছে ৰাছিয়াই।


— Володимир Зеленський (@ZelenskyyUa) March 9, 2022

অন্যহাতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেস্কীয়ে টুইট কৰি কয় যে  "মাৰিয়ুপোলৰ প্ৰসুতি হস্পাতালত ৰাছিয়ান সোনাৰ আক্ৰমণ।অত্যাচাৰ,  বিশ্বই কেতিয়ালৈকে এই সন্ত্ৰাসক উপেক্ষা কৰিব? হত্যা বন্ধ কৰক! আপোনাৰ শক্তি আছে, কিন্তু এনে লাগে যেন আপুনি আপোনাৰ ভিতৰৰ মানৱতা হেৰুৱাইছে।"

russia ukraine zelensky putin